Misconceptions About Children’s Shaving:শিশুৰ মুণ্ডনৰ ভুল ধাৰণা

WhatsApp Image 2024 04 02 at 7.11.09 PM3

Misconceptions About Children’s Shaving:

জন্মৰ পাছৰ এটা নির্দিষ্ট সময়ত শিশুৰ চুলি খুৰাই দিলে আৰু ভালদৰে চুলি গজে বুলি বহুতেই বিশ্বাস কৰে।

আমাৰ দেশত এইদৰে চুলি খুৰোৱা কাৰ্য এক প্রচলিত প্রথা। বহুতেই শিশুৰ বয়স ১৮ মাহ হওঁতে জন্মচুলি খুৰাই দিয়াত বিশ্বাস কৰে। ইয়াৰ ফলত নতুনকৈ যি
চুলি গজিব, সেয়া অধিক ঘন আৰু স্বাস্থ্যোজ্জ্বল হ’ব বুলি ধাৰণা কৰে। হিন্দু শাস্ত্ৰত শিশুৰ মূৰৰ চুলি খুৰোৱা এই প্রথাক মুণ্ডন বুলি কোৱা হয়।

এতিয়া প্রশ্ন হ’ল, এইদৰে চুলি খুৰোৱাৰ স’তে ভালদৰে চুলি গজাৰ কি সম্পৰ্ক আছে? বিজ্ঞানে অৱশ্যে তেনে কোনো কথা কোৱা নাই। জন্মতে শিশুৰ মূৰত যি চুলি থাকে, সেয়া সচৰাচৰ পাতল আৰু নৰম। এটা বয়সত এই চুলি স্বাভাৱিকভাৱেই সৰি নতুন চুলি গজে। যিদৰে শিশুৰ গাখীৰ দাঁত সৰি নতুন দাঁত গজে। পৰিণত চুলি অধিক শকত হয়। কাৰ মূৰত কেনে চুলি থাকিব সেয়া ফলিকলৰ ওপৰতহে নিৰ্ভৰ কৰে আৰু আমি সকলোৱেই নির্দিষ্ট সংখ্যক ফলিকল লৈয়ে জন্মগ্রহণ কৰিছো। মূৰৰ চুলি খুৰালেও এই ফলকলৰ সংখ্যা নকমে।

বিজ্ঞানৰ মতে, চুলি ঘন হ’ব নে পাতল সেয়া জিনৰ ওপৰতে নিৰ্ভৰ কৰে। সেয়ে ভাল ধন চুলিৰ আশাত শিশুটিক ঘনাই টকলা কৰাটো প্ৰকৃততে অর্থহীন। টকলা কৰাৰ পাছত নতুনকৈ গজা চুলিৰ গুৰি শকত হোৱাৰ বাবে বেছি চুলি গজা বুলি ধাৰণা হয়। আচলতে সেয়া একেবাৰে সম্ভৱ নহয়।

Exit mobile version