Fourth Btr Agreement Day:শান্তি চুক্তিৰ বৰ্ষপুৰ্তিৰ দিনটোতেই গৰজি উঠিল প্ৰাক্তন এনডিএফবি

শান্তি চুক্তি স্বাক্ষৰ হ'ল যদিও শান্তি প্ৰতিষ্ঠা নহ'ল

ndfb

Fourth Btr Agreement Day:

চতুৰ্থ বিটিআৰ চুক্তি দিৱস পালন কৰাৰ দিনটোতে ওদালগুৰিত গৰজি উঠিল একাংশ প্ৰাক্তন এনডিএফবিৰ। শান্তি চুক্তিৰ দিনটোতেই প্ৰতিবাদত নামিল একাংশ প্ৰাক্তন এনডিএফবি নেতা-সদস্য। আজি বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ চতুৰ্থ বৰ্ষপুৰ্তিৰ দিনটোত প্ৰাক্তন এন ডি এফ বি ঐক্য মঞ্চৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ক’লা দিৱস পালন কৰাৰ লগতে একাংশ এন ডি এফ বিৰ প্ৰাক্তন নেতা সদস্যই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ৰঞ্জন দৈমাৰীৰ লগতে কাৰাবন্দী এন ডি এফ বি নেতা সকলক মুক্তি দিয়া , প্ৰাক্তন এন ডি এফ বি সকলক উপযুক্ত পুনৰ সংস্থাপন দিয়া আৰু শ্বহীদ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনায়।

প্ৰতিবাদত ঐক্য মঞ্চৰ সাংগঠনিক সম্পাদক বি বৌহিবাইথাই বিটিআৰ চুক্তিৰ জড়িয়তে পৃথক বড়ো ৰাজ্যৰ দাবী নস্যাৎ কৰা বুলি ক্ষোভ প্ৰকাশ কৰি বড়ো ৰাইজৰ বাবে এইটো আনন্দৰ দিন নহয় বৰঞ্চ কলা দিন হিচাপেহে অভিহিত কৰে। তেও কয় যে- এন ডি এফ বিক বিপথে পৰিচালিত কৰি এবছুৱে এই চুক্তি কৰিলে।

শান্তি চুক্তি হ’ল যদিও চাৰিবছৰে বি টি আৰলৈ শান্তি ঘুৰি নাহিল। আজিও ৰঞ্জন দৈমাৰীৰ লগতে কেবাজনো এন ডি এফ বি নেতা কাৰাগাৰতে থাকিব লগা হ’ল। সকলো প্ৰাক্তন এন ডি এফ বিৰ পুনৰ সংস্থাপন নহ’ল। শ্বহীদ পৰিয়ালসমূহেও আৰ্থিক সাহাৰ্য পোৱা নাই। এনেবোৰ কাৰণতে চুক্তি স্বাক্ষৰিত হ’ল যদিও শান্তি প্ৰতিস্থা নহ’ল।

চুক্তিৰ পিছত বন্দুকৰ সংগ্ৰাম খনহে বন্ধ হ’ল কিন্তু বড়ো ৰাইজৰ আশা আকাংক্ষা পুৰণ নহ’ল। এই চুক্তিৰ জড়িয়তে বড়ো ৰাইজৰ সপোণৰ পৃথক বড়ো ৰাজ্যৰ দাবীক নস্যাৎ কৰি পেলোৱা হ’ল। সেয়েহে এই দিনটো আমাৰ বাবে ক’লা দিন। তেও লগতে বড়ো ৰাইজৰ আশা আকাংশা পুৰণত চুক্তি খনে ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে।

আজিৰ এই প্ৰতিবাদত প্ৰাক্তন এন ডি এফ বি ঐক্য মঞ্চৰ ওদালগুৰি জিলা সমিতিৰ মুখপাত্ৰ ডি হাৰিমুৰ লগতে বহু কেইগৰাকী প্ৰাক্তন এন ডি এফ বি নেতা উপস্থিত থাকে।

Exit mobile version