Congress Announces List Of Candidates For Lok Sabha Elections:লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

অসমৰ ১২ সমষ্টি সহ দেশৰ ৪৩ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা, গৌৰৱ গগৈ যোৰহাটত,প্ৰদ্যুত বৰদলৈ পুনৰ নগাঁও সমষ্টিত, নাম কটা গ'ল আব্দুল খালেকৰ

gurav gogoi

Congress Announces List Of Candidates For Lok Sabha Elections:

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিয়ে অসমৰ ১২ সমষ্টি সহ দেশৰ ৪৩ টা সমষ্টিৰ প্ৰাৰ্থীৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হয় ৷ সেই অনুসৰি যোৰহাটত গৌৰৱ গগৈ ,পুনৰ দ্বিতীয়বাৰৰ বাবে নগাঁৱত প্ৰদ্যুত বৰদলৈ, শোণিতপুৰত প্ৰেমলাল গঞ্জু,কোকোৰাঝাৰত( এছটি) গৰ্জন মুছাহাৰী,বৰপেটাত দ্বীপ বায়ন,ধুবুৰীত ৰকিবুল হুছেইন,দৰং- ওদালগুৰিত মাধৱ ৰাজবংশী,গুৱাহাটীত মীৰা বৰঠাকুৰ গোস্বামী,ডিফু(এচটি)জয়ৰাম ইংলেং,শিলচৰত(এছচি)সূৰ্যকান্ত সৰকাৰ কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী ৷

আজি তালিকাত বৰপেটাৰ সাংসদ আব্দুল খালেকে নাপালে স্থান ৷ বৰপেটাত প্ৰাৰ্থীত্ব দিয়া হয় দ্বীপ বায়নক ৷

আনহাতে আজি ঘোষিত তালিকাত গুজৰাটৰ ৭,মধ্য প্ৰদেশৰ ১০,ৰাজস্থানৰ ৭ ,উত্তৰাখণ্ডৰ ৩ আৰু দমন দিউৰ এজন প্ৰাৰ্থীৰ নামো ঘোষণা কৰা হয় ৷

Exit mobile version