Tinsukia Child Murder:পাষাণ পিতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল চাৰিবছৰীয়া দেৱশিশুৰ

মাতৃৰ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত,চিকিৎসালয়ত ভৰ্তি, হত্যাকাৰী শম্ভু প্ৰজাক গ্ৰেপ্তাৰ

murder

Tinsukia Child Murder:

পাষাণ পিতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল চাৰিবছৰীয়া দেৱশিশুৰ ৷ এই লোমহৰ্ষক ঘটনা আজি সংঘটিত হয় তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ফিল’বাৰী হোলোংগুৰি গাঁৱত ৷

আজি পুৱাৰ ভাগতেই শম্ভু প্ৰজা নামৰ লোকজনে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে নিজৰে চাৰিবছৰীয়া দেৱশিশুটিক। একেদৰে ঘপিয়াই নিজ পত্নী চালমী প্ৰজাকো ৷

আনহাতে এই নৃশংস হত্যাকাণ্ডৰ খবৰ লাভ কৰি ঘটনাস্থলীত পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ তেজেৰে তুমৰলি হৈ পৰা আঘাতপ্ৰাপ্ত চালমী প্ৰজাক ততাতৈয়াকৈ প্ৰেৰণ কৰে কৰে ডিগবৈ অসামৰিক চিকিৎসালয়লৈ। কিন্ত অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হয় ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়লৈ

ইতিমধ্যে হত্যাকাৰী শম্ভু প্ৰজাক ৰাইজে আবদ্ধ কৰি থৈছিল পলাব নোৱাৰাকৈ ৷ আৰক্ষীয়ে ৰাইজৰ জিন্মাৰ পৰা গ্ৰেপ্তাৰ কৰিছে পেঙেৰী আৰক্ষীয়ে। কি কাৰণত নিজ শিশু পুত্ৰক হত্যা কৰি পত্নীক আক্ৰমণ কৰিলে এই সন্দৰ্ভত জানিব পৰা নাই যদিও প্ৰায়ে সুৰাপান কৰি ঘৰত আহি দৈনিক হুলস্থূল কৰি পুত্ৰ – পত্নীক মাৰধৰ কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ।

Exit mobile version