AHSEC Will Provide Photo-Signatures Of Higher Secondary Candidates:উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ ফটো-স্বাক্ষৰ যোগান ধৰিব সংসদে

ahsec

AHSEC Will Provide Photo-Signatures Of Higher Secondary Candidates:

অহা ২০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পূর্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রকাশ কৰা নীতি-নির্দেশনা বিশেষ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

এই নীতি-নির্দেশনাত পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব লাগিব তাৰ উল্লেখ কৰা হৈছে। এইবোৰৰ ভিতৰত প্ৰকৃত পৰীক্ষাৰ্থীৰ অন্যতম গুৰুত্বপূর্ণ বিবেচিত হৈছে। নির্দেশনাবলীৰ ভিতৰত এটা হ’ল পৰীক্ষাৰ্থীৰ ফটো সম্বলিত এটেন্ডেন্স শ্বিট, পৰীক্ষার্থীৰ স্বাক্ষৰ পৰীক্ষা কেন্দ্রলৈ প্রেৰণ। পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্রাপ্ত বিষয়ালৈ শিক্ষা সংসদে এই নথি প্রেৰণৰ মূল কাৰণ হ’ল ভুৱা পৰীক্ষার্থী চিনাক্তকৰণ।

শিক্ষা সংসদৰ সূত্ৰত প্রকাশ যে প্রকৃত পৰীক্ষাৰ্থী গৰাকীৰ হৈ আনে পৰীক্ষাত বহাৰ অভিযোগ সংসদে লাভ কৰি আহিছে। ভুৱা পৰীক্ষার্থী ধৰাও পৰিছে।

ইপিনে, আন বিভিন্ন পৰীক্ষাতো প্রকৃত পৰীক্ষাৰ্থীৰ বিপৰীতে আনে পৰীক্ষা দিয়াৰ ঘটনা সঘনে সংঘটিত হৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পৰীক্ষাৰ্থীৰ ফটো সম্বলিত নথি শিক্ষা সংসদে পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ আগতীয়াকৈ প্রেৰণ কৰিব।

এই সন্দৰ্ভত শিক্ষা সংসদৰ শীর্ষ সূত্রই কয় যে পর্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্রহণ সত্ত্বেও ভুৱা পৰীক্ষার্থী পৰীক্ষাত বহাৰ অভিযোগ প্রায়ে লাভ কৰা হয়। পৰীক্ষা ব্যৱস্থাত সুৰুঙা উলিয়াই এনে কাণ্ড সংঘটিত কৰাৰ থল থাকে।

বিশেষকৈ ভিতৰুৱা কোনো কোনো অঞ্চলৰ এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠে। অভিযোগৰ ভিত্তিত পৰীক্ষাৰ দায়িত্বত থকাসকলক সোধা উত্তৰ পোৱাৰ সম্ভাৱনা একেবাৰে কম।

সেইবাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থাটোত নতুনকৈ কেতবোৰ নিয়ম সংযোজন কৰা হৈছে ৷ বিশেষকৈ পৰীক্ষার্থীৰ নামৰ বিপৰীতে ফটো আৰু চহী শিক্ষা সংসদৰ কার্য কিছু বাঢ়িব যদিও, শুদ্ধতা পোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি হ’ব।

ইয়াৰ উপৰিও পৰীক্ষাক লৈ আন কে’বাটাও পদক্ষেপ শিক্ষা সংসদে গ্ৰহণ কৰিছে । সেই অনুসৰি এডমিট কার্ড দেখুৱাইহে পৰীক্ষার্থীয়ে পৰীক্ষা কেন্দ্রত প্রবেশ কৰিব পাৰিব। অথবা কেন্দ্রটোৰ ভাৰপ্রাপ্ত বিষয়াৰ কোনো চিনাকি ব্যক্তিয়ে পৰীক্ষার্থী গৰাকীক চিনাক্ত কৰিব লাগিব।

ইপিনে, ব্যক্তিগত খণ্ডৰ তথা প্রাইভেট শিক্ষানুষ্ঠানৰ পৰীক্ষার্থীকো ভাৰপ্রাপ্ত বিষয়াৰ চিনাকি কোনো দায়বদ্ধ লোকে চিনাক্ত কৰি দিবই লাগিব। ইপিনে, পৰীক্ষাৰ নিৰাপত্তাৰ দিশটো অধিক কঠোৰ কৰিবলৈও আৰক্ষীক আহ্বান জনোৱ হৈছে।

উল্লেখ্য যে এই পৰীক্ষাৰ নামত একাংশ পৰীক্ষার্থীয়ে ব্যাপক হাৰত আইন উলংঘা কৰি আহিছে। আৰক্ষী- অর্ধসামৰিক বাহিনীৰ নিৰাপত্তা ব্যৱস্থাক অংগুষ্ঠ দেখুবাই নকল যোগানকে ধৰি বিভিন্ন অনিয়ম সংঘটিত কৰে।

সেয়া ৰোধ কৰাটো এই পৰীক্ষা ব্যৱস্থাৰ হ’ল এক বৃহৎ প্রত্যাহান। ইয়াৰ বাবেই পৰীক্ষা কেন্দ্রত থকা স্থায়ী ব্যৱস্থাৰ বিপৰীতে অস্থায়ীভাবে পৃথক অনামায় বাৱস্থা গঢ়ি তোলাটো বাধ্যতামূলক কৰা হৈছে।

অস্থায়ী এই ব্যৱস্থা আকৌ সম্পূর্ণ ঢাকিও সাজিব নোৱাৰিব। এইবোৰৰ মাজতে পৰীক্ষার্থীৰ পয়োভৰ হ’ল এক অতি জটিল প্রত্যাহ্বান

Exit mobile version