Nagaon Prominent Social Worker Bulu Bora Passes Away:
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ভেৰভেৰী নেধাৰ গাৱৰ নিবাসী বিশিষ্টা সমাজকৰ্মী তথা সৰবৰহি মহিলা বুলু বৰাৰ দেহাৱসান ৷
বয়োবৃদ্ধ বুলু বৰা শাৰিৰীক অসুস্থতাৰ বাবে কিছুদিন পূৰ্বে দিল্লীৰ মেক্স হাস্পতালত চিকিৎসাধীন হৈ আছিল । পাছত সুস্থ হৈ পুনৰ নিজ গৃহলৈ উভতি আহে ৷ বৃহস্পতিবাৰে বহুমুত্ৰ ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰে ৷
নেমকেয়াৰত চিকিৎসাধীন অৱস্থাতে শুক্ৰবাৰে পুৱা ৬-৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৯ বছৰ ৷ মৃত্যুৰ সময়ত সৰবৰহী বৃদ্ধা গৰাকীয়ে ইহসংসাৰত এৰি যায় চাৰি পুত্ৰ, এগৰাকী জীয়ৰী, নাতি- নাতিনী সহ আত্মীয়সৰ্জন ৷
সৰবৰহী বুলু বৰাই বিভিন্ন সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ স’তে জড়িত আছিল ৷ তেখেতৰ মৃত্যুত ভেৰভেৰী নেধাৰ গাঁৱত গভীৰ শোকৰ ছাঁ পৰে ৷ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে বুলু বৰাৰ মৃত্যু শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাই ৷