Modi in Jorhat: যোৰহাটৰ হোলোঙাপাৰত বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ

বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ মুঠ উচ্চতা ১২৫ ফুট, প্ৰতিমূৰ্তিৰ উচ্চতা ৮৪ ফুট,বেদীৰ উচ্চতা ৪১ ফুট, ৫০০খন আসনযুক্ত প্ৰেক্ষাগৃহ মুকলি

WhatsApp Image 2024 03 09 at 2.50.58 PM 1

Modi in Jorhat:

শুক্ৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ – পূৰ্বলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দুপৰীয়া অৰুণাচলৰ পৰা যোৰহাটত উপস্থিত হয় ৷

যোৰহাটৰ ঐতিহাসিক হোলোঙাপাৰত কে’বাগৰাকী টাই পুৰোহিতৰ মন্ত্ৰোচ্চাৰনৰে পূজা – অৰ্চনাৰ অন্তত প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দেশবাসীক উৎসৰ্গা কৰে ৷

উল্লেখ্য যে,বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ উচ্চতা ৮৪ ফুট। বেদীৰ উচ্চতা ৪১ ফুট আৰু ভূমিস্তম্ভৰ সৈতে মূৰ্তিৰ উচ্চতা ১২৫ ফুট। ইয়াৰ পাছত মেলেং মেটেলী পথাৰত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰে বিশাল জনসভা।

প্ৰায় কে’বা লক্ষাধিক লোক উপস্থিত থকা মেলেং মেটেলী পথাৰৰ পৰাই একেলগে মুকলি কৰে ৮,৫০০ কোটি প্ৰকল্প ব্যয়ৰে ৫,৫৫,০৫৫টা পি এম এ ৱাইৰ গৃহ। সভাখনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী গৰাকীক বিপুলভাৱে সম্বৰ্দ্ধনা জনায় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ আদৰণী ভাষণত মুখ্যমন্ত্ৰী কয়,উত্তৰ- পূব আঠ ৰাজ্যক উপকৃত কৰি অহা প্ৰধানমন্ত্ৰীয়ে আজি এই সভাতে১৭,৫০০ কোটি ব্যয় সাপেক্ষ বহু কেইটা প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰিব ৷ সদায় অসমৰ উন্নয়ণৰ প্ৰতি আগ্ৰহী প্ৰধানমন্ত্ৰীয়ে আগন্তুক দিনত ৰাজ্য খনৰ উন্নয়নৰ বাবে আৰু বহু দিয়াৰ আগ্ৰহী বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

প্ৰধানমন্ত্ৰীয়ে বিশাল জনসভাক সম্বোধন কৰি কয়,পুৱাতে বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি বহু আপ্লুত হোৱা বুলি উল্লেখ কৰে ৷আনহাতে পূৰ্বৰ শাসকীয় চৰকাৰৰ গাফিলতিৰ বাবে অসমৰ গঁড়ক বিপদত পেলোৱা হৈছিল। কিন্ত ইয়াৰ বিপৰীতে এতিয়াৰ চৰকাৰখনে গঁড় আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে প্ৰচেষ্টা আৰু নিষ্ঠা প্ৰদৰ্শন কৰি আহিছে।

২০২৪ চন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সোণালী জয়ন্তী বৰ্ষৰ বাবে দেশৰ সকলো প্ৰান্তৰ লোকক এবাৰ হ’লেও কাজিৰঙা ভ্ৰমণ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰীয়ে ভাষণত আৰু কয় যে,আজি মোৰ অসমৰ ৫.৫ লাখ পৰিয়ালৰ নিজা পকী ঘৰ থকাৰ সপোন পূৰণ হৈছে। এখন ৰাজ্যত, ৫.৫ লাখ লোকে তেওঁলোকৰ পচন্দৰ পকী ঘৰলৈ পাবলৈ গৈ আছে। কংগ্ৰেছ চৰকাৰৰ সময়ত মানুহে প্ৰতিটো ঘৰৰ বাবে হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্ত আমাৰ চৰকাৰে এট এটা দিনত ৫.৫ লাখ ঘৰ দি আছে।

আনহাতে আমি ১৮ হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষে যি প্ৰকল্পৰ শিলান্যাস বা উদ্বোধন কৰিলো ইয়াৰ জৰিয়তে অঞ্চলটোৰ সৰ্বাগীন উন্নয়ণত আৰু এখোজ আগুৱাই গ’ল ৷আজিৰ অসমৰ শোধন ক্ষমতা দুগুণ বৃদ্ধি পাইছে আৰু নুমলীগড়ৰ শোধন ক্ষমতা তিনিগুণ বৃদ্ধি পাইছে, এয়া উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি খণ্ডৰ বিকাশৰ ক্ষেত্ৰত আমি যি অগ্ৰাধিকাৰ দিছো তাৰ ফল বুলি উল্লেখ কৰে মোডীয়ে ৷

মই অসমলৈ যিমানবাৰ আহিছো প্ৰতিবাৰেই অসমৰ ৰাইজে কৰা মৰমে মোৰ হৃদয় চুই গৈছে, এই মৰম মোৰ আটাইতকৈ ডাঙৰ সম্পদ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ সভাত কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোনোৱাল,ৰামেশ্বৰ তেলী সহ অসম মন্ত্ৰীসভাৰ সদস্য আৰু বিধায়ক সকল উপস্থিত থাকে ৷

উল্লেখ্য যে,এই বিশাল সভাতে পি এম মোডীয়ে ভাৰ্ছুৱেলী উদ্বোধন কৰে ৬২০ কোটি ব্যয় সাপেক্ষ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় |আনহাতে ৫০০ কোটি ব্যয় সাপেক্ষ শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বাবে ৩০০ কোটিৰ প্ৰকল্পৰ শিলান্যাস কৰে মোদীয়ে।

এই সভাতে ভাছুৱেলী উদ্বোধন কৰে ৪,০০০ কোটি ব্যয়ৰ বাৰাউণী- গুৱাহাটী প্ৰাকৃতিক গেছ পাইপলাইন,৬০০ কোটি ব্যয়ৰ নাহৰকটীয়া – বাৰাউণী খাৰুৱা তেলৰ পাইপলাইনৰ বাৰাউণী-গুৱাহাটী খণ্ড পাম্পিং ক্ষমতা সম্পন্ন বৰ্ধিতকৰণ ,৫০ কোটি ব্যয়ৰ দুলীয়াজানৰ ১নং পাম্প ষ্টেচনৰ পৰা ডিগবৈ শোধনাগাৰলৈ খাৰুৱা তেলৰ স্পাৰ লাইনৰ প্ৰতিস্থাপন,৮২০ কোটি ব্যয়ৰে নিউ বঙাইগাঁও-গোৱালপাৰা- কামাখ্যা দ্বৈতকৰণ প্ৰকল্পৰ অধীনস্থ ধূপধৰা -ছয়গাঁও শাখাৰ ৩৪কি:মি:দৈঘ্যৰ ৰে’লপথৰ দ্বৈতকৰণ,৫২০ কোটি ব্যয় সাপেক্ষনিউ বঙাইগাঁও – ৰঙিয়া- আগিয়াঠুৰি দ্বৈতকৰণ প্ৰকল্পৰ নিউ বঙাইগাঁও- সৰুভোগ শাখাৰ ৩৬ কি:মি:দৈঘ্যৰ দ্বৈতকৰণ ৰে’লপথ ,আ ডিগবৈ শোধানাগাৰৰ বহন ক্ষমতা বৃদ্ধিৰ  ৷

একেদৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰ্চুৱেলী ৫০০ কোটি ব্যয়ৰ সাপেক্ষ কেটেলাইটিক ৰিফৰ্মাৰ ইউনিট স্থাপনৰ সৈতে গুৱাহাটী শোধনাগাৰৰ বাৰ্ষিক ক্ষমতা ১.০ ৰ পৰা ১.২ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধিকৰণ আৰু ৩০০ কোটি ব্যয়ৰ ভাৰতীয় তেল নিগমৰ গুৱাহাটী মহানগৰীৰ বেতকুছিস্থ টাৰ্মিনেলৰ সুবিধা সমূহৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণৰ শিলান্যাস কৰে ৷

Exit mobile version