CM Has Issued a Strong Warning To Those Living In Manipur:১৯৬১ৰ পাছত মণিপুৰলৈ আহি বসবাস কৰাসকললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি

শীৰ্ঘেই কৰা হ'ব নির্বাসিত

biren singh

CM Has Issued a Strong Warning To Those Living In Manipur:

চুবুৰীয়া মণিপুৰত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি ৷ বিগতবৰ্ষত সংঘটিত হোৱা হিংসাত্মক ঘটনাত শতাধিক লোক হতাহতৰ লগতে কে’বা শতাধিক লোক আহত হোৱাৰ পাছত পৰৱৰ্তী সময়ত ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল যদিও পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে ৷ যাৰ ফলস্বৰূপে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে ৷

অশান্ত মণিপুৰত আৰক্ষী,বিএছএফ, অসম ৰাইফলছৰ পাছত এইবাৰ ইণ্ডিয়ান ৰিজার্ভ বেটেলিয়নক আক্রমণৰ লক্ষ্য কৰি ল’লে উন্মত্ত জনতাই। আৰক্ষী সূত্ৰই জনোৱা মতে, কালি ৰাজধানী ইম্ফল চিংগাৰেল আই আৰ বি বেটেলিয়নৰ চকীত আক্রমণ কৰে উন্মত্ত জনতাই। স্থানীয় সূত্রই জনোৱা মতে, তালাচী চকীত নিযুক্ত জোৱানসকলে ওলোটাই গুলিচালনা কৰে।

এই সংঘৰ্ষত এজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে দুজন। নিহত লোকজনৰ নাম উক্ৰাম সনাতন। ২৪ বছৰীয়া এই যুৱকজন পূব ইম্ফল জিলাৰ বাসিন্দা।

ইপিনে, মণিপুৰত শান্তি ওভতাই আনিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ ৷ মুখ্যমন্ত্রী এন বীৰেন সিঙৰ চৰকাৰৰ বাবে ৰাজ্যখনত দীর্ঘদিন ধৰি সংঘটিত হৈ থকা গোষ্ঠী সংঘর্ষ ৰোধ কৰাটো এক বৃহৎ প্রত্যাহ্বান হৈছে।

একে সময়তে অনুপ্ৰৱেশ আৰু অবৈধ বসবাস ৰোধ মূৰৰ কামোৰণি হৈছে। এনে ঘটনাক্ৰমৰ মাজতে মুখ্যমন্ত্রী সিঙে স্পষ্ট কৰি কয় যে ১৯৬১ৰ পাছত যিসকলে মণিপুৰত আহি বসবাস কৰিছে তেওঁলোকে ৰাজ্য ত্যাগ কৰি যাব লাগিব।

মণিপুৰৰ ইনাৰ লাইন পার্মিট কাৰ্যকৰী কৰাৰ বাবে ১৯৬১ক চূড়ান্ত কৰা হোৱা বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰি কয়, ‘উক্ত বছৰৰ পাছত যিসকলে ৰাজ্যত অবৈধভাৱে প্ৰৱেশ কৰিছে তেওঁলোকক চিহ্নিত কৰি নির্বাসিত কৰা হ’ব বুলি একপ্ৰকাৰ সকীয়াই দিয়ে ৷

Exit mobile version