Union government Has Increased NREGA Wages:নির্বাচনী আচৰণ বিধি বলৱতৰ মাজতে এনৰেগাৰ মজুৰি বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে

আন ৰাজ্যত ১০ শতাংশৰ বিপৰীতে অসমত মজুৰি ৩.৯৩ শতাংশহে বৃদ্ধি

mgnrega

Union government Has Increased NREGA Wages:

নির্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে কেন্দ্রীয় চৰকাৰে বৃদ্ধি কৰিলে এমজি এনৰেগাৰ শ্ৰমিকৰ মজুৰি। এই সিদ্ধান্তই নিঃসন্দেহে শ্রমিকসকললৈ সুখবৰ কঢ়িয়াই আনিছে যদিও নির্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে মজুৰি বৃদ্ধিৰ সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছে। অহা পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশৰ প্ৰতিখন ৰাজ্যতে এমজি এনৰেগা আঁচনিৰ অধীনত থকা জৱকার্ডপ্রাপ্ত শ্রমিকসকলৰ দৈনিক মজুৰি তিনিৰ পৰা ১০ শতাংশ হাৰত বৃদ্ধি কৰা হৈছে। কেন্দ্রীয় চৰকাৰে আজি এই প্রসংগত সদৰী কৰিছে যে মজুৰি বৃদ্ধিৰ জাননী জাৰি কৰাৰ পূর্বে কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রণালয়ে  নির্বাচন আয়োগৰ অনুমতি বিচাৰিছিল।

যিহেতু মজুৰিৰ হাৰ প্ৰতি বছৰেই সংশোধন হয়, সেয়েহে আগন্তুক বৰ্ষৰ বাবেও এই হাৰ বৃদ্ধিৰ ক্ষেত্ৰত নির্বাচন আয়োগে কোনো হকা-বাধা নকৰিলে। অসমতো মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিতকৰণ আইন (এমজি এনৰেগা)ৰ অধীনত অহা পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ শ্রমিকৰ মজুৰি বৃদ্ধি কৰা হৈছে মাথোঁ ৩.৯৩ শতাংশ হাৰত।

উল্লেখ্য যে অসমত এই পর্যন্ত সর্বমুঠ জৱকার্ড বিতৰণ কৰা হৈছে ৬৮.৯২ লাখ পৰিয়ালক। ইয়াৰে ভিতৰত মুঠ শ্ৰমিকৰ সংখ্যা ১১৬.৮৬ লাখ। ৰাজ্যখনত প্রায় ৬৯ লাখ জৱকার্ড যোগান ধৰিলেও মজুৰিৰ হাৰ তেনেই কম হোৱাৰ লগতে শ্রমিকে কাম বিচাৰিলেও নোপোৱাৰ পৰিপ্ৰেক্ষিতত এমজি এনৰেগাৰ অধীনত কাম কৰাৰ ধাৰাবাহিকতা বহুলাংশে হ্রাস পাইছে। ফলত সম্প্রতি ৰাজ্যখনত সক্রিয় হৈ থকা জৱকাৰ্ডৰ সংখ্যা ৪২.২১ লাখলৈ হ্রাস পোৱাৰ লগতে সক্রিয় শ্রমিকৰ সংখ্যা ৬৩.৯৮ লাখলৈ হ্রাস পাইছে।

ৰাজ্যখনত এমজি এনৰেগাৰ অধীনত কাম লাভৰ আশা পৰিত্যাগ কৰাৰ মূলতেই হ’ল শ্ৰমিকৰ মজুৰিৰ হাৰ তেনেই নিম্নমানৰ। সেয়েহে ৰাজ্যখনত এমজি এনৰেগাৰ শ্ৰমিকৰ মজুৰিৰ হাৰ দেশৰ আন ৰাজ্যৰ সমহাৰত বৃদ্ধি কৰাটো নিতান্তই প্রয়োজন আছিল যদিও অসম চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে ৬৩ লাখ এমজি এনৰেগা শ্রমিকৰ দৈনিক মজুৰিৰ হাৰ মাথোঁ ৩.৯৩ শতাংশ হাৰতহে বৃদ্ধি কৰিছে। এমজি এনৰেগাৰ শ্ৰমিকৰ প্ৰতি অসম চৰকাৰৰ চূড়ান্ত উদাসীনতাৰ বিপৰীতে ৰাজস্থানত দেশৰ ভিতৰতে সৰ্বাধিক ১০.৩৯ শতাংশ হাৰত শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হৈছে। অর্থাৎ ২০২২-২৩ বিত্তীয় বৰ্ষত শ্রমিকৰ দৈনিক মজুৰি ২৩১ টকাৰ বিপৰীতে আগন্তুক বিত্তীয় বৰ্ষত এই হাৰ ২৫৫ টকালৈ বৃদ্ধি পাব।

ইফালে, বিহাৰ আৰু ঝাৰখণ্ড চৰকাৰে ৰাজ্য দুখনত শ্ৰমিকৰ মজুৰি দ্বিতীয় সৰ্বাধিক আঠ শতাংশ হাৰত বৃদ্ধিত অনুমোদন জনাইছে। আকৌ কর্ণাটক, অন্ধ্রপ্রদেশ আৰু তেলেংগানাতো শ্রমিকৰ মজুৰি আগন্তুক ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ১০ শতাংশ হাৰত বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিৰ ফলত কৰ্ণাটকৰ শ্রমিক দৈনিক ৩৪৯ টকাকৈ মজুৰি লাভ কৰিব।

ইফালে, ক্ষুদ্র ৰাজ্যসমূহৰ ভিতৰত গোৱাত সর্বাধিক ১০.৬ শতাংশ হাৰত মজুৰি বৃদ্ধি কৰা হৈছে। গোৱাত পূর্বে শ্ৰমিকৰ দৈনিক মজুৰিৰ হাৰ আছিল ৩২২ টকা। ১০.৬ শতাংশ হাৰত বৃদ্ধিৰ সূত্ৰে ৰাজ্যখন শ্রমিকৰ দৈনিক মজুৰিৰ হাৰ ৩৫৬ টকালৈ বৃদ্ধি পাব। উল্লেখ্য যে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত কেন্দ্ৰই পূৰ্বৰ চাৰি বছৰৰ তুলনাত ১৭.৮ শতাংশ হাৰত এনৰেগালৈ আবণ্টিত ধনৰ পৰিমাণ হ্ৰাস কৰি ৬০ হেজাৰ কোটি টকা আবণ্টন দিছিল।

পুঁজি আৱণ্টনৰ হাৰ হ্ৰাস পোৱাৰ সূত্ৰে ৰাষ্ট্ৰজুৰি এমজি এনৰেগাৰ অধীনত কাম কৰা শ্ৰমিকসকলে তেনেই নিম্ন হাৰৰ মজুৰিৰে কাম কৰিবলৈ বাধ্য হৈছিল। কেন্দ্ৰীয় চৰকাৰে দেশৰ আন কে’বাখনো বৃহৎ ৰাজ্যত অধিক হাৰত মজুৰি বৃদ্ধিত অনুমোদন জনোৱাৰ বিপৰীতে অসমৰ এমজি এনৰেগা শ্ৰমিকসকলৰ মজুৰিৰ হাৰ তেনেই নিম্ন পৰিমাণতহে বৃদ্ধি কৰাৰ বিষয়টোক লৈ অসন্তুষ্টিৰ সৃষ্টি হৈছে।

Exit mobile version