Udalguri:ওদালগুৰি জিলাৰ তিনি অমৃত ভাৰত ৰে’ল ষ্টেচনৰ শিলান্যাস

ওদালগুৰি, টংলা, মাজবাটৰ ৰেল ষ্টেচন অত্যাধুনিক ষ্টেচনলৈ উন্নীত হ'ব, আগন্তুক দিনত দৰং জিলাখনো ৰেলৰ মানচিত্ৰত অন্তৰ্ভূক্ত হবঃ দিলীপ শইকীয়া

udalguri

Udalguri:

সমগ্ৰ ভাৰতবৰ্ষত অমৃত ভাৰত ষ্টেচন আচনিৰ অধীনত ৫৫৪ টা ৰেল ষ্টেচনৰ লগতে ওদালগুৰি জিলাৰ তিনিটা ৰেল ষ্টেচন ক্ৰমে ওদালগুৰি, টংলা আৰু মাজবাট ৰেল ষ্টেচন উন্নীত হব অমৃত ভাৰত ৰেল ষ্টেচনলৈ। উক্ত ৰেল ষ্টেচনসমূহৰ শিলান্যাস স্থাপন উপলক্ষে আজি সমগ্ৰ দেশবাসীক ভিডিঅ কনফাৰেঞ্চিঙৰ জৰিয়তে সম্বোধন দৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

দিনৰ প্ৰায় ১২:৪৭ বজাত প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতৰ ৰেলখণ্ডত ৪১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে প্ৰায় দুইহাজাৰতকৈ অধিক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ওদালগুৰি জিলাৰ তিনিওটা ৰেল ষ্টেচনত বিভাগটোৰ দ্বাৰা শিলান্যাসৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ওদালগুৰি সদৰস্থিত ৰেল ষ্টেচনৰ শিলান্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই চৰকাৰখনৰ বিভিন্ন দিশৰ উন্নয়ণৰ বিষয়সমূহৰ সন্দৰ্ভত মন্তব্য কৰে।

তেওঁ আজিৰ দিনটোত তেওঁৰ অধীনস্থ লোকসভা সমষ্টিত ৰেলখণ্ডৰ উন্নয়ণৰ বাবে এশ কোটিতকৈ অধিক টকাৰ প্ৰকল্প লাভ কৰা বুলি উল্লেখ কৰে। লগতে আগন্তুক মোডীৰ পাঁচ বছৰ কাৰ্যকালত দৰং জিলাখন ৰেলৰ মানচিত্ৰত অন্তৰ্ভূক্ত কৰাৰ আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে ওদালগুৰি জিলাৰ তিনিটা ষ্টেচন ক্ৰমে ওদালগুৰি, টংলা আৰু মাজবাট ৰেল ষ্টেচনৰ অনুনিকীকৰণৰ বাবে ইতিমধ্যে মুঠ ৪০.৪৯ কোটি টকা ধাৰ্য কৰা হৈছে ইয়াৰ ভিতৰত ওদালগুৰি ৰেল ষ্টেচনৰ বাবে ১৪.৩১ কোটি টকা, টংলা ৰেল ষ্টেচনৰ বাবে ১৪.১৪ কোটি টকা আৰু মাজবাট ৰেল ষ্টেচনৰ বাবে ধাৰ্য কৰা হৈছে ১২.০৪ কোটি টকা। আটাইকেইটা ৰেল ষ্টেচনৰ উন্নীতকৰণৰ কাম ২০২৪ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে।

মন কৰিবলগীয়া যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূবৰ ৬০ টা ষ্টেচন অত্যাধুনিক সুবিধা/সুবিধাৰে পুনৰ উন্নয়নৰ লক্ষ্য হাতত লোৱা হৈছে। নিৰ্বাচিত ৰেল ষ্টেচনসমূহৰ ভিতৰত অসমৰ ওদালগুৰি জিলাৰ উক্ত তিনিটা ৰেল ষ্টেচন অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪০.৪৯ কোটি টকা ব্যয়েৰে উন্নতমানৰ ৰেল ষ্টেচন লৈ পৰিণত হব। এই ষ্টেচনৰ পুনৰ নিৰ্মাণৰ ফলত ওচৰৰ অঞ্চলসমূহৰ ৰেলৱে ব্যৱহাৰকাৰীসকলক আধুনিক অত্যাধুনিক সুবিধা প্ৰদান কৰা হ’ব বুলি ৰেল বিভাগে আশা প্ৰকাশ কৰিছে।

ওদালগুৰি জিলাৰ অন্তৰ্গত এই ৰেল ষ্টেচনকেইটা হৈছে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত ৰঙিয়া-মুৰ্কংচেলেক অংশৰ একোটা গুৰুত্বপূৰ্ণ ষ্টেচন। বৰ্তমানৰ ৰেল ষ্টেচনকেইটাৰ ভৱনসমূহ যাত্ৰীসকলৰ সুবিধাৰ্থে অৱসৰ লোৱা কক্ষ আৰু শেহতীয়া সুবিধাসমূহৰ সৈতে অপেক্ষা কক্ষৰ দৰে সুবিধাৰে উন্নত মানৰ সুবিধাৰে সম্প্ৰসাৰিত কৰা হ’ব। দিব্যাংগ অনুকূল ৰেম্প আৰু অন্যান্য আধুনিক সুবিধা যেনে লিফ্ট আৰু ফুট অভাৰ ব্ৰীজৰ সৈতে শৌচাগাৰৰ সুবিধাও প্ৰদান কৰা হ’ব।

পুৰুষ আৰু মহিলা যাত্ৰীৰ বাবে পৃথকে পৃথকে নিৰ্মাণ কৰা হ’ব নতুন শৌচালয়। লগতে থাকিব অত্যাধুনিক বাহন ৰখোৱা স্থানৰ লগতে সৌন্দৰ্য বৰ্দ্ধিত বাবে ফুলনি। সকলো প্লেটফৰ্মতে যাত্ৰীসকলৰ আশ্ৰয়ৰ ব্যৱস্থা কৰা হ’ব আৰু যাত্ৰীসকলৰ বাবে সহজে চলাচল কৰিব পৰাকৈ মাৰ্বলৰ শিল, টাইলছ আদিৰে নতুনত্ব কৰা হ’ব। যাত্ৰীসকলৰ প্ৰৱেশৰ প্ৰস্থান পথ সুন্দৰকৈ পৃথকে নিৰ্মাণ কৰা হ’ব, যাৰ ফলত যাত্ৰীসকলৰ বাবে উন্নত সুলভতা প্ৰদান কৰা হ’ব।

উপৰোক্ত সকলো কামৰ বাবে নিবিদা প্ৰদান কৰাৰ সমান্তৰালভাৱে আৰম্ভ ষ্টেচনসমূহৰ নিৰ্মাণ কাৰ্য। ইতিমধ্যে নতুন ষ্টেচনৰ কামৰ সমান্তৰালভাৱে যাত্ৰীসকলৰ অন্যান্য সুবিধা যেনে কোচ গাইডেন্স ব’ৰ্ড স্থাপন, ৰে’লৰ তথ্য প্ৰদৰ্শন ব্যৱস্থা, প্লেটফৰ্ম সম্প্ৰসাৰণ, দিব্যাংজানৰ বাবে সহজলভ্য পানীৰ বুথৰ ব্যৱস্থা আদিৰ কামো চলি আছে। এই ষ্টেচনকেইটাৰ আধুনিকৰণৰ ফলত সংশ্লিষ্ট চহৰসমূহৰ লগতে সমীপৱৰ্তী অঞ্চলৰ যাত্ৰীসকলৰ বাবে নতুন কৰ্মসংস্থাপন, ব্যৱসায়িক সুযোগৰ নতুন পথৰ সৃষ্টি হোৱাৰ লগতে ভ্ৰমণৰ ক্ষেত্ৰত পূৰ্ৱৰ তুলনাত সহজতা লাভ কৰিব বুলি ৰেল বিভাগে আশা প্ৰকাশ কৰিছে।

আজি ওদালগুৰি সদৰ ৰেল ষ্টেচনত আয়োজিত শিলান্যাস কাৰ্যসূচীত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীকে প্ৰমূখ্য কৰি জ্যেষ্ঠ নাগৰিক, শিক্ষাৰ্থী তথা ৰেল বিভাগৰ বিষয়া কৰ্মচাৰী আৰু স্থানীয় লোক উপস্থিত থাকে।

Exit mobile version