YouTube Deletes 2.2 Million Videos in India:ভাৰতত ২২ লাখ ভিডিঅ’ ডিলিট কৰিলে ইউটিউবে

দুই কোটি চেনেল হ'ল বন্ধ

youtube

YouTube Deletes 2.2 Million Videos in India:

গুগলৰ ভিডিঅ‘ স্ত্রীমিং প্লেটফর্ম ইউটিউবে এক বৃহৎ পদক্ষেপ গ্রহণৰে এই প্লেটফৰ্মৰ পৰা ২.২৫ নিযুত অর্থাৎ প্রায় ২২.৫ লাখ ভিডিঅ’ ডিলিট কৰিলে।

ইউটিউৱে ২০২৩ৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ সময়ছোৱাত এই পদক্ষেপ গ্রহণ কৰিছিল। ইউটিউবে সদৰী কৰা অনুসৰি, সামাজিক মাধ্যমটোৰ কমিউনিটি নির্দেশনা উলংঘন কৰাৰ কাৰণত ২২.৫ লাখ ভিডিঅ’ ডিলিট কৰি ইউটিউবৰ পৰা মচি দিয়া হ’ল।

যদি ইউটিউব চেনেলে ৯০ দিনত তিনিবাৰ কমিউনিটি গাইডলাইন উলংঘন কৰে, তেন্তে তেনে চেনেল প্রতিষ্ঠানটোৱে বন্ধ কৰি দিয়ে। ভাৰতৰ পাছত ইউটিউবে ছিংগাপুৰত ১,২৪,৮৩৭ আৰু আমেৰিকাত ৭,৮৮,৩৫৪ৰো অধিক ভিডিঅ’ ডিলিট কৰিলে।

ইফালে, ২০২৩ৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ সময়ছোৱাত ইউটিউবে দুই কোটি চেনেল বন্ধ কৰিলে।

Exit mobile version