10 Per Cent Drop Out Of Primary School:প্ৰাথমিকতে ১০ শতাংশৰ শিক্ষা ত্যাগ !

অসমত নিম্ন প্ৰাথমিক ৮.৪৯-উচ্চ প্ৰাথমিক ১০.৩৩ শতাংশ ছাত্ৰ-ছাত্ৰী আধাতে বিদ্যালয় ত্যাগ, অনগ্রসব জিলাত 'স্কুল ড্রপ আউট'ৰ হাৰ অধিক, ক'ভিডকেন্দ্ৰিক আঁচনিৰ সাৰ্থকতাক লৈও প্রশ্ন চিহ্ন, শিক্ষা বিভাগৰ প্ৰতিবেদনক গুৰুত্ব দিবলৈ বাধ্য হৈছে অন্যান্য বিভাগেও

l p dchool

10 Per Cent Drop Out Of Primary School:

ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ নামত শিক্ষা বিভাগে সঘনে নতুন নতুন পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। নতুন ৰাষ্ট্রীয় শিক্ষানীতি গ্রহণৰ নামত এনে তৎপৰতা অধিক বৃদ্ধি হৈছে। সেই প্রচেষ্টাবোৰক কাৰ্যতঃ উপেক্ষা কৰি প্রাথমিক পর্যায়তে যি বৃহৎ হাৰত প্ৰতিবছৰে ছাত্র-ছাত্রীয়ে বিদ্যালয় ত্যাগ কৰি আহিছে সেয়া হৈ পৰিছে গভীৰ উদ্বেগৰ বিষয়।

‘ইউনিফাইড ডিস্ট্রিক্ট ইনফৰমেচন ছিষ্টেম ফৰ এডুকেছন প্লাছ (ইউ ডাইচ+)’-এ শেহতীয়াকৈ চৰকাৰক এই সম্পর্কীয় প্রতিবেদন দাখিল কৰিছে। লক্ষ্যণীয় দিশটো হ’ল যে এই প্রতিবেদনখনক চৰকাৰে অন্যান্য বিভিন্ন দিশেৰেও বিশ্লেষণ কৰিবলৈ বাধ্য হৈছে।

কাৰণ শিক্ষা বিভাগৰ লগত জড়িত এই প্রতিবেদনে চৰকাৰৰ একাংশ আঁচনিৰ প্ৰকৃত কাৰ্যকাৰিতাৰ ওপৰতো প্রশ্ন উত্থাপন কৰিছে। প্রতিবেদনত উল্লেখ কৰা হৈছে যে ক’ভিডৰ পাছৰ পৰা আধাতে বিদ্যালয় ত্যাগ কৰা (ড্রপ আউট) ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক বৃদ্ধি হৈছে। ক’ভিডে সাধাৰণ মানুহৰ জীৱন দুর্বিষহ কৰি তুলিছিল। তাৰ প্ৰভাৱ এতিয়াও অব্যাহত আছে।

ক’ভিডৰ ফলত জীৱন ধাৰণত অধিক জটিলতাৰ মুখত পৰা বিভিন্ন শ্রেণীৰ লোকসকলক সকাহ দির পৰাকৈ প্ৰধানমন্ত্ৰী অন্ন সুৰক্ষা যোজনা, প্রধানমন্ত্রী কৃষক সম্মান নিধি আদি আঁচনি আজিও চৰকাৰে চলাই ৰাখিছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, কৃষক আদিক সকাহ দিবলৈ গ্রহণ কৰা এনেবোেব আঁচনি সত্ত্বেও ক’ভিডব পাছৰ পৰা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ‘ড্রপ আউট’ বৃদ্ধিৰ কাৰণ মানুহৰ আৰ্থিক দুৰৱস্থা বুলিয়েই প্রতিবেদনত গণ্য কৰা হৈছে।

সেই কাবণে প্রতিবেদনখনক চৰকাৰৰ আন আন বিভাগবোৰেও গুৰুত্বসহকাৰে ল’বলৈ বাধ্য হৈছে। আকৌ এই তথ্যও পোহৰলৈ আহিছে যে বাজ্যৰ অনগ্রসব জিলাতেই এই পৰিস্থিতিৰ মাত্রা অধিক।

‘ইউ ডাইচ +’ৰ তথ্যত প্রকাশ যে ২০২২-২৩ ত ৰাজ্যৰ নিম্ন প্রাথমিক বিদ্যালয়ত আধাতে শিক্ষা ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ গড় হাৰ ৮.৪৯ শতাংশ। আনহাতে, উচ্চ প্রাথমিকত এই হাৰ ১০. ৩৩ শতাংশ। এই হা যথেষ্ট উচ্চ বুলি গণ্য কৰা হৈছে। ইয়াৰ পাছতে তথ্য পোহৰলৈ আহিছে যে ২০১৯-২০ ত নিম্ন প্রাথমিকত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ আছিল ৪.৩ শতাংশ। ক’ভিডব বাবে ২০২০-২১ৰ এই হাৰ উলিওৱা সম্ভৱ নহ’ল। তাৰ পাছতে ২০২১-২২ত সেই হাৰ বৃদ্ধি হয় ৬.০২ শতাংশলৈ। একেদৰে উচ্চপ্রাথমিকত ২০২১-২২ত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ আছিল ৮.৮১ শতাংশ।

ইপিনে, সর্বাধিক ২২.৫২ শতাংশ ছাত্র-ছাত্রীয়ে বিদ্যালয় ত্যাগ কৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত। তাৰ পাছতে কৰিমগঞ্জত ১৪.৪৫ শতাংশই বিদ্যালয় ত্যাগ কৰে।

উদ্বেগৰ বিষয় এয়ে যে শিক্ষা গ্রহণ ব্যৱস্থা সুচল আৰু সুলভ কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া গণবেশ (ইউনিফর্ম), মধ্যাহ্ন ভোজন আদি ইয়াৰ ভিতৰত অন্যতম। তৎসত্ত্বেও প্রাথমিক স্তৰতে বিদ্যালয় এৰাৰ প্ৰৱণতা গভীৰ উদ্বেগৰ বিষয় হিচাপে পৰিগণিত হৈছে।

প্রসংগক্রমে উল্লেখ্য যে ২০২৩-২৪ত প্রথমৰ পৰা অষ্টম শ্রেণীলৈ বিতৰণ কৰা বিনামূলীয়া পাঠ্যপুথিৰ সংখ্যা আছিল ৪৬,৬৯,৫০১ খন। তাব বিপৰীতে ২০২২-২৩ত সেই সংখ্যা আছিল ৪১,৫১,৪৯৮ খন। অর্থাৎ বিনামূলীয়া পাঠ্যপুথিৰ সংখ্যা বৃদ্ধি হৈছে। তৎসত্ত্বেও শিক্ষা জীৱনৰ প্ৰাথমিক পর্যায়তে বিদ্যালয় এৰা ছাত্র- ছাত্রীৰ সংখ্যা বৃদ্ধি হৈছে। আকৌ ক’ভিডৰ পাছত এই প্রবণতা অধিক হোৱা বুলি প্রতিবেদনত উল্লেখ কৰাটোও অতি লক্ষ্যণীয়

Exit mobile version