Teenager Missing Again in The Guwahati : মহানগৰীত পুনৰ কিশোৰী নিৰুদ্দেশ

ৰূপনগৰৰ পৰা নিৰুদ্দেশ ১৭ বছৰীয়া কিশোৰী, ভূক্তভোগী পৰিয়ালৰ এজাহাৰ দাখিল পৰিয়ালৰ

bhangagarh

Teenager Missing Again in The Guwahati :

ৰাজ্যত ইটোৰ পাছত সিটোকৈ কিশোৰী নিৰুদ্দেশৰ ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰাৰ মাজতে মহানগৰীৰ পৰা পুনৰ নিৰুদ্দেশ হ’ল এগৰাকী ১৭ বৰ্ষীয় কিশোৰী ৷

ৰূপনগৰ হৰিজন কলনীৰ পৰা শণিবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছে এগৰাকী কিশোৰী। ইতিমধ্যে ভূক্তভোগী পৰিয়ালে নিৰুদ্দেশ সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত দাখিল কৰিছে এজাহৰ ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰতে যোৱা এসপ্তাহত তিনিগৰাকীকৈ কিশোৰী নিৰুদ্দেশ হৈছিল ৷ আনহাতে ৰাজ্যত এসপ্তাহত ১০গৰাকীকৈ কিশোৰী নিৰুদ্দেশৰ ঘটনা পোহৰলৈ আহিছে ।

আৰক্ষীৰ তথ্যৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি মহানগৰীৰ নুনমাটিৰ পৰা তিনি গৰাকীকৈ, মৰিয়নীৰ পৰা পাঁচ গৰাকী যোৰহাটৰ পৰা দুগৰাকী কিশোৰী নিৰুদ্দেশ হৈছিল।

অৱশ্যে আৰক্ষীয়ে ক্ষীপতাৰে অনুসন্ধান আৰম্ভ কৰি ইতিমধ্যে আঠ গৰাকী কিশোৰীক উদ্ধাৰ কৰাৰ বিপৰীতে আজি পৰ্যন্ত নিখোজ হৈ আছে মৰিয়নীৰ আন দুই কিশোৰী । আৰক্ষীয়ে ম’বাইল টেক কৰি নিৰুদ্দিষ্ট কিশোৰী দুগৰাকী বাংগালুৰুত থকা সন্দেহ কৰিছে । অসম আৰক্ষীৰ এটা দল বাংগালুৰুলৈ যোৱাৰ যো-জা কৰিছে ৷

উল্লেখ্য যে নুনুমাটিৰ দুই ছাত্ৰীক দৃষ্টিহীন অপহৰণকাৰী মাধৱ দাসৰ কবলৰ কৰা উদ্ধাৰ কৰাৰ লগতে আটক কৰে মাধৱক ৷ ধৃত মাধৱে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে দুই কিশোৰীক প্ৰেমৰ ছলনাৰে বহি:ৰাজ্যৰ নাৰীদেহ সৰবৰাহকাৰীৰ ওচৰত বিক্ৰীৰ পৰিকল্পনা কৰিছিল ৷

শেহতীয়াকৈ গুৱাহাটী সহ ৰাজ্যৰ কেতবোৰ অঞ্চলৰ পৰা কিশোৰী নিৰুদ্দেশ হৈ থকা ঘটনাই সকলোককে উদ্বিগ্ন কৰাৰ লগতে এই ক্ষেত্ৰত চৰকাৰৰ সময়োচিত ব্যৱস্থাৰ দাবী কৰে ৷

Exit mobile version