Assam Budget Update:অসম বিধানসভাত বিত্তমন্ত্ৰীৰ বাজেট দাখিল

বাজেট প্রাক্ কলনত ৰাজ্যখনৰ একত্রীকৃত নিধিত মুঠ ১,৪৩,৬০৫.৫৬ কোটি টকাৰ প্ৰাপ্তি প্রদর্শন, ১,১১,৯৪৩.৮৪ কোটি টকা ৰাজহ শিতানত, ৩১,৬৬১.৭৩ কোটি টকা মূলধনী শিতানত

neugbaa

Assam Budget Update:

আজি দিনৰ দুই বজাত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰে ২০২৪-২৫ ৰ পূনাংগ বাজেট।

বাজেটত বিত্তমন্ত্ৰী গৰাকীয়ে ২০২৪-২৫ বৰ্ষৰ বাজেট প্রাককলনত ৰাজ্যখনৰ একত্রীকৃত নিধিত মুঠ ১,৪৩,৬০৫.৫৬ কোটি টকাৰ প্ৰাপ্তি প্রদর্শন কৰা হৈছে বুলি উল্লেখ কৰে ৷ ইয়াৰে ১,১১,৯৪৩.৮৪ কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা ৩১,৬৬১.৭৩ কোটি টকা মূলধনী শিতানত।

আনহাতে ৰাজহুৱা শিতানৰ ১,৪৪,৫৫০,০৮ কোটি টকা আৰু উপনিমিত্ত (Contingency) পুঁজিৰ অধীনৰ ২,০০০,০০ কোটি টকা যোগ হোৱাৰ পিছত সৰ্বমুঠ আদায়ৰ পৰিমাণ হ’ব ২,৯০,১৫৫.৬৫ কোটি টকা।

ইয়াৰ বিপৰীতে ২০২৪-২৫ বৰ্ষত ৰাজ্যখনৰ একত্রীকৃত নিধিৰ পৰা সৰ্বমুঠ ব্যয়ৰ পৰিমাণ ১,৪৩,৮৯০.৬২ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে: ইয়াৰে ৰাজহ শিতানত ১,১০,০৯১.৮৬ কোটি টকা আৰু মূলধনী শিতানত ৩৩,৭৯৮.৭৬ কোটি টকা।

ৰাজহুৱা শিতানত হোৱা ব্যয় ১,৪২,৬৭০.০৯ কোটি টকা আৰু উপনিমিত্ত (Contingency) পুঁজিৰ অধীনত ২,০০০.০০ কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্রাককলনত ব্যয়ৰ পৰিমাণ হ’ব ২,৮৮,৫৬০.৭১ কোটি টকা।

একেদৰে বছৰটোত হোৱা প্রাককলনিত লেনদেনৰ বাবদ আনুমানিক ১,৫৯৪.৯৪ কোটি টকা ৰাহি হ’ব বুলি উল্লেখ কৰি বছৰটোৰ আৰম্ভণি ঘাটি ২,৩৬৯.৪১ কোটি টকাৰ হিচাব মিলালে ২০২৪-২৫ বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ ৭৭৪.৪৭ কোটি টকা হ’ব।

Exit mobile version