Doctor At Delhi Hospital Recover39 Coins,37 Magnets From  Patients Intestings:মানসিকভাৱে দুৰ্বল যুৱকৰ পেটৰ পৰা ওলাল ৩৯টা মুদ্ৰা আৰু ৩৭টা চুম্বকৰ টুকুৰা

অস্ত্ৰোপচাৰৰ জৰিয়তে উলিওৱা হ'ল ১টকীয়া, ২টকীয়া আৰু ৫টকীয়া মুদ্ৰা আৰু বিভিন্ন আকৃতিৰ চুম্বকৰ টুকুৰা, যথেষ্ট পৰিমানে জিংক থাকে বাবেই খাদ্য হিচাপে গ্ৰহণ কৰে যুৱকজনে,শুনি হতভম্ব চিকিৎসক

delhi main

Doctor At Delhi Hospital Recover39 Coins,37 Magnets From  Patients Intestings:

চিকিৎসাৰ বাবে কাষ চাপিল চিকিৎসক ৷ যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত হতভম্ব হৈ পৰিল চিকিৎসক ৷ কিয়নো যুৱকজনৰ পেটত আছে ধাতৱ জাতীয় বহু সামগ্ৰী ৷

পিছত অস্ত্ৰোপচাৰ কৰি যুৱকজনৰ পেটৰ পৰা ৩৯ টা মুদ্ৰা উলিয়াবলৈ সক্ষম হয় চিকিৎসকে ৷ একেদৰে যুৱকজনৰ পৰা আৰু ওলাল বিভিন্ন আকৃতিৰ প্ৰায় ৩৭টা চুম্বক ৷

এই আচম্বিত ঘটনা সংঘটিত হয় দিল্লীত ৷ উল্লেখ্য যে,পেটৰ তীব্ৰ বিষ আৰু অত্যাধিক বমি হোৱাৰ বাবে এজন যুৱকক তে পৰিয়ালৰ লোকে শ্ৰীগংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰে ৷বিগত ২০টা দিন ধৰি পেটৰ বিষৰ বাবে সাময়িকভাবে খাদ্যৰ খোৱাৰ বন্ধ কৰি দিছিল ৷ আনকি পেটৰ বিষৰ লগতে বমি হৈছিল ৷

আনহাতে চিকিৎসকৰ ওচৰত চিকিৎসাৰ বাবে নিওঁতে চিকিৎসকক পৰিয়ালৰ লোকে অৱগত কৰে যে কেই সপ্তাহ মানৱ পৰা যুৱকজনে সংগোপনে মুদ্ৰা আৰু চুম্বক জাতীয় ধাতৱ লো ভক্ষণ কৰিছিল ৷

ইয়াৰ পাছতে সংশ্লিষ্ট চিকিৎসকে যুৱজনৰ পেটৰ চিটি স্কেন কৰি নিশ্চিত হয় যে পেটত মুদ্ৰা আৰু চুম্বকৰ উপস্থিতি থকাৰ কথা ৷

ইয়াৰ পাছতে চিকিৎসকে ততাতৈয়াকৈ যুৱকজনৰ পেটৰ অস্ত্ৰোপচাৰ কৰি পেটৰ পৰা উদ্ধাৰ কৰে এটকীয়া,দুটকীয়া আৰু পাঁচটকীয়া অসংখ্য মুদ্ৰা ৷ ইয়াৰোপৰি উদ্ধাৰ কৰে বিভিন্ন আকৃতিৰ চুম্বক ।

আনহাতে অস্ত্ৰোপচাৰৰ পাছত ক্ৰমাৎ সুস্থ হৈ উঠা যুৱকজনক চিকিৎসকে উল্লিখিত মুদ্ৰা আৰু চুম্বক কিয় খাইছিল বুলি সোধাত তেওঁৰ দিয়া উত্তৰ শুনি হতভম্ব হৈ পৰে চিকিৎসক ৷

যুৱকজনৰ মতে,তেওঁ ভক্ষণ কৰা মুদ্ৰা আৰু চুম্বকত যথেষ্ট পৰিমাণৰ জিংক থাকে। এইয়া খালে তেওঁৰ শৰীৰ ফিট আৰু সুঠাম হৈ উঠিব ৷ এই অদ্ভুত যুক্তি শুনি চিকিৎসকে পৰামৰ্শ দিয়ে যে,এইয়া ভ্ৰান্ত ধাৰণা ৷

এই সমূহ খোৱাৰ পাছত তেওঁৰ মাৰাত্মক বিপদৰ সন্মুখীন হ’লহেতেন ৷ কিবা ভাগ্যৰ বলত দৈব্যক্ৰমে ৰক্ষা পৰে ৷

আগন্তুক দিনত এনে মাৰাত্মক কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দি সংশ্লিষ্ট চিকিৎসকে চিকিৎসালয়ৰ পৰি ৰিলিজ দিয়ে ৷

Exit mobile version