AFSPA Act Has Been Extended To Six Months In Eight Districts of Nagaland And Three Districts of Arunachal :নাগালেণ্ডৰ ৮ খন আৰু অৰুণাচলৰ ৩ জিলাত ছমাহলৈ বৃদ্ধি আফস্পা আইনৰ ম্যাদ

afsa

AFSPA Act Has Been Extended To Six Months In Eight Districts of Nagaland And Three Districts of Arunachal :

কেন্দ্ৰীয় চৰকাৰে আগন্তুক ছয় মাহৰ বাবে চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচলৰ কে’বাখনো জিলাত পুনৰ ম্যাদ বৃদ্ধি কৰিলে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা

উল্লেখ্য যে, গৃহ মন্ত্ৰণালয়ে ৰাজ্যসমূহৰ আইন-শৃংখলাৰ পৰিস্থিতি পুনৰীক্ষণ কৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে ।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি নাগালেণ্ডৰ আঠখন জিলা আৰু পাঁচখন জিলাৰ ২১ খন আৰক্ষী থানা এলেকাত আৰু অৰুণাচলৰ তিনিখন জিলাৰ তিনি আৰক্ষী এলেকাত আফস্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছে।

নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমাউকেডিমা, মন, কিফিৰে, নোক্লক, ফেক আৰু পেৰেন জিলাত আৰু অৰুণাচলৰ টিৰাপ, চাংলাং আৰু লংডিং জিলা সহ নামচাইৰ জিলাৰ তিনিখন আৰক্ষী থানা ক্ৰমে নামছাই, মহাদেৱপুৰ, চৌখামৰ এলেকাতো বৃদ্ধি কৰা হৈছে আফস্পাৰ আইনখনৰ ম্যাদ

উল্লেখ্য যে,গৃহ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিছে আইনখনৰ ম্যাদ ৷

Exit mobile version