Against Caa:এসপ্তাহৰ ভিতৰত বলবৎ হ’ব ‘কা’

কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ দল- সংগঠন, মুখ্যমন্ত্ৰী - ভূপেন বৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া

against caa

Against Caa:

পশ্চিমবংগৰ জনসভাত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে ‘কা’ বলবৎ হ’ব বুলি কোৱাৰ পাচতে জাঙুৰ খাই উঠিছে টাই আহোম ছাত্ৰ সন্থ আৰু ৰাইজৰ দল সহ বিভিন্ন দল-সংগঠন ৷ একেদৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাই আগবঢ়াইছে বক্তব্য ৷

মুখ্যমন্ত্ৰীয়ে কয়,কা’সন্দৰ্ভত এতিয়াও আমি কোনেও একো ক’ব নোৱাৰো ৷ কিয়নো কা’ বিষয়টো এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰধীন ৷ যদি কা’ৰ সপক্ষে আদালতে ৰায় দিয়ে ৷ তেন্তে সেইয়া চৰকাৰে মানি ল’বলৈ বাধ্য । একেদৰে চৰকাৰৰ সপক্ষে ৰায় দিয়ে তেন্তে সেইয়া কা’ বিৰোধী দল – সংগঠনে মানি ল’ব ৷

আনহাতে এপিচিচিৰ সভাপতি ভূপেন বৰাই কয়, কা’বলবৎ হোৱা মানে বিজেপি নি:শেষ ৷ এই দল আগন্তুক দিনত নিচ্ছিন্ন হ’ব অসমৰ ৰাজনীতি ক্ষেত্ৰ খনত ৷
ইফালে শিৱসাগৰত ৰাইজৰ দল আৰু টাই -আহোম ছাত্ৰ সন্থায়ো কা’ৰ বিৰুদ্ধে পুনৰ গৰজি উঠে ৷ কোনো ক্ষেত্ৰতে অসমত কা’ বলবৎ হ’ব দিয়া নহয় বুলি হুংকাৰ দিয়ে সংগঠন দুটাৰ নেতৃবৰ্গই ৷

Exit mobile version