Against Caa Protest United Opposition Forum: কা’ বিৰুদ্ধে বিৰোধী ঐক্যমঞ্চ, ঐক্যমঞ্চৰ নেতৃবৰ্গই সদলবলে সাক্ষাৎ ৰাজ্যপালক

'কা' সন্দৰ্ভত ৰাজ্যপালৰ সৈতে আলোচনাত, ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ স্মাৰক পত্ৰ

caa main

Against Caa Protest United Opposition Forum:

দেশৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কা’বলবৎ হ’ব বুলি সদ্য সমাপ্ত লোকসভা অধিৱেশনত গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ পাছতে অসমৰ কা’ বিৰোধী সংগঠন সমূহ তৎপৰ হৈ পৰিছে ৷ পুনৰ ৰাজ্যত আকৌ নাগৰিকত্ব সংশোধনী আইনক লৈ তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে ৷

এনে প্ৰেক্ষাপটত কংগ্ৰেছ নেতৃত্বাধীন ১৬ দলীয় বিৰোধী ঐক্যমঞ্চই ৰাজ্যত কা’ বিৰুদ্ধে বৃহস্পতিবাৰে মহানগৰীৰ ৰাজভৱনত ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ অৰ্পণ কৰে।

বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা,সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,ৰিপুণ বৰা,অখিল গগৈ সহ ঐক্যমঞ্চৰ বহু কেইগৰাকী নেতাই ৰাজ্যপাল কাটাৰিয়াক সাক্ষাৎ কৰি কা’ সন্দৰ্ভত আলোচনা কৰে ৷ ইয়াৰ পাছতে বিৰোধী ঐক্যমঞ্চই সভাপতি ভূপেন বৰা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু মঞ্চৰ সকলো দলৰ মুৰব্বী স্বাক্ষৰিত এখন স্মাৰক পত্ৰ ৰাজ্যপালৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীলৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, ৰাজ্যত কোনো ক্ষেত্ৰতে কা’ বলবৎ নকৰিবলৈ প্ৰধানমন্ত্ৰীলৈ দিয়া স্মাৰকপত্ৰত উল্লেখ কৰি বিৰোধী ঐক্যমঞ্চ হুংকাৰ অসম যদি কা’ বলবৎ হয় ৷ তাৰ পাছদিনাৰে পৰা ৰাজ্যজুৰি আৰম্ভ কৰা হ’ব ব্যাপক আন্দোলন ৷ একেদৰে ‘অসম বন্ধ’ আহ্বান জনোৱা হ’ব বুলি স্পষ্ট কৰি দিয়ে বিৰোধী ঐক্যমঞ্চই ৷

আনহাতে, বিৰোধী ঐক্যমঞ্চই ‘অসম বন্ধ’ হুংকাৰৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে টুইটাৰ যোগে সকীয়নি দিয়ে যে অসম বন্ধৰ কাৰ্যসূচীৰ পৰা বিৰত থাকক ৷ অন্যথাই ভৰিব লাগিব ১৬৪৩ কোটি টকা ৷

অসম আৰক্ষীৰ মুৰব্বী গৰাকীয়ে এই সন্দৰ্ভত কয়,বন্ধ দিলে ৰাজ্যৰ ব্যাপক ক্ষতিগ্ৰস্ত হ’ব ৷ জিএছডিপি ৰ কথা উল্লেখ কৰি অসম বন্ধ দিয়াৰ ফলত এদিনত ৰাজ্যৰ লোকচান হ’ব ১৬৪৩ কোটি টকা ৷ গতিকে বন্ধৰ দৰে কাৰ্যসূচীৰ পৰা বিৰত থাকক ৷ অসম বন্ধৰ আহ্বান কৰিলে ১৬৪৩ কোটি টকাৰ দিব লাগিব ক্ষতিপূৰণ

Exit mobile version