Pakistan in Debt Crisis:পাকিস্তানৰ বাবে ঋণ সংকট পৰিণত প্রত্যাহ্বানত, দেউলীয়া হোৱাৰ পথত দেশ

pakistan

Pakistan in Debt Crisis:

পাকিস্তানৰ ঋণৰ বোজাৰ পৰিমাণ ক্ৰমে বৃদ্ধি পাইছে। সম্প্রতি দেশখনত মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ব বৃদ্ধিৰ হাৰতকৈ ঋণৰ বোজা বৃদ্ধিৰ হাৰ অধিক হৈছে। এনে পৰিস্থিতিত পাকিস্তানৰ বাবে বর্ধিত ঋণ সংকট এক প্রত্যাহ্বানত পৰিণত হৈছে।

শেহতীয়া এক প্রতিবেদনৰ তথ্যত দাবী কৰা অনুসৰি, পাকিস্তানত যদিহে ঋণৰ বোজা বৃদ্ধি এইদৰে অব্যাহত থাকে তেন্তে অচিৰে দেশখন আর্থিকভাৱে দেউলীয়া হোৱাৰ শংকা আছে। বিগত এক দশকত পাকিস্তানত বিদেশী ঋণৰ পৰিমাণ প্রায় দুগুণ বৃদ্ধিপালে।

একে সময়তে দেশখনত ঘৰুৱা ঋণৰ পৰিমাণো ছগুণ অধিক হ’ল। ২০২৪ বিত্তীয় বর্ষত পাকিস্তানে প্রায় ৪৯.৫ বিলিয়ন মার্কিন ডলাৰৰ ঋণ পৰিশোধ কৰিব লাগিব। এই ঋণত সুতৰ হাৰ প্রায় ৩০ শতাংশ হ’ব। ৰাজনৈতিক অস্থিৰতাৰ লগতে অন্যান্য এশ এবুৰি সমস্যাত আক্রান্ত দেশখনে কেনেকৈ ইমান বৃহৎ পৰিমাণৰ ঋণ পৰিশোধ কৰিব সেয়া এক প্রত্যাহ্বানত পৰিণত হৈছে।

Exit mobile version