Daulotsav at Sri Sri Dol Gobinda Temple:কাইলৈৰ পৰা উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত দৌলোৎসৱ

dol utsav

Daulotsav at Sri Sri Dol Gobinda Temple:

দেওবাৰৰ পৰা উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত দৌলোৎসৱ । সন্ধিয়া ৬-৩০ বজাত মেষদাহ পৰ্বৰে আৰম্ভ হ’ৱ দৌলোৎসৱৰ কাৰ্যসূচী ।

মহাপ্ৰভু দৌল গোবিন্দক সুসজ্জিত সিংহাসনত স্থাপন কৰি ব্ৰহ্মপুত্ৰৰ পাৰলৈ অনা হ’ব । ব্ৰহ্মপুত্ৰৰ পাৰতে পূজাৰীয়ে যথাৰীতি মতে সম্পন্ন কৰিব মেষদাহ পৰ্ব ।

ইফালে, ৫ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা দৌলোৎসৱক লৈ ভীষণ ব্যস্ততা দৌল গোবিন্দ মন্দিৰত । বিগত বছৰৰ দৰে এইবেলিও দৌল গোবিন্দ মন্দিৰৰ দৌলোৎসৱত প্ৰায় ডেৰ লক্ষাধিক ভক্তৰ আগমন আশা কৰিছে পৰিচালনা সমিতিয়ে ।

Exit mobile version