Agp Central Executive Meeting In Ambari:আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভা লোকসভা নিৰ্বাচনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

agp 1

Agp Central Executive Meeting In Ambari:

অসম গণ পৰিষদ দলৰ নৱগঠিত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ প্ৰথমখন সভা আজি দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত সভাপতি অতুল বৰাৰ সভাপতিত্ব অনুষ্ঠিত হয়।
সভাত বিশেষ ভাৱে লোকসভা নিৰ্বাচন আৰু দলীয় সংগঠনৰ ওপৰত বিষয় ভাৱে আলোচনা কৰি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ লগতে মিত্ৰজোটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাবলৈ ৰণকৌশল গ্ৰহণ কৰে। সভাত বুথ পৰ্য্যায়ৰ পৰা সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে সাংগঠনিক সভা আৰু গণসংযোগ কাৰ্য্যসূচী গ্ৰহণ কৰা হয়।

সভাই দলৰ এখনি বাৰ্ষিক কৰ্মসূচী(কেলেণ্ডাৰ)ৰ খচৰা প্ৰস্তুত কৰিবলৈ কেইবাজনো বিষয়ববীয়াক দায়িত্ব অৰ্পন কৰাৰ লগতে দলৰ বাৰ্তালোচনী ‘গণবাৰ্তা’ৰ সম্পাদনা সমিতি আৰু আইন পৰিষদখনো গঠন কৰে। সভাত সভাপতিৰ আসনৰ পৰা অতুল বৰাই আগন্তুক দুমাহ লোকসভা নিৰ্বাচনৰ বাবে সকলোকে সক্ৰিয়তাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলো সদস্যকে দলীয় শৃংখলা মানি সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত থাকি দলৰ হকে কাম কৰিবলৈ অনুৰোধ জনায়। সভাপতি বৰাই ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশৰ লগতে জাতীয় স্বাৰ্থত দলৰ দৃঢ়তাৰ কথা প্ৰকাশ কৰে। বৰাই লগতে কয় যে, অসম গণ পৰিষদ দল শক্তিশালী হলেহে আঞ্চলিকতাবাদ শক্তিশালী হ’ব আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণ সুৰক্ষিত হ’ব বুলি মন্তব্য কৰে। সভাত কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই নৱনিৰ্বাচিত বিষয়ববীয়া সকলক আদৰণি জনাই কয় যে, দলটোৰ সকলো পৰ্য্যায়ৰ বিষয়ববীয়া আৰু সদস্যসকলৰ সক্ৰিয়তাই দলটোক নতুন গতি দিব পাৰিব বুলি মন্তব্য কৰে। সভাত জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে সকলোকে সম্ভাষণ জনাই সংগঠনৰ ওপৰত বক্তব্য ৰাখে। সভাত সকলো বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে।

#প্ৰয়াত নেতা নগেন শৰ্মাৰ মৃত্যু বাৰ্ষিকী পালন:

অসম গণ পৰিষদ দলৰ অন্যতম প্ৰতিষ্ঠাপক, প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মাৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী আজি অসম গণ পৰিষদ দলৰ আমবাৰী কাৰ্য্যালয়ত পালন কৰা হয়। শ্ৰদ্ধাঞ্জলী কাৰ্য্যসূচী মুকলি কৰে প্ৰয়াত নগেন শৰ্মাৰ সহধৰ্মিনী ড০ অলকা দেশাই শৰ্মাই। অনুষ্ঠানত দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থাকি শ্ৰদ্ধা তৰ্পন কৰে। এই উদ্দেশ্যে ৰাতিপুৱা নাম-প্ৰসঙ্গ অনুষ্ঠিত হয়।

#দুই শতাধিকৰ অগপত যোগদান

আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত বিভিন্ন দল-সংগঠনৰ দুই শতাধিক বিষয়ববীয়া আৰু সদস্যই অসম গণ পৰিষদ দলত যোগদান কৰে। যোগদানকাৰীসকলক আদৰণি জনায় সভাপতি অতুল বৰাই। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন সভাপতি শ্বাহ নৱাজ হুচেইনৰ লগতে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদৰ বিষয়ববীয়াই যোগদান কৰে।

Exit mobile version