Country Has Changed Its Election Campaign Strategy:দেশত সলনি হৈছে নিৰ্বাচনৰ প্ৰচাৰ কৌশল

অনলাইন-ডিজিটেল প্ৰচাৰত গুৰুত্ব ৰাজনৈতিক দলৰ

SOCIAL MEDIA

Country Has Changed Its Election Campaign Strategy:

তথ্য প্রযুক্তিৰ প্ৰসাৰ আৰু সামাজিক মাধ্যমৰ বিপুল জনপ্রিয়তাৰ কাৰণত ভাৰতত নিৰ্বাচনত প্ৰচাৰ কৌশল সলনি হ’বলৈ ধৰিছে। লোকসভাৰ আসন্ন নির্বাচনৰ প্ৰচাৰত প্ৰায়সংখ্যক ৰাজনৈতিক দলে পৰম্পৰাগত প্ৰচাৰ পদ্ধতিৰ পৰিৱৰ্তে অগ্রাধিকাৰ দিছে অনলাইন আৰু ডিজিটেল মাধ্যমক

প্রায়বোৰ ৰাজনৈতিক দলে লোকসভা নির্বাচনৰ বাবে এইবাৰ অনলাইনত বিভিন্ন কনটেন্ট, ৰীল, চুটি ভিডিঅ’ আৰু হোৱাটছএপ মেছেজ প্রচাৰত অধিক গুৰুত্ব দিয়া প্রত্যক্ষ হৈছে ছপা মাধ্যমত ৷ পৰম্পৰাগত নির্বাচনী প্রচাৰৰ পৰিৱৰ্তে লোকসভাৰ এইবাৰৰ নিৰ্বাচনত ৰাজনৈতিক দল তথা নেতাই ডিজিটেল মাধ্যমৰ লগতে সামাজিক মাধ্যমক অগ্রাধিকাৰ দিছে।

পশ্চিমবংগৰ দৰে ৰাজ্যত পূর্বে নির্বাচনী প্রচাৰত দেৱাল লিখনে মুখ্য ভূমিকা গ্রহণ কৰিছিল। কিন্তু এইবাৰৰ লোকসভাৰ নিৰ্বাচনৰ প্রচাৰত ৰাজ্যখনত দেৱাল লিখনৰ পৰিৱৰ্তে ৰাজনৈতিক দলসমূহে ফ্লেক্স, বেনাৰৰ লগতে সামাজিক মাধ্যমক বিশেষ গুৰুত্ব দিছে।

ৰাজনৈতিক নেতাই আসন্ন নির্বাচনত প্ৰচাৰৰ ক্ষেত্রত যুৱ প্রজন্ম আৰু মহিলাক আকর্ষণ কৰিবলৈ নতুন কৌশল অৱলম্বন কৰিছে। ইয়াৰ বাবে একাংশ ৰাজনৈতিক দলে নেতাৰ ফটো,দলৰ প্রতীক, নির্বাচনী শ্ল’গান আদি সমৃদ্ধ টি ছার্ট, শাড়ী, কুর্তা আদি তৈয়াৰ কৰি ৰাইজৰ মাজত বিতৰণৰ ব্যৱস্থা কৰিছে।

প্ৰায়বোৰ ৰাজনৈতিক দলে আসন্ন নির্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত জনপ্রিয় ইউটিউবাৰ আৰু অন্যান্য ডিজিটেল কনটেন্ট ক্রিয়েটৰৰ জৰিয়তেও বিভিন্ন নির্বাচনী প্রচাৰমূলক ভিডিঅ’ তৈয়াৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰাইছে। এক্স, ফে’চবুক, ইনস্টাগ্রাম আদিতো ৰাজনৈতিক নেতাই চুটি ভিডিঅ’ তৈয়াৰ কৰি নিজৰ প্ৰচাৰ চলাইছে ৷

Exit mobile version