Vice-President will arrive in Assam on February 10:১০ ফেব্ৰুৱাৰীত অসমলৈ আহিব দেশৰ উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণক লৈ তৎপৰ মহানগৰ প্ৰশাসন, দুদিনৰ বাবে গুৱাহাটীৰ পদপথৰ দোকান-পোহাৰ বন্ধৰ নির্দেশ !

vice president

Vice-President will arrive in Assam on February 10:

কেইবাটাও কাৰ্যসূচীৰে দহ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড় ৷
ৰাজ্যসভাৰ সভাপতি গৰাকীৰ অসম আগমনক লৈ তৎপৰ হৈ পৰিছে মহানগৰ প্ৰশাসন ৷ দুদিনৰ বাবে মহানগৰৰ কেতবোৰ সদাব্যস্ত অঞ্চলৰ পদপথত থকা দোকান-পোহাৰ বন্ধৰ নির্দেশ দিয়ে কামৰূপ মহানগৰ প্ৰসাসনে ৷

সেই অনুসৰি জালুকবাৰীৰ পৰা খানাপাৰালৈ , কাহিলিপাৰাৰ পৰা লালগণেশলৈ থকা পথছোৱাৰ পদপথত থকা দোকান – পোহাৰ বহুওৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷

উল্লেখ্য যে,১০ ফেব্ৰুৱাৰীত কাহিলিপাৰাৰ দশম আৰক্ষী ছাউনীত উপ-ৰাষ্ট্ৰপতিৰ গৰাকীয়ে এক বিশেষ কার্যসূচীত অংশ লোৱাৰ লগতে ৰঙিয়াত অনুষ্ঠিত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ অধিৱেশনতো ভাগ লোৱা কথা ৷

ইতিমধ্যে,উপ-ৰাষ্ট্ৰপতিৰ গুৱাহাটী আগমনকলৈ কামৰূপ মহানগৰ জিলা আয়ুক্ত কার্যালয়ত এক বৈঠক অনুষ্ঠিত কৰি কেতবোৰ সিদ্ধান্ত লোৱা হয় ৷ এই বৈঠকতে পদপথত দোকান – পোহাৰ বহুওৱাত বাধাৰোপৰ সিদ্ধান্ত লোৱা হয়।

Exit mobile version