Tense Situation at Guwahati University:গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু এবিভিপিৰ মাজত সংঘাত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি কে বি প্ৰেক্ষাগৃহত প্ৰৱেশক লৈ সংঘটিত হয় সংঘাত

gu 1

Tense Situation at Guwahati University:

গুৱাহাটী বিশ্ববিদ্যালয়ত সোমবাৰে সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি । স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আৰু এবিভিপিৰ মাজত হোৱা সংঘাতত আহত বহুকেইগৰাকী ছাত্ৰ।

উল্লেখ্য যে,কা’ বিৰোধী স্থিতিত অটল থকা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই বি কে বি প্ৰেক্ষাগৃহত এক সভা অনুষ্ঠিত কৰি থকাৰ সময়তে এবিভিপিৰ এটা দলে প্ৰেক্ষাগৃহত প্ৰৱেশক লৈ তীব্ৰ সংঘাত হয় ।

স্নাতকোত্তৰ ছাত্ৰ সন্থা কৰ্মকৰ্তা সকলে এবিভিপিৰ বিৰুদ্ধে কা’বিৰোধী শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ একেদৰে এবিভিপিৰ নেতা-কৰ্মী সকলেও ফেপেৰিপাতি ধৰাত দুয়োপক্ষৰ মাজত হতাহতি হয় ৷ ফলত আহত হয় বহু কেইজন ছাত্ৰ ৷

আনহাতে স্নাতকোত্তৰ ছাত্ৰ সন্থাই অৰ্ধ শতাধিক সদস্যই বি কে বি প্ৰেক্ষাগৃহৰ বাহিৰলৈ আহি হাতত প্লেকাৰ্ড লৈ কা’বিৰোধী শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

Exit mobile version