Tapas Resigns From TMC:লোকসভা নিৰ্বাচনৰ পূৰ্বে অঘটন তৃণমূল কংগ্রেছত !

দলত্যাগ বিধায়ক তাপসৰ

tapash

Tapas Resigns From TMC:

লোকসভা নিৰ্বাচনৰ ব্যাপক প্রস্তুতিৰ সময়তে এক অঘটন সংঘটিত হ’ল পশ্চিমবংগৰ শাসক দল তৃণমূল কংগ্ৰেছত। দলৰ বিধায়ক তাপস ৰায়ে ইস্তফা দিয়ে। দলত্যাগৰ সিদ্ধান্তৰ কথা ঘোষণাৰ পূৰ্বে ৰায়ে সন্দেশখালি প্রসংগত দলৰ স্থিতিত তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছিল।

লোকসভা নিৰ্বাচনৰ পূর্বে তৃণমূল কংগ্রেছৰ জ্যেষ্ঠ নেতাজনে দলত্যাগ কৰাটো তাৎপয্যপূর্ণ বিবেচিত হৈছে। তৃণমূল কংগ্ৰেছ ত্যাগৰ কথা ঘোষণা কৰি ৰায়ে সংবাদ মাধ্যমৰ আগত এইদৰে ক’লে, ‘দলৰ কার্যপদ্ধতিত মই হতাশ হৈছো।

দল আৰু চৰকাৰৰ বিৰুদ্ধে উত্থাপিত ইমানবোৰ ভ্ৰষ্টাচাৰৰ অভিযোগত মই অতিষ্ঠ হ’লো। দ্বিতীয়তে যিদৰে সন্দেশখালি প্রসংগটো দলে বিবেচনা কৰিছে মই তাক সমর্থন নকৰো। সেয়েহে মই দলত্যাগৰ সিদ্ধান্ত ল’লো। যোৱা ২৫ বছৰত মই দলৰ এজন আস্থাবান নেতা আছিলো। কিন্তু মই মোৰ অধিকাৰ কেতিয়াও দলত লাভ নকৰিলো।’

Exit mobile version