Huge Koran in Jaipur: জয়পুৰত বিশাল আকাৰৰ কোৰান

কোৰান খনৰ ওজন আঢ়ৈ কুইণ্টল, কোৰান দৰ্শনৰ বাবে জয়পুৰত ভিৰ সহস্রাধিক লোকৰ

koran

Huge Koran in Jaipur:

ৰাজস্থানৰ ৰাজধানী জয়পুৰত সম্প্ৰতি এখন আঢ়ৈ কুইণ্টল ওজনৰ কোৰান চৰ্চাৰ বিষয়ত পৰিণত হৈছে। জয়পুৰত থকা ৰবীন্দ্ৰ মঞ্চত চাৰে ১০ ফুট উচ্চতাৰ আৰু ১৭ ফুট দৈৰ্ঘৰ এই কোৰান দৰ্শনাৰ্থীৰ বাবে এক আকর্ষণত পৰিণত হৈছে।

কোৰানখন তৈয়াৰ কৰা মৌলানা জমিল কাদৰী চিস্তি তংকীয়ে দাবী কৰা অনুসৰি এইখনে হৈছে বিশ্বৰ সৰ্ববৃহৎ কোৰান। ৰমজান মাহ ইতিমধ্যে আৰম্ভ হ’ল আৰু ইছলামৰ পবিত্ৰ মাহত বৃহৎ আকাৰৰ কোৰানখন দৰ্শন কৰিবলৈ দৈনিক সহস্রাধিক লোকে জয়পুৰৰ ৰবীন্দ্ৰ মঞ্চত ভিৰ কৰিছে।

এই কোৰানৰ প্ৰতিটো পৃষ্ঠাত ৪১ পংক্তি লিখা আছে। বৃহদাকাৰৰ কোৰানৰ এটা পৃষ্ঠা লুটিয়াবলৈ দুজন লোকৰ প্ৰয়োজন হয়।

Exit mobile version