Sarbananda Sonowal Visit Krishnaguru Ashram:
যুৱশক্তিক দেশৰ মহাশক্তি হিচাপে অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্ৰিয় ভূমিকা ল’বলৈ আহ্বান জনায়। এই যুৱশক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰতৰ সপোনক ন উদ্যমেৰে আগুৱাই নিব বুলি সোণোৱালে উল্লেখ কৰে।
তেখেতে কয়, “জীৱনৰ প্ৰতিটো শুভ কামত পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ আশিসে মোক অনুপ্ৰেৰণা যোগাই আহিছে। পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ স্মৃতিজড়িত নসত্ৰৰ এই পৱিত্ৰ স্থানলৈ আহিলে প্ৰতিবাৰেই কৰ্মক্ষেত্ৰত ন-উদ্যমেৰে আগুৱাই যাবলৈ মই সাহস আৰু শক্তি লাভ কৰোঁ। কৃষ্ণগুৰু সেৱাশ্ৰমত আজি ভক্তিপ্ৰাণ ৰাইজৰ সান্নিধ্য লভি ধন্য হৈছোঁ। গুৰুৰ আশিস শিৰত লৈ সমাজ, ৰাজ্য তথা দেশক সৰ্বাংগসুন্দৰ কৰাৰ বাবে আমি ন উদ্যমেৰে কাম কৰাৰ সংকল্প লৈছোঁ। তেখেতৰ আদৰ্শ অনুসৰণ কৰি আমি সকলোৱে মানৱীয় প্ৰমূল্যবোধ আৰু সাতামপুৰুষীয়া সমন্বয় সুদৃঢ় কৰাত মনোনিৱেশ কৰোঁ আহক।”
সোণোৱালে লগতে কয়, “সমন্বয় আৰু ভক্তিচেতনাই সমাজ সুদৃঢ় কৰে। ভক্তি, সততা, নিষ্ঠাই জীৱনক সমৃদ্ধ কৰে। ভক্তিৰ আলোকেৰে উদ্ভাসিত হৈ আমি ন-উদ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত আগুৱাই যোৱাৰ শক্তি লাভ কৰিব লাগিব। ভক্তিতেই আছে শক্তি-শান্তি-সম্প্ৰীতি। ভক্তিমাৰ্গে আমাক সুস্থ আৰু যোগাত্মক চিন্তাৰ অধিকাৰী হৈ আগুৱাই যাবলৈ উৎসাহিত কৰে।”
সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভক্তিচেতনা আৰু আধ্যাত্মিকতাক জীৱন যাত্ৰাৰ শক্তিশালী অংশ হিচাপে লৈ দেশক সবল কৰাত অগ্ৰণী ভূমিকা লৈ আহিছে। সুদীৰ্ঘ বাৰ বছৰৰ মূৰত অনুষ্ঠিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ এমহীয়া একনাম অখণ্ড কীৰ্তনতো তেখেতে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল আৰু বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনকে ধৰি সেৱাশ্ৰমৰ বিভিন্ন অনুষ্ঠানে কিদৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বুকুত আধ্যাত্মিক চেতনা জাগ্ৰত কৰি তুলিছে আৰু প্ৰাচীন ভাৰতীয় জ্ঞান, সেৱা আৰু মানৱতাৰ পৰম্পৰাৰ প্ৰসাৰ কৰিছে, সেই সন্দৰ্ভত মোদীয়ে মনোগ্ৰাহী আলোকপাত কৰিছিল।
সোণোৱালে উল্লেখ কৰে, “যুৱশক্তি ~ ভাৰতৰ মহাশক্তি। এই যুৱশক্তি শক্তিশালী হ’লেহে দেশ শক্তিশালী হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ লোৱাৰ পৰাই বিগত প্ৰায় ১০ বছৰে যুৱপ্ৰজন্মৰ সবলীকৰণৰ দিশটোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে। বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে যুৱপ্ৰজন্মৰ বাবে বিভিন্ন কল্যাণকামী আঁচনি তথা পদক্ষেপ গ্ৰহণৰ লগতে যুৱশক্তিক দেশৰ উন্নয়নৰ নৱজাগৰণৰ মহাশক্তিলৈ ৰূপান্তৰিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ যুৱশক্তিৰ আশা-আকাংক্ষা বাস্তৱায়িত হৈছে। ২০৪৭ চনৰ অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ বুকুত এখন আত্মনিৰ্ভৰ আৰু আগশাৰীৰ শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ দিশত এই যুৱশক্তিয়ে সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি দৃঢ় বিশ্বাসী।”
সোণোৱালে লগতে কয়, “এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভাগ ল’বলগীয়া নতুন ভোটাৰসকলক মই শুভকামনা জনালোঁ। তেওঁলোক দেশৰ প্ৰগতিৰ নতুন ধ্বজাবাহক। অনাগত দিনবোৰত ভোটাধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় আৰু জাতীয় দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ যুৱশক্তিক আহ্বান জনালোঁ।”