Akhil Gogoi Spech In Assam Assembly:আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিন

মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ চফৰত গৰজি উঠে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ

akhil gogoi

Akhil Gogoi Spech In Assam Assembly:

আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিন ৷ সদনত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ চফৰৰ ওপৰত গৰজি উঠে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা দিনত উৰাজাহাজত খৰছ কৰে ৫ লাখ ৮৫ হাজাৰ ২৩৩টকা ৷ অসমৰ ইতিহাসত আটাইতকৈ Enjoy কৰা মুখ্যমন্ত্ৰীৰ নাম হিমন্ত বিশ্ব শৰ্মা বুলি কটাক্ষ কৰে গগৈয়ে ৷

এজন বৃদ্ধক এমাহত ২৫০টকা আৰু বিধৱাক ৩০০ টকা বৃদ্ধ পেঞ্চন দিয়া মুখ্যমন্ত্ৰীয়ে দৈনিক হেলিকপ্টাৰত খৰছ কৰে প্ৰায় ৬লাখ টকা বুলি উল্লেখ কৰি ৰাইজৰ দলৰ বিধায়ক গৰাকীয়ে আৰু কয়,আঢ়ৈ বছৰত হেলিকপ্টাৰত ৫৮ কোটি ২৩ লাখ ৭১০৪ টকা খৰছ৷

আনহাতে,২০২১-২২ বৰ্ষত ১০ কোটি ৮১ লাখ টকা,২২-২৩ ত ৩৪ কোটি ১ লাখ টকা,২০২৩-২৪ৰ ১৪ কোটি ২লাখ ৩১৩টকা খৰছ কৰিছে ৷

অসমৰ ইতিহাসত আটাইতকৈ ভোগ কৰা মুখ্যমন্ত্ৰীয়েই হিমন্ত বিশ্ব শৰ্মা ৷ ৰাইজৰ ধনেৰে ব্যাপক ৰূপত হেলিকপ্টাৰত খৰছ কৰিছে ৷ আনকি ব্যক্তিগত বাগানলৈ যাওঁতেও হেলিকপ্টাৰত যায় মুখ্যমন্ত্ৰী বুলি মন্তব্য কৰে অখিলে ৷

তেওঁ মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰি কয়,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জু-ৰোডৰ ঘৰৰ পৰা বিধানসভালৈ হেলিকপ্টাৰত অহা ঐতিহাসিক দিনটো চাবৰ বাবে আমি অপেক্ষা কৰিছোঁ’ ৷ তেনেকুৱা দিন এটা শীৰ্ঘেই আহিব ৷

Exit mobile version