Apcc:উলম্ব বিভাজন প্ৰদেশ কংগ্ৰেছ !

বিজেপি- অগপ গমনৰ বাবে সাজু কে'বাজনো বিধায়ক, ৰকিবুল হুছেইনক লৈ অসম কংগ্ৰেছত মুকলি সংঘাত, দুটা ফৈদত বিভক্ত হ'ল সংখ্যালঘু বিধায়ক, এইবাৰ দুগৰাকী সাংসদ আৰু এগৰাকী বিধায়কৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল'বলৈ সাজু হাইকমাণ্ডে

gurav gogoi

Apcc:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত ইতিমধ্যে ৰাজ্যত শাসনাধিষ্ঠ বিজেপি সহ মিত্ৰজোঁটে ব্যাপক তৎপৰতা অব্যাহত থকাৰ বিপৰীতে বিৰোধী প্ৰদেশ কংগ্ৰেছ টিকট কেন্দ্ৰীক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ।

আনকি প্ৰদেশ কংগ্ৰেছত বহুলবী কেন্দ্ৰীক সংঘাত অব্যাহত থকাত দলটোত আভান্তৰিন কন্দলে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ যাৰ ফলস্বৰূপে ইতিমধ্যে দুজনকৈ বিধায়ক বিজেপিৰ বৰঘৰত অৱস্থান কৰিছে ৷ একেদৰে এজন সংখ্যালঘু বিধায়কে মুকলিকৈ অগপক আওপকীয়াকৈ সমৰ্থন জনোৱাৰ পাছতে দলটো নিয়ন্ত্ৰণহীন হৈ পৰাটো পৰিস্ফুট হৈ পৰে ৷ কংগ্ৰেছ দলৰ ভিতৰছোৱাত চলি থকা অজৰাকতাত বাৰুকৈ দলটো যেন বিধ্বস্ত হৈছে।

শেহতীয়াকৈ লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ ধুবুৰীত প্ৰাৰ্থীত্বক লৈ কংগ্ৰেছৰ মাজত একপ্ৰকাৰ বিসম্বাদৰ উকমুকনিয়ে চৰম ৰূপ লয় ৷ বৰপেটাৰ সাংসদ আব্দুল খালেক সহ আন কে’বাজনো সংখ্যালঘু বিধায়কে ৰকিবুল হুছেইনৰ ধুবুৰীত প্ৰাৰ্থীত্বৰ বিৰোধিতা কৰি ধুবুৰীত স্থানীয় লোকক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাইছে।

এই সন্দৰ্ভত খালেকে কয়, ‘ৰকিবুল হুছেইনে নগাঁৱৰ পৰাহে টিকট বিচাৰিছে, ধুবুৰীত নাই বিচৰা। আনহাতে মোৰ সমষ্টি বৰপেটা ইতিমধ্যে তিনিভাগত বিভক্ত হৈছে৷এনেক্ষেত্ৰত শেষ সিদ্ধান্ত দলে ল’ব ৷ ধুবুৰীত এইবাৰ আজমলক ৰাইজে কোনোপধ্যেই বিচৰা নাই, এনেক্ষেত্ৰত দলে স্থানীয় প্ৰাৰ্থী এগৰাকীক প্ৰক্ষেপ কৰাটো অতি জৰুৰী ৷

আনহাতে খালেকে আৰু কয় যে এপিচিচিত একাংশ কংগ্ৰেছীয়ে তেওঁ নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ স’তে একাপ চাহ খোৱাক লৈ বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু কৰি তুলিছে । মই এই সম্পৰ্কত কি দলক কি কৈফিয়ৎ দিব লাগিব নেকি প্ৰশ্ন কৰে ।

বৰপেটাৰ সাংসদগৰাকীয়ে দলীয় অন্তকলহ সন্দৰ্ভত কয় যে, ৰাজ্যিক নেতৃত্বই সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিব লাগিব। পৰুৱা এটা গ’লেও কংগ্ৰেছৰ ক্ষতি হয়। এনে প্ৰেক্ষাপটত সকলোকে লৈ ঐক্যবদ্ধ শক্তিৰে ৰণত অৱতীৰ্ণ হ’লেহে ৰণ জিকিব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ এই কথাও স্পষ্ট কৰি দিয়ে যে, দলৰ কোনোৱা মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ হ’লেই অন্তত পৰিৱৰ্তিত পৰিস্থিতিত খালেক কোনো কালেই মুখ্যমন্ত্ৰীৰ মানুহ হ’ব নোৱাৰে ৷

ইফালে,ৰকিবুল হুচেইনক ধুবুৰীৰ প্ৰাৰ্থীত্ব দিয়াত তীব্ৰ বিৰোধীতা কৰিছে আব্দুল ৰচিদ মণ্ডলে৷ মণ্ডলৰ মত স্থানীয় ভাষা জনা আৰু ৰাইজে সহজে লগ ধৰিব পৰাকৈ স্থানীয় লোককহে টিকট দিব লাগে ৷ এই বিষয়ে অখিল ভাৰত কংগ্ৰেছ কমিটিক তেওঁ লিখিত ৰূপত অৱগত কৰিছে বুলি উল্লেখ কৰে ৷

ইপিনে, আব্দুল ৰচিদ মণ্ডলৰ দৰে ৰফিকুল ইছলামেও ৰকিবুল হুচেইনৰ টিকটৰ তীব্ৰ বিৰোধী কৰি কয়,ৰকিবুল হুছেইনে ধুবুৰীত প্ৰাৰ্থীত্ব পালে একপ্ৰকাৰ আজমলক ৱাকঅভাৰ দিয়াৰ দৰে হ’ব ৷ কে’বা সহস্ৰাধিক ভোটৰ ব্যৱধানত জয়ী হ’ব বদৰুদ্দিন আজমল । এইদৰেই এতিয়া ধুবুৰীত ৰকিবুল হুছেইনৰ টিকটৰ লৈ নামনিৰ বহু কেইজন সংখ্যালঘু বিধায়ক ক্ষুন্ন হৈ পৰিছে । লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বিদ্ৰোহ দলটোৰ বাবে এক বৃহৎ সমস্যা সৃষ্টি কৰাটো নিশ্চিত হৈ পৰিছে ।

এক বিশ্বস্ত সুত্ৰই সদৰি কৰা মতে,ৰকিবুল হুছেইনক ধুবুৰীত দলীয় টিকট দিলে কে’বাজনো সংখ্যালঘু বিধায়ক এ আই ইউডি এউফত যোগদান কৰাৰ সম্ভাৱনা আছে ৷

আনহাতে নগাঁৱতো জিলা কংগ্ৰেছত নগাঁও সংসদীয় আসনৰ টিকটক লৈ উলম্ব বিভাজন হৈছে ৷ ৰকিবুল হুছেইনৰ মন্ত্ৰণাক্ৰমে ৰাজ্যিক কংগ্ৰেছে নগাঁৱত গৌৰৱ গগৈক প্ৰক্ষেপ কৰি বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈক আউট কৰিবলৈ উঠিপৰি লাগিছে ৷
এনে পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলা এনএছ ইউআইয়ে মুকলিকৈ নগাঁৱত প্ৰদ্যুত বৰদলৈক আৰু যোৰহাটত গৌৰৱ গগৈক টিকট দিয়াৰ দাবী জনাই ।

শেহতীয়া খবৰ অনুসৰি,বিদ্ৰোহী কংগ্ৰেছী নেতাক কঠোৰ সকীয়নি এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ৷ দলবিৰোধী মন্তব্য কৰা সকললৈ শেষ সৰ্তকবাণী দিলে বৰাই ৷ দলৰ ক্ষতি হোৱা মন্তব্য দিলে কংগ্ৰেছ হাইকামাণ্ডে ল’ব চৰম সিদ্ধান্ত ৷ সাংসদদ্বয় আব্দুল খালেক আৰু প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে হাইকামাণ্ডে চৰম সিদ্ধান্ত লোৱাৰ সম্ভাৱনা ৷ একেদৰে বিধায়ক আব্দুল ৰছিদ মণ্ডলকো হাইকামাণ্ডে কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত দিয়ে ভূপেন বৰাই ৷

Exit mobile version