PETA Affidavit: Demand for Total Prohibition:এছ অ’পিক ভেঙচালি কৰি নিৰ্ধাৰিত সময় উকলাৰ পাছতো ম’হ যুঁজ

পেটাৰ শপতনামাঃ সম্পূৰ্ণ নিষিদ্ধকৰণৰ দাবী

gh

PETA Affidavit: Demand for Total Prohibition:

অসম চৰকাৰে নির্দিষ্ট সময়সীমা ধার্য কৰি নীতি- নির্দেশনা জাৰি কৰিলেও তাৰ ব্যাপক উলংঘনেৰে ৰাজ্যত ম’হ যুঁজ চলি থকা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে ক্ষোভ ব্যক্ত কৰিছে। সেইবাবে চৰকাৰক নীতি- নির্দেশনা তথা এছঅ’পিৰ সঠিক ৰূপায়ণ নিশ্চিত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। মাঘ বিহুৰ সময়ত অসমত ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হৈ আহিছে।

এনে যুঁজে পশু-পক্ষীৰ ওপৰত চলা নৃশংসতাক প্রতিনিধিত্ব কৰে আৰু সেইবাবে এইবোৰ নিষিদ্ধ কৰাৰ আবেদনেৰে (পিপল ফৰ দ্য এথিকেল ট্রিটমেন্ট অব এনিমেলছ'(পেটা) এ উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। ইয়াৰ ভিত্তিত যোৱা ছয় ফেব্রুৱাৰীত ন্যায়ালয়ে অসম চৰকাৰৰ এছঅ পি অনুসৰি কেৱল ১৫ ৰ পৰা ২৫ ফেব্ৰুৱাৰীৰ ভিতৰতহে এই যুঁজ অনুষ্ঠিত কৰিব পাৰিব বুলি ৰায় দিছিল।

উল্লেখ্য যে ন্যায়ালয়ৰ হস্তক্ষেপত অসমত বিগত কে’বাবছৰৰ পৰা ম’হ যুঁজ, হাজোৰ প্ৰসিদ্ধ বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হোৱা নাছিল। কিন্তু এইবাৰ অসম
চৰকাৰে এছঅ পি জাৰি কৰি উক্ত নির্দিষ্ট সময়সীমাৰ ভিতৰত এই যুঁজ অনুষ্ঠিত কৰাত অনুমতি দিয়ে। কিন্তু পেটাই শেহতীয়াকৈ ন্যায়ালয়ত তথ্য দাখিল কৰে
যে উক্ত সময়সীমাৰ পাছতো কে’বাখনো ঠাইত ম’হ যুঁজ অনুষ্ঠিত হয়।

উদাহৰণ স্বৰূপে নগাঁও জিলাৰ ৰহাৰ কৰৈগুবি আৰু কাছমাৰীৰ নাম উল্লেখ কৰা হয়। তেনেদৰে আন কে’বাটাও স্থানত নির্ধাৰিত সময়সীমা উকলি যোৱাৰ পাছত ম’হ যুঁজ অনুষ্ঠিত হয় বুলি তথ্য দাখিল কৰা হয়। ফলত ন্যায়ালয়ে এছঅ’পি উলংঘা হোৱা বুলি ৰাজ্য চৰকাৰক সমালোচনা কৰে। এছঅপি বলবৎ সম্পূর্ণ কৰিবলৈও চৰকাৰক নির্দেশ দিয়ে।

লেখ আবেদনখনত উল্লেখ কৰা হৈছে যে ম’হ যুঁজৰ নামত যুঁজাৰু ম’হবোৰৰ ওপৰত নির্মম অত্যাচাৰ কৰা হয়। একেদৰে বুলবুলি চৰাইবোৰৰৰ ওপৰতো অত্যাচাৰ চলে। এইবোৰৰ দ্বাৰা জন্তুৰ অধিকাৰ খৰ্ব কৰা হৈছে।

Exit mobile version