Snakes bite 5 Million People Annually in India:
ভাৰতত প্রতি বছৰে সর্প দংশনৰ ফলত লক্ষাধিক লোকৰ অকাল মৃত্যু হৈ আহিছে। অবিষাক্ত বা কম বিষাক্ত সৰ্পৰ দংশনত ব্যক্তিৰ প্ৰাণৰক্ষা হ’লেও বিষাক্ত সৰ্পৰ দংশনত তৎকালীন চিকিৎসা গ্রহণ নকৰিলে আক্ৰান্তৰ মৃত্যু নিশ্চিত।
বাংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্স (আইআইএছচি)ৰ বিজ্ঞানীয়ে সম্প্রতি এক চিন্থেটিক হিউমেন এন্টিবডি তৈয়াৰ কৰিছে আৰু বিজ্ঞানীয়ে দাবী কৰা অনুসৰি বিভিন্ন সৰ্পৰ দ্বাৰা উৎপাদিত ঘাতক বিহক এই এন্টিবডিয়ে অসাৰ কৰিব পাৰে।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতত বছৰি গড়ে প্রায় ৫০ লাখ লোক সর্প দংশনত আক্রান্ত হৈ আহিছে। আনহাতে, প্রতি বছৰে দেশত সর্প দংশনত ৮১,০০০ৰ পৰা ১,৩৮,০০০ লোকৰ প্রাণহানি হৈ আহিছে।
আনহাতে, সর্প দংশনৰ কাৰণত ভাৰতত বছৰি প্ৰায় ৪,০০,০০০ লোকৰ শৰীৰৰ নিৰ্দিষ্ট অংগ কর্তন কৰিবলগা হয়। সর্প দংশনৰ লগে লগে চিকিৎসালয়ত ভর্তি হৈ এন্টিভেনমসহ চিকিৎসা গ্রহণ কৰিলে আক্ৰান্তৰ মৃত্যুৰ সম্ভাৱনা হ্রাস পায়।