Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Subsidy Controversy Over CM’s Wife:মুখ্যমন্ত্ৰীৰ পত্নীলৈ ৰাজসাহায্যৰ বিতৰ্ক

তথ্য অস্বীকাৰ ড° শৰ্মাৰ , কেন্দ্ৰীয় চৰকাৰৰ নথিসহ প্রধানমন্ত্ৰীক অৱগত কৰিলে কংগ্ৰেছ সাংসদ গগৈয়ে , ভূমি ক্রয়-শ্রেণী পৰিৱৰ্তন-ৰাজসাহায্যৰ তথ্যৰে দিল্লীত সংবাদমেল

publisher by publisher
September 14, 2023
in Assam, Crime, India, News
Reading Time: 3 mins read
0
Subsidy Controversy Over CM’s Wife:মুখ্যমন্ত্ৰীৰ পত্নীলৈ ৰাজসাহায্যৰ বিতৰ্ক
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

Subsidy Controversy Over CM’s Wife:

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই দেশৰ কৃষকৰ হিত সাধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ অধীনত ১০ কোটিৰ ৰাজসাহায্য লাভ কৰা আৰু চিলিং আইন উলংঘা কৰি ভূমি ক্রয় কৰাৰ প্ৰকাশিত বাতৰিক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী ড° শৰ্মাৰ এই বিষয়ক লৈ সামাজিক মাধ্যমত হোৱা বাক যুদ্ধই ইয়াক চৰ্চাৰ তুংগলৈ নিছে।

ADVERTISEMENT

একে সময়তে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে নতুন দিল্লীত এক সংবাদমেলত এই সম্পৰ্কত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে সাংসদ গগৈয়ে সামাজিক মাধ্যম টুইটাৰত (বৰ্তমান ‘এক্স’) এই সম্পর্কীয় তথ্যযুক্ত তালিকা সংলগ্ন কৰি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে ‘কিষাণ সম্পদা আঁচনি’ গ্ৰহণ কৰিছিল।

অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীৰ প্ৰতিষ্ঠানক ১০ কোটি টকা ৰাজসাহায্য লাভ কৰাত সহায় কৰিবলৈ প্ৰভাৱ খটুৱাইছে।’ ইয়াৰ প্ৰতিক্ৰিয়াত একেটা সামাজিক মাধ্যমতে মুখ্যমন্ত্রী ড° শৰ্মাই কয়, মই স্পষ্ট কৰি দিব বিচাৰো যে মোৰ পত্নী অথবা তেওঁ যুক্ত হৈ থকা কোম্পানীয়ে কেতিয়াও ভাৰত চৰকাৰৰ পৰা কোনো ধৰণৰ ৰাজসাহায্য লাভ কৰা নাই।’

ইয়াৰ পাছত সাংসদ গগৈয়ে মুখ্যমন্ত্রী শৰ্মাক উদ্দেশি পুনৰ কয়, খাদ্য সংসাধন মন্ত্ৰণালয়ৰ ৱেবছাইটত তেওঁৰ নাম আৰু তেওঁ জড়িত থকা কোম্পানীৰ নাম স্পষ্টকৈ প্ৰকাশ কৰিছে। ১০ কোটি টকাৰ চৰকাৰী অনুদান অনুমোদন কৰাও হৈছে। যদিহে মন্ত্ৰণালয়ৰ ৱেবছাইট হেক হৈছে তেন্তে অনুগ্ৰহ কৰি কেন্দ্ৰীয় মন্ত্ৰীক জনাওক।’

এইবাৰ ড° শৰ্মাই প্ৰত্যুত্তৰত কয়, “মই সম্পূর্ণ দায়িত্ব সহকাৰে দোহাৰিব বিচাৰো যে মোৰ পত্নী আৰু তেওঁ জড়িত থকা কোম্পানীয়ে ভাৰত চৰকাৰৰ পৰা কোনো ধৰণৰ ৰাজসাহায্য কেতিয়াও গ্ৰহণ কৰা নাই।’ এইবাৰ সাংসদ গগৈয়ে কয়, “মুখ্যমন্ত্রী ডাঙৰীয়াৰ সুবিধাৰ বাবে মই খাদ্য সংসাধন মন্ত্রণালয়ৰ ৱেবছাইটৰ লিংক সংলগ্ন কৰিলো।

ইয়াত ১০ কোটি টকা চৰকাৰী ৰাজসাহায্য লাভ কৰা কোম্পানী আৰু প্ৰমোটাৰসকলৰ তালিকা প্ৰকাশ কৰা হৈছে। অনুগ্ৰহ কৰি তালিকাৰ ক্ৰমিক নম্বৰ ১০ চাব।’ উক্ত তালিকাৰ ১০ নম্বৰত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানে ১০ কোটি টকাৰ অনুদান লাভৰ কথা উল্লেখ কৰা আছে।

এতিয়া প্রশ্ন হয় যে তালিকাৰ ১০ নম্বৰত কি লিখা আছে। এপিচি আঁচনিৰ অধীনত এগ’ প্ৰথেছিং ক্লাষ্টাৰ প্ৰকল্পসমূহৰ বিতং তথ্য’ শীর্ষক তালিকাৰ ১০ নম্বৰত প্ৰকল্প ৰূপায়ণ এজেন্সী (পিইএ)ৰ শিতানত উল্লেখ আছে মেছাৰ্চ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ নাম।

ইয়াৰ পাছত ১০ নম্বৰতে ‘লিড প্রমোটাৰ যোগাযোগৰ নম্বৰ আৰু ই-মেইল আইডি’ শীর্ষক দ্বিতীয় শিতানত উল্লেখ আছে এইদৰে ৰিণিকি ভূঞা শর্মা, ই-মেইল আইডি- peeplapc@gmail.com, ম’বাইল ৮১৮-023৪১। তৃতীয়টো শিতান প্ৰকল্পৰ স্থানত উল্লেখ আছে এইদৰে— প্লট নম্বৰ ১৭৮/৭৯২, ৪২৪/৯৫৪, ২৮৫/৭৮৭, ৪২৩/৯৫৩ (পট্টা নম্বৰ অথবা ডাগ নম্বৰ) গাঁও দৰিগাজি, মৌজা বৰ্ভগীয়া, মহকুমা কলিয়াবৰ, জিলা নগাঁও, অসম। ইয়াৰ পাছৰ জিলা শিতানত উল্লেখ আছে—নগাঁও আৰু তাৰ পাছত ৰাজ্যৰ শিতানত আছে অসম, অনুমোদনৰ তাৰিখ শিতানত আছে ১০-১১-২০২২।

প্রকল্প ব্যয় (কোটি টকাৰ হিচাপত) শিতানত উল্লেখ আছে—২৫.৮৭৭ কোটি টকা। আনহাতে, অন্তিমটো শিতান মঞ্জুৰি অনুমোদন (কোটিত) শিতানত আছে, ১০ কোটি টকা। উল্লেখ্য যে ৭০ জনীয়া এই তালিকাত দেখা গৈছে যে ১০ কোটি টকাই হৈছে সর্বোচ্চ পৰিমাণৰ ৰাজসাহায্য। মুঠ ৭০ জনৰ ভিতৰত প্ৰায় ২৮ জনে লাভ কৰিছে ১০ কোটিৰ ৰাজসাহায্য আৰু ইয়াৰ ভিতৰত আছে মুখ্যমন্ত্ৰী পত্নীৰ নাম ৷

মন কৰিবলগীয়া যে সাংসদ গগৈয়ে তালিকাৰ লিংক প্ৰকাশ কৰাৰ পাছত এই পর্যন্ত প্রতিক্রিয়া প্রকাশ কৰা নাই মুখ্যমন্ত্ৰী শৰ্মাই। সাংসদ গগৈয়ে এই সমস্ত বিষয় সম্পর্কে প্রথমটো টুইটত এইদৰে প্ৰধানমন্ত্রী নৰেন্দ্র মোদীক উদ্দেশি কয়, ‘আদৰণীয় প্রধানমন্ত্রী মোদী, আপোনাৰ চৰকাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ এটা প্রাইভেট কোম্পানীক ১০ কোটি টকা ৰাজসাহায্য দিছে। এইয়া ‘ৰেবড়ী’ নে ‘ৰাবৰি’? এই কাৰণতে নেকি মানুহে কৰ আদায় দিছে নেকি? চৰ্চা অনুসৰি, মুখ্যমন্ত্ৰীৰ পত্নীয়ে চৰকাৰী আঁচনিৰ ৰাজসাহায্যৰ অনুমোদন লাভৰ বিষয়টোক লৈ কেৱল অসমতে নহয়, দিল্লীতো তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ সাংসদ গগৈয়ে সামাজিক মাধ্যমত বিষয়টো উত্থাপন কৰাৰ পাছতে বিভিন্ন মহলৰ প্ৰতিক্ৰিয়াৰ ফলত দিল্লীত কেন্দ্ৰীয় চৰকাৰ তথা বিজেপিৰ মহলতো অস্বস্তিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে কৃষকৰ আয় দুগুণৰ প্ৰতিশ্ৰুতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী বক্তব্যৰ অন্যতম মূল বিষয় হৈ আহিছে। আনহাতে, এই বিষয়টোক লৈ বিৰোধী শিবিরে সামাজিক মাধ্যমযোগে প্রতিক্রিয়া প্রকাশ কৰিছে। কংগ্ৰেছৰ শীৰ্ষ নেতা,নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সংগঠনৰ দায়িত্বত থকা সাধাৰণ সম্পাদক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যসভাৰ সদস্য সাংসদ কে চি বেণুগোপালে টুইটাৰত এই অনুমোদন কোনে দিছিল তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ লিখিছে, ‘কৃষকৰ আয় দুগুণ কৰাৰ পৰিৱর্তে প্রধানমন্ত্রী মোদীয়ে অসমৰ মুখ্যমন্ত্ৰীক সমৃদ্ধ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা খাদ্য সংসাধন মন্ত্ৰীয়ে উত্তৰ দিব নে? কোনে এই অনুমোদনত সেউজ সংকেত দিলে? আন কোন বিজেপি নেতাক এইদৰে চৰকাৰী আঁচনিৰ জৰিয়তে এনে ধৰণৰ সুবিধা দিয়া হৈছে?

ইপিনে, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ তথা কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য পৱন খেড়ায়ো তালিকাখন সংলগ্ন কৰি লগতে মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ পত্নী আৰু পত্নীৰ কোম্পানী জড়িত নহয় বুলি অস্বীকাৰ কৰা টুইটৰ প্ৰসংগও উল্লেখ কৰি প্ৰশ্ন কৰে এইদৰে “হিমন্ত বিশ্ব শৰ্মা, আপুনি এতিয়াও অস্বীকাৰ কৰিব নেকি?”

উল্লেখ্য যে শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি ক্রয়ৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হৈছে। প্রকাশিত বাতৰি অনুসৰি, নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ বৰ্ভগীয়া মৌজাৰ দৰিগজি গাঁৱৰ একে দিনাই ক্ৰয় কৰা হয়। ৫০ বিঘা দুঠা ১৯ লেহা মাটি। ২০২২ৰ চাৰি ফেব্ৰুৱাৰীত গাঁওখনৰ হেমচন্দ্ৰ বৰাৰ পৰা ১২ বিঘা চাবি লেছা, যতীন চন্দ্ৰ বৰাৰ পৰা ছয় বিঘা চাৰি লোকে ধৰি এই পাঁচজন লোকৰ পৰা মাটি ক্ৰয় কৰে প্ৰাইজ ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ হৈ ৰিণিকি ভুঞা শৰ্মাই।

এই ক্ষেত্ৰত চিলিং আইন উলংঘন কৰা হৈছে কিয়নো এই আইন অনুসৰি কোনো ব্যক্তি বা কোম্পানীয়ে ৪৯.৫ বিঘাতকৈ অধিক কৃষিভূমিৰ গৰাকী হ’ব নোৱাৰে। এই ভূমি ক্ৰয় কৰাৰ পাছতে ইয়াৰ শ্ৰেণী পৰিৱৰ্তন কৰাৰো অভিযোগ উঠিছে। এয়ে নহয়, কলিয়াবৰৰ একেখন গাঁৱতে যোৱা এক জুলাইত পুনৰ ৫৬ বিঘা সাত লেছা ভূমি মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কোম্পানীয়ে পুনৰ ক্ৰয় কৰাৰ বাতৰি প্ৰকাশিত হৈছে। ইপিনে, ৰাজসাহায্যৰ বিষয়টোত প্রধানমন্ত্রী কার্যালয়ৰ প্ৰসংগ সাঙোৰ খোৱাত ই অধিক গুৰুতৰ হোৱা বুলি চৰ্চা হৈছে।

ইপিনে, সমগ্র বিষয়টোক লৈ কংগ্ৰেছে কেবাটাও প্রশ্ন উত্থাপন কৰে। এক সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ দ্বাৰা পৰিচালিত কোম্পানীক কৃষকৰ হিতৰ ১০ কোটি টকা অনুদান দিয়া হৈছে। কৃষকৰ ধন দুগুণ কৰাৰ এয়া আৰ্হি নেকি? দ্বিতীয়টো প্ৰশ্ন কৰে যে যিখন দেশত কৃষকে কৃষি ভূমিৰ পৰা দৈনিক মাত্র ২৭ টাকা আয় কৰে সেইখন দেশতে কিষাণ সম্পদা আঁচনিৰ ১০ কোটি টকা অনুদান দিয়া হ’ল।

এই সুবিধা দেশৰ বাকী মানুহবিলাকে কেতিয়া পাব? এয়াই নেকি ‘না খাওংগা, না খানে ডুংগা’ (নাখাওঁ আৰু আনকো দুৰ্নীতিৰ ধন খাবলৈ নিদিওঁ) ৰ আৰ্হি? তদুপৰি কংগ্ৰেছৰ মুখপাত্র গৌৰৱ বল্লভে সংবাদমেলত কয়, ‘প্রাইড ইস্ট এণ্টাৰটেইনমেন্ট লিমিটেডে নিজকে উত্তৰ-পূব মিডিয়া চেনেল বুলি পৰিচয় দিয়ে; কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ কিছু মাহৰ পাছতে সেই কোম্পানীয়ে কৃষি ভূমি ক্রয় কৰে।

প্ৰথমতে কৃষিভূমি ক্রয়, তাৰ পাছত উদ্যোগিক ভুমিলে শ্রেণী পৰিৱৰ্তন কৰক, শি কোম্পানীয়ে এই কাম কৰে সিয়ে মোদী চৰকাৰৰ পৰা ১০ কোটি টকাৰ অনুদানো লয়। অৱশ্যে এই আইডিয়া সকলোৰে বাবে নহয়। তাৰ বাবে আপুনি বিজেপিৰ মুখ্যমন্ত্রী অথবা তেওঁৰ পৰিয়ালৰ সদস্য হ’ব লাগিব।’

ইপিনে, আম আদমী পাটিয়েও দিল্লীত এক সংবাদমেলত কয় যে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত ইয়াৰ নেতাসকলৰ পৰিয়ালৰহে উন্নয়ন হৈছে। অসমত চৰকাৰে অন্যায়ভাৱে আঁচনিৰ সা-সুবিধা নীতি-নিয়ম দূৰতে বিদূৰ কৰি পৰিয়াল আৰু বন্ধু-বান্ধৱক দিছে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁৰ পত্নী ৰিণিকি ভুঞা শৰ্মাই অসমৰ আদানী হোৱাৰ বাটত দীঘলীয়া খোজ দিছে বুলি মন্তব্য কৰি আপৰ অসমৰ ভাৰপ্ৰাপ্ত ৰাজেশ শৰ্মাই কয়, ‘ৰিণিকি ভূঞা শৰ্মাই তেওঁৰ কোম্পানী প্রাইড ইস্ট এন্টাৰটেইনমেন্ট প্রাইভেট লিমিটেডৰ নামত নগাঁও জিলাত ১০৬ বিঘা কৃষি ভূমি ক্রয় কৰি তাক উদ্যোগ ভূমিলৈ পৰিবর্তন কৰে।

তদুপৰি তেওঁৰ কোম্পানীৰ নামত ২৫ কোটি ৮৭ লাখ টকা বায়বে খাদ্য সংসাধন ইউনিট প্ৰতিষ্ঠাৰ বাবে ১০ কোটিৰ ৰাজসাহায্যও লাভ কৰে। পূৰ্বতেও গুৱাহাটীত ২৯ বিঘা চৰকাৰী মাটি হস্তগত কৰাৰ ক্ষেত্ৰত ৰিণিকি ভূঞা শৰ্মাৰ নাম উল্লেখ হৈছিল। আজি তেওঁ সেই মাটিতে এখন ব্যক্তিগত বিদ্যালয় পৰিচালনা কৰি আছে।

অসম চৰকাৰে এক লাখ ২৯ হেজাৰ কোটি টকাৰ ঋণ লৈছে; অথচ ৰিণিকি ভূঞাই চৰকাৰী আঁচনিৰ অধীনত ভূমি ক্রয় কৰি গৈছে। এই কেলেংকাৰিৰ ইডি আৰু চিবিআইৰ দ্বাৰা তদন্ত দাবী কৰিছো আম আদমী পাটীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gaurav GogoiRiniki Bhuyan Sarma Land ScamSubsidy Controversy Over CM's Wife
publisher

publisher

Related Posts

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d