Theft in Beltala:মহানগৰীৰ বেলতলাত চোৰে চলালে সন্ত্ৰাস

চোৰৰ প্ৰহাৰত আহত চকীদাৰ

theft

Theft in Beltala:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই চোৰে ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে চুৰিকাণ্ড ৷ কি আবাস ,কি ব্যবসায়িক প্ৰতিষ্ঠান ,ধৰ্মীয় অনুষ্ঠান ৷ সকলোতে চোৰে চলাই গৈছে চাফাই অভিযান ৷

যোৱা নিশা মহানগৰীৰ বেলতলাৰ মনোৰঞ্জন এপার্টমেন্টত চোৰে চলালে সন্ত্ৰাস ৷ এপার্টমেন্টটোৰ চতুৰ্থ মহলাৰ কল্যাণ কুমাৰ গগৈৰ ঘৰত চোৰে লুটপাট চলাই লুটি কৰি নগদ ধনসহ বহুবোৰ সামগ্ৰী ৷

আনকি চোৰে এপার্টমেন্টটোৰ চকীদাৰ জনক ৰডেৰে প্ৰহাৰ কৰে ৷ ইতিমধ্যে আহত চকীদাৰ টাৰ্জান ব্ৰহ্মত ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ আনহাতে দিছপুৰ আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত

উল্লেখ্য যে,চোৰৰ চাফাই অভিযানৰ সকলো দৃশ্য বন্দী হয় এপার্টমেন্টটোৰ চৌহদৰ চিচিটিভি কেমেৰাত ৷ চোৰৰ ধাৰাবাহিক সন্ত্ৰাসক লৈ সন্ত্ৰস্ত হৈ পৰিছে মহানগৰবাসী ৷ ৰাইজৰ প্ৰশ্ন কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা কেতিয়া সাৰ পাব মহানগৰ আৰক্ষী ৷

Exit mobile version