10 Million Households Will Get Free Rlectricity:PM Modiসৌৰশক্তি আঁচনিলৈ সেউজ সংকেত মোদী চৰকাৰৰ

এক কোটি পৰিয়ালে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ

pm modi

10 Million Households Will Get Free Rlectricity:PM Modi:

কেন্দ্ৰৰ নৰেন্দ্র মোদীৰ চৰকাৰে কফটপ ছ’লাৰ স্কীমৰ বাবে ৭৫ হেজাৰ কোটি টকাৰ পুঁজি অনুমোদন জনালে। মোদী চৰকাৰৰ সৌৰশক্তি আঁচনিৰ অধীনত দেশৰ এক কোটি পৰিয়াল লাভৱান হ’ব।

কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে কেবিনেট বৈঠকৰ সিদ্ধান্তৰ কথা সদৰী কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এইদৰে ক’লে, ‘প্রধানমন্ত্রী মোদীৰ নেতৃত্বত এই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি প্ৰধানমন্ত্ৰী সূৰ্যঘৰ মুক্ত বিজুলী আঁচনিত অনুমোদন জনোৱা হ’ল। ইয়াৰ জৰিয়তে দেশৰ এক কোটি পৰিয়ালে ৩০০ ইউনিট বিদ্যুৎ প্রতিমাহে বিনামূল্যে লাভ কৰিব। এই আঁচনিৰ জৰিয়তে প্রতি কিলোৱাট বিদ্যুতৰ ক্ষেত্ৰত প্ৰতিটো পৰিয়ালে ৩০ হেজাৰ টকাৰ ৰাজসাহায্য লাভ কৰিব।

আনহাতে দুই কিলোৱাট বিদ্যুতৰ ক্ষেত্ৰত ৬০ হেজাৰ টকাৰ ৰাজসাহায্য আঁচনিৰ জৰিয়তে আগবঢ়োৱা হ’ব।’ এই আঁচনিৰ অধীনত দেশৰ যিকোনো পৰিয়ালে নেচনেল প’র্টেল ছ’লাৰ আঁচনিৰ সুবিধা ভোগ কৰিব পাৰিব।

Exit mobile version