Manash Borah Quits Congress: কংগ্ৰেছত অব্যাহত গৰাখহনীয়া

একেদিনাই এপিচিচিৰ চাৰি নেতাৰ দলত্যাগ, এপিচিচিৰ সাধাৰণ সম্পাদক মানস বৰা সহ চাৰি নেতাই দল এৰিলে

manash bora

Manash Borah Quits Congress:

কংগ্ৰেছত পুনৰ মোক্ষম আঘাত ৷ ইজনৰ পিছত সিজনকৈ প্ৰদেশ বা জিলা পৰ্যায়ৰ বহু সংখ্যৰ দলীয় নেতাই দলৰ পৰা পদত্যাগ কৰাৰ পিচত আজি দুপৰীয়া কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে মানস বৰাৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মানস বৰাই ইতিমধ্যে এআইচিচিৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বুলি সদৰি কৰে যুৱ নেতাজনে ৷

উল্লেখ্য যে, ২০১৪ৰ লোকসভা নিৰ্বাচনত গুৱাহাটীৰ প্ৰাৰ্থী আছিল মানস বৰা। বৰা এপিচিচি জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ ৷

পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মানস বৰাই কয় “দলে আসন্ন লোকসভা নিৰ্বাচনত আমাক যথোচিতভাৱে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷

উল্লেখ্য যে,ইয়াৰ পূৰ্বে পুৱাভাগত অসম প্রদেশ কংগ্ৰেছত প্রাথমিক সদস্য পদ তথা সম্পাদক পদ ত্যাগ কৰিছিল মুখপাত্ৰ গৌৰৱ ছোমানিয়ে ৷

একেদৰে ৰাজ্যিক কংগ্ৰেছৰ একাধিকবাৰ মুখপাত্ৰৰ দায়িতত থকা জ্যেষ্ঠ নেতা কিশোৰ ভট্টাচাৰ্যও আজি কংগ্ৰেছ দল ত্যাগ কৰে ৷ ভট্টাচাৰ্য যোৱাটো বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্ব্বীতা কৰিছিল কমলপুৰত ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত শৰৎ বৰকটকীৰ পুত্ৰ কংগ্ৰেছ নেতা অনুজ বৰকটকীয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে ৷

Exit mobile version