11 Candidates Banned From Re-Candidate for Failing to Submit Election Expenditure Accounts Send Feedback:নির্বাচনী ব্যয়ৰ হিচাপ দাখিল নকৰা ১১জনৰ পুনৰ প্ৰাৰ্থিত্বত নিষেধাজ্ঞা

eci 1

11 Candidates Banned From Re-Candidate for Failing to Submit Election Expenditure Accounts Send Feedback:

জনপ্রতিনিধি হ’বলৈ গৈয়ো নীতি-নির্দেশনাক গুৰুত্ব নিদিয়াৰ অপৰাধত অসমৰ ১১ জন লোকৰ বিৰুদ্ধে পুনৰ ভোট যুদ্ধত অৱতীর্ণ হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে দেশৰ নির্বাচন আয়োগে। আয়োগৰ নিয়ম অনুসৰি, লোকসভা অথবা বিধানসভা নির্বাচন শেষ হোৱাৰ পাছত প্রার্থীসকলে তেওঁলোকৰ নিৰ্বাচন ব্যয়ৰ হিচাপ দাখিল কৰিব লাগে।

যদি কোনোৱে এই নিয়ম উলংঘা কৰে, তেনেহ’লে আয়োগে ন্যূনতম তিনি বছৰৰ বাবে সেইসকলৰ বিৰুদ্ধে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে। ৰিপ্রেজেন্টেছন অৱ পিপুল এক্ট, ১৯৫১ৰ ১০ (ক) ধাৰা অনুসৰি আয়োগে এই ব্যৱস্থা গ্রহণ কৰাৰ নিয়ম আছে।

এই নিয়ম উলংঘা কৰাৰ বাবেই ৰাজ্যৰ ১১ জন পূৰ্বৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ বিৰুদ্ধে এইবাৰ আয়োগে নিষেধাজ্ঞা জাৰি কৰিছে। এই লোককেইজন হ’ল দৰং জিলাৰ উপহুপাৰা গাঁৱৰ যাদৱ শইকীয়া, ওদালগুৰি জিলাৰ এক নম্বৰ কলাইগাঁৱৰ ৰাধেশ্যাম চৌহান, দৰঙৰ গাৰগৰি গাঁৱৰ থানুৰাম শইকায়া, ওদালগুৰিৰ জালুকবাৰীৰ গীম্বৰ মুছাহাৰী, দৰঙৰ আঠাকুৰিপাৰা গাঁৱৰ ছাইফুল হক, বৰপেটা জিলাৰ যশ্বীবাৰী গাঁৱৰ আৰিফুল ইছলাম, বজালী জিলাৰ বিছানকুছি গাঁৱৰ শিবেন দাস, গুৱাহাটীৰ হেঙেৰাবাৰীৰ দিৱস ফুকন, গুৱাহাটীৰ উলুবাৰীৰ ৰক্তিম মাভা স্বামী, গুৱাহাটীৰ কইনাধৰাৰ দুলাল বৰা আৰু বাত্সা জিলাৰ কুম্ভিঝাৰ গাঁৱৰ যশোৱন্ত চৌহান।

এই নিষেধাজ্ঞা সন্দৰ্ভত অসমৰ নির্বাচন বিষয়ালৈ দেশৰ নিৰ্বাচন আয়োগে প্রয়োজনীয় নির্দেশনাৱলী প্ৰেৰণ কৰিছে। ৰাইজৰ পৰিচিত নহ’লেও জনপ্রতিনিধি হ’ব বিচৰা এই ১১ জনৰ বিৰুদ্ধে গ্রহণ কৰা ব্যৱস্থাৰ জৰিয়তে নির্বাচন আয়োগে নির্বাচনী নিয়ম উলংঘা কৰা বিষয়টো যে তেওঁলোকে ভবাৰ দৰে ইমান টুলুঙা নহয় তাকেই স্পষ্ট কৰি দিব বিচাৰিছে বুলি নির্বাচন বিভাগৰ শীৰ্ষ সূত্ৰই মন্তব্য কৰে।

Exit mobile version