Finance Minister Nirmala Sitharaman will not contest the polls due to lack of funds:ধনৰ অভাৱৰ বাবেই নিৰ্বাচন নেখেলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে !

nirmala

Finance Minister Nirmala Sitharaman will not contest the polls due to lack of funds:

লোকসভা নিৰ্বাচনকলৈ সমগ্ৰ দেশত ব্যাপত তৎপৰতা অব্যাহত থকাৰ বিপৰীতে শাসনাধিষ্ঠ বিজেপিৰ এগৰাকী শীৰ্ষনেত্ৰীয়ে ধনৰ অভাৱৰ বাবেই নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লৈছে ৷ নেত্ৰী গৰাকী হ’ল দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

সীতাৰমণে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অস্বীকাৰ কৰিছে ৷ ইয়াৰ কাৰণ নিৰ্বাচন খেলিবলৈ তেওঁৰ ধনৰ অভাৱ

উল্লেখ্য যে,বিজেপিৰ শীৰ্ষ নেতৃত্বই ৰমণক তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ কোনো এটা সমষ্টিত তেওঁৰ পচণ্দ অনুসৰিনিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰিবলৈ অনুৰোধ জনাইছিল ৷ কিন্ত নেত্ৰী গৰাকীয়ে শীৰ্ষ নেতৃত্বৰ প্ৰস্তাৱ মানি লোৱা নাই ৷

স্মতৰ্ৱ্য যে,তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত অবিজেপি চৰকাৰ শাসনত অধিষ্ঠিত হৈ আছে এনেক্ষেত্ৰত দুয়োখন ৰাজ্যত নিৰ্বাচনত অৱতীৰ্ণ হ’লে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে নেত্ৰী গৰাকী ৷ এনে আশংকা কৰিয়ে সীতাৰমণে অৰ্থৰ অভাৱৰ অজুহাত দেখুৱাই নিৰ্বাচনৰ ৰণত নমাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয় ৷

উল্লেখ্য যে,এক ৰাজহুৱা সভাত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “এসপ্তাহ বা দহ দিনতকৈ অধিক সময় চিন্তা কৰাৰ পিছত মই এই সিদ্ধান্তত উপনীত হৈছোঁ। নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ মোৰ হাতত সেই ধৰণৰ টকা নাই।” ‘ভাৰতীয় জনতা পার্টিয়ে মোৰ যুক্তি মানি লোৱাৰ বাবে মই কৃতজ্ঞ… গতিকে মই প্রতিদ্বন্দ্বিতা নকৰোঁ।’অৱশ্যে, সীতাৰমণে কয় যে তেওঁ এতিয়াও আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰচাৰাভিযানৰ অংশ হৈ থাকিব। কেন্দ্রীয় মন্ত্রী ৰাজীৱ চন্দ্ৰশেখৰকে ধৰি একাধিক বিজেপি প্রার্থীৰ বাবে প্ৰচাৰ চলাব।

মনকৰিবলগীয়া যে,এইবাৰ সীতাৰমণে নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে যদিও বিজেপিয়ে পীযুষ গোৱাল, ভূপেন্দ্ৰ যাদৱ, ৰাজীৱ চন্দ্ৰশেখৰ,মনসুখ মাণ্ডবিয়া, জ্যোতিৰাদিত্য সিন্ধিয়া,সৰ্বানন্দ সোনোৱালকে ধৰি একাধিক বৰ্তমানৰ ৰাজ্যসভাৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে। আনহাতে ,সীতাৰমণ বৰ্তমান ৰাজ্যসভাৰ সদস্য ৷

Exit mobile version