A Cow Is worth Rs 40 Crore:গৰু নহয়, কৃষকৰ বাবে স্বর্ণ এটা গৰুৰ মূল্য ৪০ কোটি টকা

cow

A Cow Is worth Rs 40 Crore:

ভাৰতত গৰুক ‘মাতৃ’ৰ দৰে গণ্য কৰা হয়। হিন্দু ধর্মত বিভিন্ন উৎসৱ-পার্বণত গো-পূজা কৰা হয়। আয়র্বেদত গাই গৰুৰ দুগ্ধক অমৃত আখ্যা দিয়া হৈছে। ভাৰতত দেশী গৰুৰ বহু মহিমা আছে। গ্রামাঞ্চলত বহু লোকে নিজৰ ঘৰত গো-পালন কৰে। নগৰ-চহৰতো বহুতে গো-শালা খুলি গৰুৰ প্রতিপালন কৰা দেখা যায়। দুগ্ধ উৎপাদনৰ লগতে কৃষিকৰ্মৰ বাবেও মানুহে গো-পালন কৰি আহিছে। গৰুৰ বিভিন্ন প্রজাতি আছে। দেশী প্রজাতিৰ লগতে বহু গোপালকে বিদেশী আৰু উন্নত প্রজাতিৰ গো-পালন কৰে ।

কিন্তু আপুনি বাৰু বিশ্বৰ সবাতোকৈ দামী অর্থাৎ অধিক মূল্যৰ গৰুৰ কথা জানে নে? এটা গৰুৰ মূল্য বাৰু কিমান হ’ব পাৰে? এটা গৰুৰ মূল্য কে’বা কোটি টকা হোৱাৰ কথা কল্পনা কৰিব পাৰিব নে? বিশ্বৰ সবাতোকৈ অধিক মূল্যৰ গৰুটোৰ কথা জানিবলৈ মন নাযায় নে?

তেন্তে আহক আজি বিশ্বৰ সবাতোকৈ দামী গৰুৰ কথা আলোচনা কৰো। এই গৰুটোৰ মূল্যৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। পশু চিকিৎসক বিজ্ঞানীৰ মতে, এই প্রজাতিৰ গৰু ভাৰতত্ত্ব অংগ’ল মবেশিয়’ প্রজাতিৰ বংশধৰ। এই প্রজাতিৰ গৰু অতি শক্তিশালী আৰু দীর্ঘজীৱী হয়।

এই প্রজাতিৰ গৰুৰ আন এক গুরুত্বপূর্ণ বৈশিষ্ট্য হ’ল ই পৰিবেশ পৰিস্থিতিৰ স’তে নিজক খাপ খোৱাই ল’ব পাৰে। এই প্ৰজাতিৰ গৰু প্ৰথমবাৰ ১৮৬৮ বর্ষত জাহাজেৰে ব্রাজিললৈ প্ৰেৰণ কৰা হৈছিল। অংগ’য়া প্ৰজাতিৰ এই গৰুৰ সবাতোকৈ উল্লেখনীয় বৈশিষ্ট্য হৈছে এই গৰুৱে অত্যধিক তাপমাত্ৰাৰ পৰিবেশতো খাপ খাই বাস কৰিব পাৰে ।

এই গৰুৰ মেটাবলিজম যথেষ্ট উন্নত। আন গৰুৰ দবে এই প্ৰজাতিৰ গৰুৰ মাজত স্বাস্থ্যজনিত সমস্যা যেনে ৰোগ- ব্যাধিৰ প্রকোপো অতি কম দেখা যায়। তদুপৰি এইবিধ প্রজাতিৰ গৰুৰ মাজত ইনফেকচনৰ সমস্যাও বিৰল । ব্রাজিল এখন অতি উষ্ণ দেশ। সেয়েহে ব্রাজিলৰ গো-পালকে অংগ’য়া প্রজাতিৰ গৰু প্রতিপালনত অগ্রাধিকাৰ দি আহিছে। অৱশ্যে এনেবোৰ বৈশিষ্ট্যৰ বাবে এই প্রজাতিৰ গৰুৰ মূল্য বিশ্বৰ ভিতৰতে সর্বাধিক হয়।

আপোনাক যদি কোনোবাই প্রশ্ন কৰে যে বিশ্বৰ সৰ্বাধিক মূল্যৰ গৰু এটাৰ দাম কিমান হ’ব পাৰে, তেতিয়া স্বাভাবিকতে আপোনাৰ উত্তৰ হ’ব এক লাখ বা ১০ লাখ,কোনোবাই হয়তো কব খুব বেছি এক কোটি টকা।

কিন্তু অন্ধ্র প্রদেশৰ নেল্লুৰ জিলাত অ’গয়া প্রজাতিৰ এটা গৰু আছে আৰু ইয়াৰ মূল্য নির্ধাৰণ কৰা হৈছে ৪০ কোটি টকা। হয়, অবিশ্বাস্য যেন লাগিলেও সত্য। এটা গৰুৰ মূল্য ৪০ কোটি টকা। অত্যধিক দুগ্ধ উৎপাদনৰ বাবে এই প্রজাতিৰ গৰু বিখ্যাত।

তথ্য অনুসৰি, ব্রাজিলত এই প্রজাতিৰ গৰু সর্বাধিক আছে। পৰিৱেশৰ স’তে নিজকে খাপ খোৱাই প্রতিকূল পৰিস্থিতিতো কোনো ৰোগ সংক্রমণ অবিহনে জীৱন যাপন কৰিবলৈ সক্ষম এইবিধ প্রজাতিৰ গৰু অতি মূল্যৱান হিচাপে বিবেচিত হৈছে। ব্রাজিলত এই প্রজাতিৰ এটা গৰুৰ মূল্য প্রায় ৪.৮ নিযুত মার্কিন ডলাৰ আৰু ভাৰতীয় মুদ্রাত হ’ব ৪০ কোটি টকা।

ভাৰতৰ অন্ধ্র প্রদেশৰ নেল্লৰত আছে এই প্রজাতিৰ অতি মূল্যৱান গৰু। নেল্লুৰলৈ অহা পর্যটকৰ বাবেও সম্প্রতি বিশ্বৰ মূল্যৰ এই প্রজাতিৰ গৰু এক আকর্ষণৰ কেন্দ্রত পৰিণত হৈছে ৷

Exit mobile version