Interim Budget 2024 : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট

সংসদত বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে ক’লে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ বিকাশ দ্ৰুতগতিত আগবাঢ়িছে

nirmala1

Interim Budget 2024 :

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত আজি পুৱা ১১ বজাত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে। অন্তৱৰ্তীকালীন বাজেটখন খন দাখিলৰ পূৰ্বে প্ৰথমে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনায় ৷

ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট ৷ এই কেবিনেট বৈঠকে বাজেটক জনায় অনুমোদন ।

উল্লেখ্য যে,বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে,নিৰ্বাচনৰ পিছত নতুন চৰকাৰে দায়িত্ব লৈ পূনাংগ বাজেট দাখিল কৰিব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৱৰ্তীকালীন বাজেট সদনত দাখিল কৰি তেওঁৰ বাজিট ভাষণত কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিগত দহ বছৰত দেশত ইতিবাচক দিশত অগ্ৰগতিৰ দিশত আগবাঢ়ি গৈছে ৷

সবকা সাথ আৰু সবকা বিকাশ’ এই চৰকাৰৰ মৌলিক মন্ত্ৰ বুলিও উল্লেখ কৰি বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, মোদী চৰকাৰৰ অধীনত কৰ্মসংস্থাপন আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত যথেষ্ট সূযোগ আহিব ৷

ক’ৰোনাৰ পিছত অৰ্থনীতি দেশৰ উন্নত দ্ৰুতগতিত বৃদ্ধি পাইছে। মানুহে নতুন কৰ্মসংস্থাপনৰ সুযোগ পোৱাৰ লগতে মোদী চৰকাৰে যুৱ দেশৰ আকাংক্ষা পূৰণ কৰিছে ৷

দেশত ৭ খন আই আই টি , ১৫ খন এইমছ, সাত খন আইআই এম , ৩৯০ বিশ্ববিদ্যালয় স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷ একেদৰে স্থাপন হ’ব নতুন ৰে’ল ক’ৰিডৰ৷ নিৰ্মাণ হ’ব ৪৯হাজাৰ নতুন ৰে’ল ডবা ৷ন ন চহৰলৈ মেট্ৰ’ৰে’লৰ সম্প্ৰসাৰণ কৰা হ’ব বুলি বিত্তমন্ত্ৰী গৰাকীয়ে বাজেট ভাষণত মন্তব্য কৰে ৷

নিৰ্মলা সীতাৰমণে ভাষণত আৰু কয় যে,আমাৰ প্ৰধান চাৰিটা জাতি আছে ৷সেই কেইটা হ’ল’মহিলা, যুৱ, গৰীৱ, কৃষক ৷ এই চাৰিটা জাতিৰ কল্যাণেই হৈছে আমাৰ প্ৰধান অগ্রাধিকাৰ ৷

আন এক প্ৰসংগত কয়, ‘গৰীৱ কল্যাণেই দেশৰ কল্যাণ ৷ ২৫ কোটি জনতা বহুমাত্রিক দৰিদ্ৰতাৰ পৰা ইতিমধ্যে মুক্ত হৈছে ৷আনহাতে ,জনধন একাউণ্টতইতিমধ্যে জমা হৈছে ২.৭ লাখ কোটি টকা৷

মন্ত্ৰী গৰাকীয়ে আৰু কয় যে,আমাৰ মন্ত্ৰ ছেকুলাৰৰিজিম ইন এক্সন ৷ ‘সামাজিক ন্যায়, ৰাজনৈতিক শ্ল’গান হ’ব নোৱাৰে৷ পৰিবাৰবাদ, ভাই-ভতিজাবাদ শেষ হ’ব লাগিব বুলি আওপকীয়াকৈ গান্ধী পৰিয়ালক কটাক্ষ কৰে ৷

নিৰ্মলা সীতাৰমণে কয়, কৃষকসকল আমাৰ অন্নদাতা তেওঁলোকৰ উৎপাদিত খাদ্যৰে আমি ভোগ নিবাৰণ কৰোঁ ৷ এনেক্ষেত্ৰত গৰীৱ কল্যাণৰ বাবে বিজেপি চৰকাৰ বদ্ধপৰিকৰ ৷আগন্তুক নিৰ্বাচনত আমি পুনৰ অভূতপূর্ব জনাদেশ লাভ কৰিম৷

ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবেই উন্নয়নৰ আঁচনিয়ে সৰ্বস্তৰক সামৰিছে ৷ সর্বাংগীন, সর্বস্পর্শী, সর্বসমাৱেশী নীতি চৰকাৰৰ ৷ ইয়াৰ বাবে ৮০ কোটি জনতাৰ বাবে ৰেচন কার্ড দিয়া হৈছে ৷ এনেবোৰ জনহিতকৰ কামৰ বাবেই ২০৪৭ৰ ভিতৰত বিকশিত ভাৰত হ’ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এক কোটি ঘৰে সৌৰশক্তিৰ জৰিয়তে প্ৰতিমাহে লাভ কৰিব ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ । এই আঁচনিৰ ফলস্বৰূপে ১৫-১৮ হাজাৰ টকা সঞ্চয় হ’ব।

আনহাতে ই-বাহনৰ চাৰ্জিঙৰ বাবে বৃহৎ পৰিসৰৰ ইনষ্টলেচন হ’ব। এইক্ষেত্ৰত যথেষ্ট সুবিধা লাভ কৰিব বিক্ৰেতাসকলে ৷ইপিনে, ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত আশা, অংগনৱাড়ী কৰ্মী আৰু সেৱিকাকো স্বাস্থ্যৰ চিকিৎসাকো সাদৰি লোৱা হ’ব । তদুপৰি অংগনৱাড়ী কেন্দ্ৰসমূৰ ব্যাপক উন্নীতকৰণ কৰা হ’ব বুলিও বাজেটত উল্লেখ কৰে ৷

আগন্তুক পাঁচ বছৰত দুই কোটি পৰিয়ালক দিয়া হ’ব চৰকাৰী ঘৰ ৷ আনহাতে ভাড়াতীয়া হিচাপে থকা লোকসকলকো দিয়া হ’ব ঘৰ । আগন্তুক দিনত দেশৰ এককোটি বাইদেউ লাখপতি বাইদেউ হ’ব বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে কয়, ৯ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীক বিনামূলীয়াকৈ দিয়া হ’ব টিকাকৰণ

Exit mobile version