Humene AI Pin:স্মার্টফোন যুগৰ অন্ত !

এইবাৰ আহি আছে হিউমেন এআই পিন

it pin

Humene AI Pin:

ক্ষুদ্র এক সঁজুলি। এই সঁজুলি আপুনি নিজৰ পোছাকত বেজৰ দৰে লগাব পাৰিব। এই সঁজুলি আপোনাৰ লগত থাকিলে আপোনাক আৰু স্মার্টফোনৰ প্রয়োজন নহ’ব।

স্মার্টফোনৰ দৰে একাধিক কর্মসম্পন্ন কৰিব পাৰিব হিউমেন এআই পিনে। কিন্তু কেনেকৈ স্মার্টফোনৰ বিকল্প হ’ব এই সঁজুলি?। দৰাচলতে আমেৰিকাৰ হিউমেন নামৰ এটা প্রযুক্তি প্রতিষ্ঠানে কৃত্রিম বুদ্ধিমত্তা (এআই)ক হাতিয়াৰ হিচাপে লৈ তৈয়াৰ কৰিলে এক চমকপ্রদ সঁজুলিৰ।

এপেলৰ দুই প্রাক্তন কর্মী ইমৰান চৌধুৰী আৰু বেথানি ব’ঙ্গীয়’ন’ই এই সঁজুলি তৈয়াৰ কৰিলে। অলপতে বার্চিলোনাত অনুষ্ঠিত ম’বাইল ৱ’র্ল্ড কংগ্রেছ ইভেন্ট অনুষ্ঠানত এই নতুন সঁজুলি প্রদর্শন কৰিছিল ইমবান আৰু বেথানিয়ে। দুই উদ্ভাৱকে স্মার্টফোনৰ অন্যতম বিকল্প হিচাপে হিউমেন এআই ডিভাইচত দাবী কৰিলে। এই ক্ষুদ্র ডিভাইচত স্মার্টফোনৰ দৰে প্ৰায়বোৰ বৈশিষ্ট্য যেনে কেমেৰা, ভয়চ ৰেকর্ড আদিৰ সুবিধা আছে।

তদুপৰি প্রায় ৫০টা ভাষা অনুবাদ কৰিবলৈ সক্ষম এই ক্ষুদ্র সঁজুলি। ফোনক’ল আৰু মেছেজৰ সুবিধাৰ লগতে স্মার্টফোনৰ প্ৰায়বোৰ বিশেষত্ব সমৃদ্ধ হিউমেন এআই পিন সঁজুলি আগন্তুক সময়ত বিশ্বজুৰি জনপ্রিয় হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version