Meidammeiphi Celebration In Assam: আজি ৰাজ্যজুৰি মে-ডাম-মে ফি

মহানগৰ সহ শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ চৌহদত আয়োজন মে-ডাম-মে-ফিৰ

medammefi 1

Meidammeiphi Celebration In Assam:

আজি মে-ডাম-মে ফি। আহোম সম্প্রদায়ৰ উপৰিপুৰুষ পুলিন পুথাওসকলক টাই আহোমৰ ৰীতি-নীতিৰে স্মৰণ কৰা এক পবিত্র দিন।

পৰম পৰাক্ৰমী আহোমসকলে আজিৰ দিনটোতেই দেশ জাতি, স্বজাতি কুশলে থাকিবলৈ তেঁওলোকৰ উপৰিপুৰুষৰ লগতে প্ৰকৃতিৰ সৃষ্টিকর্তা, নদ-নদী, পাহাৰ-ভৈয়াম, বিদ্যাৰ আধিকাৰিকে ধৰি ন জন অধিকতালৈ অর্পন আগবঢ়াই স্মৰণ কৰে।

অপশক্তি আঁতৰিবলৈ অৰ্পন কৰা হয় বিভিন্ন নৈবদ্যৰ লগতে পৰম্পৰাগত পনীয় । গুৱাহাটী মহানগৰীৰ নটবমা টাই মন্দিৰ সহ ৰাজ্যৰ ভিন্ন স্থানত আহোম সম্প্রদায়ৰ ৰাইজে জে পালন কৰে মে-ডাম-মে ফি ৷

মহানগৰীৰ নটবমা টাই মন্দিৰৰ মে-ডাম-মে-ফিৰ বিশেষ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে ৰাজ্যপাল গোলাবচান্দ কাটাৰীয়াই ৷

একেদৰে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ চৌহদত বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হয় মে-ডাম-মে-ফিৰ ৷ পুৱাতে ধর্মীয় নিয়ম অনুসৰি উপৰিপুৰুষ পুলিন পুথাওসকলক পূজাঅৰ্চনা কৰা হয় ৷তাৰ পাছতে আয়োজন কৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৷

আনহাতে নগাঁৱৰ বৃহত্তৰ কামপুৰ আহোম সমাজে অয়োজন কৰে মে-ডাম-মে ফীৰ উপলক্ষ্যত বিভিন্ন কাৰ্যসূচীৰ ৷

ধেমাজীটো আহোম সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগতভাৱে পালন কৰে মে-ডাম-মে ফীৰ ভিন্ন কাৰ্যসূচী ৷

Exit mobile version