Train accident In Barpeta Road:বৰপেটা ৰোডত ৰে’ল দুৰ্ঘটনা

লাইনচ্যুত হ'ল উজনিমুৱা মালবাহী ৰে’ল, দুৰ্ঘটনাৰ পিছতে তৎপৰতাৰে আৰম্ভ উদ্ধাৰ অভিযান

train

Train accident In Barpeta Road:

বৰপেটা ৰোডত ৰে’ল দুৰ্ঘটনা। উজনিমুৱা মালবাহী ৰে’ল এখন লাইনচ্যুত হৈ বাগৰি পৰিল ৷ উল্লেখ্য যে, মালবাহী খনে ৰে’ল বিভাগৰ সামগ্ৰী কঢ়িয়াই আনিছিল ৷ কিন্ত হঠাতে ৰে’ল খন লাইনচ্যুত হোৱাৰ পাছতে হুৱাদুৱা লাগে ৷

ইতিমধ্যে ঘটনাস্থলীত ৰে’ল বিভাগৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ তৎপৰতাৰে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।
অৱশ্যে লাইনচ্যুত ৰে’ল খনৰ আংশিক ক্ষয়ক্ষতি হয় ৷ বৰপেটা ৰোড ৰে’ল ষ্টেচনৰ পৰা কিছু নিলগতে সংঘটিত হয় দুৰ্ঘটনাটি ।

আনহাতে দুৰ্ঘটনাস্থলীত ৰে’ল বিভাগৰ জ্যেষ্ঠ বিষয়া উপস্থিত হৈ দুৰ্ঘটনাৰ বুজ লয় ৷

Exit mobile version