Urgent Letter To The Chairman of Assam Public Service Commission:অসম লোকসেৱা আয়োগৰ অধ্যক্ষলৈ ছাত্ৰ সন্থাৰ জৰুৰী পত্ৰ

প্ৰাৰম্ভিক পৰীক্ষাৰ দিন সলনিৰ আহ্বান আছুৰ

aasu

Urgent Letter To The Chairman of Assam Public Service Commission:

অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষাৰ বাবে ১৭ মার্চ দিনটো ধার্য কৰিছে। আনহাতে এক বিজ্ঞাপনযোগে শ্লেট আয়োগে একেটা তাৰিখতে শ্লেট পৰীক্ষাৰ দিনো ধার্য কৰি থৈছে।

দুয়োটা পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলে একেটা দিনটো দুটা পৰীক্ষাৰ দিন ধাৰ্য কৰাত বিমোৰত পৰে ।

উল্লেখ্য শ্লেট আয়োগৰ শ্লেট পৰীক্ষাত বহিব খোজা বুজন সংখ্যক পৰীক্ষার্থীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবেও সমান্তৰালভাৱে প্রস্তুতি চলাই আছিল। একেটা দিনতে দুয়োটা পৰীক্ষা দিন ধার্য হোৱাত যথেষ্ট আহুকালৰ সৃষ্টি হোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থা

আছুৱে ছাত্র-ছাত্রীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষাৰ দিন কিছু সালসলনি কৰিবলৈ আজি অসম লোকসেৱা আয়োগৰ অধ্যক্ষলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে ৷

Exit mobile version