Indo-Russian Eastern Maritime Corridor Implementation Workshop held in Chennai:চেন্নাইত অনুষ্ঠিত হয় ভাৰত-ৰাছিয়ান পূব সামুদ্রিক কৰিড’ৰৰ কাৰ্যকৰী কৰ্মশালা

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ৰাছিয়ান ফেডাৰেচনৰ উপ-মন্ত্ৰী এনাত' লি ঘুৰিয়েভিচ বব্ৰাক' ভৰ সৈতে মত বিনিময় কৰে, ভাৰত আৰু ৰাছিয়াৰ মাজত 'বিশেষ আৰু সুবিধাপ্রাপ্ত কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাত চেন্নাই আৰু ভ্লাদিভষ্টক সংযোগী পূব সামুদ্রিক কৰিডৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব': সোণোৱাল

sarba main

Indo-Russian Eastern Maritime Corridor Implementation Workshop held in Chennai:

ভাৰত আৰু ৰাছিয়াৰ মাজত পূব সামুদ্রিক কৰিড’ৰ (ইএমচি) কাৰ্যকৰী কৰাৰ দিশত আজি চেন্নাইত এক গুৰুত্বপূৰ্ণ কাৰ্যকৰী কৰ্মশালা অনুষ্ঠিত হয়। কৌশলগতভাৱে গুৰুত্বপূৰ্ণ কৰ্মশালাখনত ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত আছিল।

ৰাছিয়াৰ প্রতিনিধি দলটোৰ নেতৃত্ব দিছিল উপ-মন্ত্রী এনাত’লি ঘুৰিয়েভিচ বব্রাক’ভে। কর্মশালাখনত দুয়োগৰাকী নেতাই মত বিনিময় কৰাৰ লগতে বিভিন্ন বিষয়ত আলোকপাত কৰে।

চেন্নাই বন্দৰ কৰ্তৃপক্ষই আয়োজন কৰা এই কৰ্মশালাত নীতি প্রস্তুতকর্তা, নিয়ন্ত্রক, উদ্যোগৰ নেতৃবৃন্দৰ দৰে গুৰুত্বপূৰ্ণ অংশীদাৰসকলে অংশগ্রহণ কৰে, যিয়ে দুয়োখন দেশৰ কয়লা, খাৰুৱা, এলএনজি, সাৰ, কন্টেইনাৰ কাৰ্গ’, সাগৰীয় বন্দৰ আৰু টার্মিনেলৰ দৰে খণ্ডক প্রতিনিধিত্ব কৰে।

ভাৰত আৰু ৰাছিয়াৰ মাজত হোৱা চুক্তি অনুসৰি কর্মশালাখন আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে যোৱা বছৰ ৰাছিয়া ভ্ৰমণৰ সময়ত ভ্লাদিভষ্টকত পূব সামুদ্রিক কৰিড’ৰ সম্বন্ধীয় ভাৰত-ৰাছিয়া ৰাউণ্ডটেবুলত অংশগ্রহণ কৰিছিল। কর্মশালাখনত পাৰস্পৰিক বাণিজ্যৰ সম্ভাৱনা আৰু সুযোগ অন্বেষণ কৰাৰ লগতে ৰাছিয়া আৰু ভাৰতৰ মাজত পৰিবহণ তথা লজিষ্টিক দিশ সম্পর্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ অৱতাৰণা হয়।

পূব সামুদ্রিক কৰিড’ৰে বৰ্তমানৰ ৪০ দিনৰ তুলনাত ভাৰত আৰু ৰাছিয়াৰ সুদূৰ-পূব অঞ্চলৰ বন্দৰৰ মাজত কাৰ্গ’ পৰিবহনৰ বাবে প্ৰয়োজনীয় সময় ১৬ দিনলৈকে হ্রাস কৰিব বুলি অনুমান কৰা হৈছে।

কর্মশালাত ভাষণ প্ৰদান কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “ভাৰতৰ উন্নয়ন এতিয়া অভূতপূর্ব গতিত বৃদ্ধি পাইছে। দেশৰ প্ৰগতিৰ নৱজাগৰণৰ এই গুৰুত্বপূৰ্ণ সময়ত ভাৰতৰ সামুদ্রিক খণ্ডৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ ।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰতৰ সামুদ্রিক খণ্ডই ইয়াৰ গৌৰৱময় অতীত পুনৰ ঘূৰাই আনিছে আৰু আধুনিকীকৰণ, উদ্ভাৱন তথা গৱেষণাৰ সহায়ত বন্দৰ নেতৃত্বাধীন ঔদ্যোগিকৰণত ইন্ধন যোগাবলৈ সংযোগ বৃদ্ধি কৰিছে।

ভাৰতৰ সামুদ্রিক খণ্ডই মোদীৰ কল্পনা অনুসৰি নীল অর্থনীতি, ২০৪৭ৰ দৃষ্টিভংগী প্ৰাপ্ত কৰাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িছে। দেশলৈ অধিক অর্থনৈতিক সমৃদ্ধি অনাৰ বাবে ভাৰতে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰায় পর্যায়ত সামগ্রিক উন্নয়ন, পাৰস্পৰিক সহযোগিতা বৃদ্ধি আৰু ব্যক্তিগত অংশীদাৰিত্বৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে।

ভাৰত আৰু ৰাছিয়াৰ মাজত ‘বিশেষ আৰু সুবিধাপ্রাপ্ত কৌশলগত অংশীদাৰিত্ব’ই চেন্নাইত থকা ভাৰতৰ পূব উপকূল আৰু ৰাছিয়াৰ ভ্লাদিভষ্টকৰ সুদূৰ পূব উপকূলৰ মাজত পূব সামুদ্রিক কৰিড’ৰৰ কাৰ্যকৰীকৰণেৰে প্ৰগতি আৰু বিকাশৰ এক নতুন দিগন্তৰ সূচনা কৰিব।

এই পদক্ষেপে ভাৰতৰ পূব উপকূলৰ বাবে বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিব। ইয়াৰ ফলত কেৱল পৰিবহণ ব্যয় আৰু সময় ৰাহি হোৱাই নহয়, লগতে দুয়োখন দেশৰ নাবিকসকলৰ মাজত ঘনিষ্ঠ সহযোগিতাই দক্ষতা বৃদ্ধি কৰিব আৰু উন্নত অর্থনৈতিক সম্ভাৱনাৰ পথ গঢ়ি তুলিব। মই আশা আৰু বিশ্বাস কৰোঁ যে পূব সামুদ্রিক কৰিড’ৰৰ কাৰ্যকৰীকৰণৰ জৰিয়তে ভাৰতীয় নাবিকসকলো অধিক দক্ষ, সক্ষম আৰু অত্যাধুনিকভাৱে প্রশিক্ষিত হ’ব।”

ৰাছিয়ান ফেডাৰেচনৰ উপ-মন্ত্ৰী এনাতলি যুৰিয়েভিচ বব্ৰাক’ভে আজি ভাৰত আৰু ৰাছিয়াৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কৰ লাভালাভৰ সন্দর্ভত আলোকপাত কৰে। ৰাছিয়াৰ সুদূৰ প্ৰাচ্যৰ উন্নয়নৰ দিশত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দৃঢ় সংকল্পৰ বিষয়েও তেখেতে দোহাৰে। বজ্ৰাক’ভে কয়, “ৰাছিয়াৰ তেল আৰু গেছ খণ্ডত ইতিমধ্যে ১৩০ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক বিনিয়োগ হৈছে।

ৰাছিয়াই ভাৰতক ইয়াৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গণ্য কৰে আৰু বর্ধিত বাণিজ্যিক সম্পৰ্কৰ জৰিয়তে দ্বিপাক্ষিক সম্পর্ক অধিক গভীৰ কৰাৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি আছে।” তেখেতে চেন্নাইত অনুষ্ঠিত ভাৰত-ৰাছিয়া কৰ্মশালাৰ যোগাত্মক ফলাফলৰ সন্দৰ্ভতো অনুভৱ ব্যক্ত কৰে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি কে ৰামচন্দ্ৰন, চেন্নাই আৰু কামৰাজৰ বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ সুনীল পালিৱাল, চেন্নাইস্থিত ৰাছিয়ান ফেডাৰেচনৰ কনচুল জেনেৰেল ওলেগ অৱদীভ, চেন্নাই বন্দৰ কৰ্তৃপক্ষৰ উপাধ্যক্ষ এছ বিশ্বনাথন প্রমুখ্যে অন্যান্য বিষয়াসকল আৰু প্ৰতিনিধিবর্গ আজিৰ এই গুৰুত্বপূর্ণ অনুষ্ঠানত উপস্থিত থাকে।

Exit mobile version