Union Home Minister Amit Shah is on a three-day official visit to the North -East: তিনিদিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে উত্তৰ -পূৰ্বলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

তেজপুৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী, অংশ ল'ব গুৱাহাটীৰ কেইবাটাও কার্যসূচীত

amit shah

Union Home Minister Amit Shah is on a three-day official visit to the North -East:

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে উত্তৰ -পূৰ্বলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চুবুৰীয়া মেঘালয় ভ্ৰমণ সামৰি শুক্ৰবাৰে তেজপুৰত উপস্থিত হৈ নিশা ঐতিহাসিক মহাভৈৰৱ মন্দিৰত স্বচ্ছ ভাৰত কাৰ্যসূচী অনুসৰি সন্ধিয়া মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ স’তে মন্দিৰ চাফা কৰে ৷

উল্লেখ্য যে,বৃহস্পতিবাৰে পুৱাই গৃহমন্ত্ৰী গৰাকী বিশেষ বিমানেৰে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত উপস্থিত হয় ৷ গৃহমন্ত্ৰী গৰাকীক উস্ম আদৰণি জনাই মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷ ইয়াৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শ্বিলস্থ আছাম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত চাইবাৰ ছিকিউৰিটি অপাৰেচন চেণ্টাৰটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

আনহাতে শ্বিলঙৰ ৰাজ্যিক অধিৱেশন কেন্দ্ৰত উত্তৰ-পূব পৰিষদৰ ৭১ সংখ্যক পূৰ্ণাংগ অধিবেশনত গৃহমন্ত্ৰী শ্বাহে ভাগ লৈ নিশাটো শ্বিলতে নৈশযাপন কৰি শুক্ৰবাৰে দুপৰীয়া উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷ ৷

মনকৰিবলগীয়া যে,গৃহমন্ত্ৰীৰ মেঘালয় ভ্ৰমণৰ সময়ত সমগ্ৰ অঞ্চলটোত ন’ ফ্লাই জ’ন ঘোষণা কৰাৰ লগতে শ্বিলঙৰ ষ্টেট কনভেনচন চেণ্টাৰ আৰু আছাম ৰাইফলছ লাইট কৰ্পছত ফটোগ্ৰাফীৰ বাবে ড্ৰোনৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছিল মেঘালয় চৰকাৰে ।

আনহাতে শুক্ৰবাৰে বিয়লি গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষ বিমানেৰে তেজপুৰ উপস্থিত হৈ নিশাটো তেজপুৰত নৈশযাপন কৰি পুবাভাগত তেজপুৰৰ এছ এছ বিৰ হীৰক জয়ন্তীৰ বিশেষ কাৰ্যসূচীত অংশ লয় ৷ গৃহমন্ত্ৰী গৰাকী এছ এছ বি চৌহদ উপস্থিত হোৱাৰ পাছতে শীৰ্ষ বিষয়া সকলে উস্ম আদৰণি জনায় ৷ পাছত মুল পেৰেড গ্ৰাউণ্ড উপস্থিত হোৱা গৃহমন্ত্ৰী গৰাকীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰি এছ এছ বি জোৱান সকলৰ কুজকাৱাজৰো অভিবাদন গ্ৰহণ কৰে ৷

এছ এছ বি বিষয়া – জোৱান সকলক সম্বোধন কৰি ভাষণত অমিত শ্বাহে কয়,এছএছবি জোৱান সকলে আমাৰ আন্তৰাষ্ট্ৰীয় সীমা সুৰক্ষাৰ বাবে অতন্দ্ৰ প্ৰহৰী হৈ আহিছে ৷তেওঁলোকৰ সাহস আৰু দেশপ্ৰেম আমাৰ বাবে আদৰ্শ ৷ এছ এছ বিৰ প্ৰতিষ্ঠা দিৱস আৰু হীৰক জয়ন্তীৰ লগত ৰজিতা খুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ইতিমধ্যে বিশেষ ডাক টিকট মুকলি কৰি এছ এছ বিৰ প্ৰতি সন্মান যাছে ৷

গৃহমন্ত্ৰী গৰাকীয়ে আৰু উল্লেখ কৰে যে,এছএছ বিৰ উন্নয়নৰ বাবে গৃহ মন্ত্ৰণালয়ে ২৩৪ কোটি অনুমোদন কৰিছে । অনাগত দিনত এছএছবি বিষয়া – জোৱানৰ বাবে কেতবোৰ আঁচনি লোৱাৰ সিদ্ধান্ত লৈছে গৃহ মন্ত্ৰণালয়ে ৷ দেশৰ বাবে প্ৰাণ আহুদি দিয়া ৫১জন জোৱানৰ প্ৰতি গভীৰ শ্ৰদ্ধা ন্জলী জনায় ৷ দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ চীন,ভূটান আৰু নেপালত অহৰহ পহৰা দি থকা জোৱান সকললৈ অভিনন্দন জনাই গৃহমন্ত্ৰী গৰাকীয়ে কয়,এছ এছ বিত বিগত নটা বছৰত প্ৰায় ১ লাখ ৭৫ হাজাৰ পদ পূৰণ কৰিছে তেওঁৰ মন্ত্ৰণালয়ে ৷

ইয়াৰ পাছতেহ গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী উপস্থিত হয় ঢেকীয়াজুলিত অনুষ্ঠিত হোৱা অখিল বাথৌ মহাসভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক সন্মিলনত ৷ প্ৰায় একলাখ লোক উপস্থিত থকা বিশাল ধাৰ্মিক সভাক সম্বোধন কৰি গৃহমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে,সনাতন হিন্দু ধৰ্মৰ অন্যতম অংশ বাথৌ ধৰ্মৰ এই পবিত্ৰ স্থলীত তেওঁ উপস্থিত থাকিব পাৰি নিজকে ধন্য মানিছে বুলি কয় ৷ উত্তৰ পূৰ্বৰ উন্নয়নৰ বাবে এন ডি এ চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ ৷

আনহাতে বড়োলেণ্ডৰ উন্নয়ন তৰাম্বিত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহু ৰূপৰেখা প্ৰস্তুত কৰিছে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত বড়ো জনগোষ্ঠীৰ স্বাধীকাৰৰ বাবে প্ৰাণ আহুদি দিয়া বীৰ শ্বহীদ আৰু বড়ো জাতিৰ পিতা স্বৰূপ উপেন্দ্ৰ নাথ ব্ৰক্ষ্মক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷

আনহাতে সভাখনত উপস্থিত থকা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়,বাথৌ পূজা আৰু বড়ো জনগোষ্ঠী অসমীয়া জাতিৰ এক বৃহৎ অংশ ৷ আগন্তুক দিনত বাথৌ পূজাৰ দিনটোত ৰাজ্য চৰকাৰে ছুটি ঘোষণা কৰিব ৷আনহাতে ৰাজ্য চৰকাৰে বড়ো ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি দিছে ৷

বাথৌ মহাসভালৈ ৫০ লাখ টকাৰ সাহায্য ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ১০০০ বাথৌ থানচালিলৈ ৫ লাখকৈ টকাকৈ দিয়াৰ ঘোষণা কৰাৰ উপৰিও গুৱাহাটীৰ বাথৌ মন্দিৰ নিৰ্মাণৰ বাবে ১০ কোটি টকা দিয়াৰো ঘোষণা কৰে ৷ বিশাল সভাত স্থানীয় ঢেকীয়াজুলিৰ বিধায়ক মন্ত্ৰী অশোক সিংহাল,বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ,সাংসদ পল্লৱলোচন দাস,বিধায়ক পৃথীৰাজ ৰাভা সহ কে’বা গৰাকী বিধায়ক উপস্থিত থাকে ৷

উল্লেখ্য যে,গৃহমন্ত্ৰী শ্বাহে বিয়লী২-৩০ বজাত মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অস্থায়ী হেলিপেডত অৱতৰণ কৰি পোনে পোনে সৰুসজাই ষ্টেডিয়ামত উপস্থিত হয় ৷ গৃহমন্ত্ৰীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

উল্লেখ্য যে,অসম আৰক্ষীৰ নৱনিযুক্ত ২৫৫১ জন কমাণ্ডোৰ দীক্ষান্ত সমাৰোহত ভাগ লৈ পেৰেডত কমাণ্ডোৰ অভিবাদন গ্ৰহণ কৰে গৃহমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অৰূপ কুমাৰ দত্তই লিখি উলিওৱা মহাবীৰ লাচিত বৰফুকনৰ জীৱনভিত্তিক গ্ৰন্থ ‘আছামছ ব্ৰেভহাৰ্ট লাচিত বৰফুকন’ আৰু ২৩ টা আঞ্চলিক ভাষালৈ ইয়াৰ অনুবাদ উন্মোচন কৰিব গৃহমন্ত্ৰী গৰাকীয়ে ।

ইপিনে, অসম চৰকাৰে ইতিপূৰ্বে কামৰূপ উপায়ুক্ত কাৰ্যালয় ভাঙি সেই ভূমিত নৰূপ দি নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট উদ্যান উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ।

Exit mobile version