PM Modi to Visit India Ahead of Elections:নিৰ্বাচনৰ পূৰ্বে ভাৰত ভ্ৰমণ মোদীৰ ১০ দিনত ভ্ৰমণ কৰিব ১২ ৰাজ্য

PM MODI 1

PM Modi to Visit India Ahead of Elections:

লোকসভাৰ নিৰ্বাচনৰ পূর্বে অহা ছয় আৰু ন মাৰ্চত পশ্চিমবংগত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী। উক্ত দুই দিনত বাৰাছাত আৰু শিলিগুড়িত মোদীয়ে জনসভাত অংশ লোৱাৰ কথা।

প্রধানমন্ত্রীৰ কার্যালয়ে সদৰী কৰা অনুসৰি আগন্তুক ১০ দিনত দেশৰ ১২ খন ৰাজ্যত জনসভাত অংশ ল’ব প্রধানমন্ত্রীয়ে। অর্থাৎ প্রার্থী ঘোষণাৰ পৰা আৰম্ভ কৰি ভোট প্রচাৰলৈকে সকলো দিশত এই মুহূর্তলৈকে বিৰোধীতকৈ আগবাঢ়ি আছে কেন্দ্ৰৰ শাসক দলটো।

প্রধানমন্ত্রীৰ কার্যালয়ে জনোৱা অনুসৰি আগন্তুক ১০ দিনত দেশৰ এক ডজন ৰাজ্য আৰু কেন্দ্র শাসিত অঞ্চলত মুঠ ২৯ কার্যসূচীত অংশ ল’ব মোদীয়ে। পশ্চিমবংগ, বিহাৰ, ওড়িছা, অসম, অৰুণাচল প্রদেশ, উত্তৰ প্ৰদেশ, গুজৰাট, ৰাজস্থান,দিল্লী, তেলেংগানা, তামিলনাডু আৰু জম্মু- কাশ্মীৰতো জনসভাত উপস্থিত থাকিব প্রধানমন্ত্রী।

চাৰি মাৰ্চত দক্ষিণ ভাৰতৰ তেলেংগানা পৰা মোদীয়ে এই ভ্রমণসূচী আৰম্ভ কৰিলে। তেলেংগানা আৰু তামিলনাডুৰ ভ্ৰমণৰ পাছত মোদীয়ে ওড়িছাত উপস্থিত হোৱাৰ কথা।

Exit mobile version