IMD Warns Of Heatwave Spells Lasting 10-20 Days In April-June:প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত নির্বাচনলৈও সংশয় !

জুনলৈ তিনিমাহ ধৰি প্ৰচণ্ড গৰমে বিপন্ন কৰিব জনজীৱন, বতৰ বিজ্ঞানৰ সতর্কবাণীৰ পাছতে উদ্বিগ্ন নির্বাচন আয়োগ, ৰাজ্য চৰকাৰলৈ মোকাবিলাৰ বাবে সাজু হ'বলৈ নিৰ্দেশ, পূৰ্বৰ চাৰি-আঠদিনৰ পৰিৱৰ্তে এইবাৰ গৰমে থিতাপি ল'ব ১০ৰ পৰা ২০ দিনলৈকে

imd

IMD Warns Of Heatwave Spells Lasting 10-20 Days In April-June:

খেয়ালি প্রকৃতিৰ ৰুদ্ৰ ৰূপত ৰাজনৈতিক নেতাসকলৰ বাবে এইবাৰ সুখপ্রদ নহ’ব নির্বাচনী প্ৰচাৰ অভিযান। প্রায় প্রতিটো দিনতে বতৰৰ বিভীষিকাই প্রভাৱ পেলাব নির্বাচনী প্ৰচাৰ অভিযানত প্ৰচাৰ বিঘ্নিত কৰাৰ সমান্তৰালকৈ পৰৱৰ্তী দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্রচণ্ড গ্রীষ্ম প্রৱাহে জোলোকা জোলোকে পানী খুৱাব ৰাজনৈতিক নেতা, দলীয় প্রার্থীসকলক।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্রই শেহতীয়াকৈ দিয়া এক সতর্কবাণী অনুসৰি কেৱল অসমে নহয়, সমগ্র দেশজুৰি চলিত এপ্ৰিলৰ পৰা অহা জুনলৈকে অব্যাহত থাকিব অস্বাভাবিক গ্রীষ্ম প্ৰৱাহ। প্রচণ্ড ৰ’দৰ বাবে ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হ’ব সমগ্র দেশতে। অহা ব’হাগ বিহুলৈকে অসমত মাজে মাজে অব্যাহত থাকিবলগীয়া বৰষুণৰ বাবে গৰমৰ প্রকোপ তুলনামূলকভাবে কম থাকিব যদিও বিহুৰ পাছতে পাৰাস্তম্ভই দৈনিক অভিলেখ সৃষ্টি কৰাৰ পূৰ্ণসম্ভাবনা আছে ৷

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্র (আইএমডি)ই প্রকাশ কৰা তথ্য মতে, সাতটাকৈ পর্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নির্বাচন চলি থকাৰ সময়ত অর্থাৎ পহিলা জুনলৈকে সমগ্র দেশতে সহিব নোৱাৰা গৰমে দহিব সৰ্বসাধাৰণ ৰাইজক। গৰমৰ প্রকোপত দেশজুৰি খোৱাপানীৰ সংকটৰ লগতে বিদ্যুতৰ ব্যাপক নাটনি ঘটাৰ আশংকা আছে। এইবাৰ আনবাৰৰ তুলনাত গৰমৰ প্ৰকোপ হ’ব সম্পূর্ণ পৃথক। আইএমডিয় প্রকাশ কৰা তথ্য মতে, সাধাৰণতে দিনৰ ভাগত গৰমে দহিলেও নিশাৰ ভাগত পূর্বে তাপমাত্রা হ্রাস পাইছিল যদিও এইবাৰ প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণেৰে দিনৰ সমানেই নিশাৰ ভাগতো অব্যাহত থাকিব গৰমৰ প্রকোপ ৷

চলিত এপ্ৰিলত উত্তৰ-পূৰ্বাঞ্চলক বাদ দি দেশৰ আন সকলো প্রান্ততে গৰমে ইমানে ভয়াৱহ ৰূপ ধাৰণ কৰিব যে প্ৰকৃতিয়ে পৰম্পৰাগত ধাৰাবাহিকতাও সলনি কৰিব। পূর্বে প্রচণ্ড গৰমৰ মাত্রা একেবাহে চাৰিৰ পৰা আঠ দিনলৈকে অব্যাহত থকাৰ পাছত তুলনামূলকভারে তাপমাত্রা নিম্নগামী হৈছিল যদিও এইবাৰ সমগ্ৰ দেশতে উচ্চ হাৰৰ তাপমাত্রা একেলেথাৰিয়ে ১০ৰ পৰা ২০ দিন পর্যন্ত অব্যাহত থাকিব।

মধ্য আৰু উত্তৰ পশ্চিম ভাৰতত গৰমৰ প্ৰকোপে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব। বিশেষকৈ ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, কর্ণাটক, অন্ধ্র প্রদেশ, ওড়িছা আৰু পশ্চিমবংগত সহিব নোৱাৰা গ্রীষ্ম প্রৱাহে দহিব সর্বসাধাৰণক।

অসমতো অহা পহিলা জুন পর্যন্ত তাপমাত্ৰাৰ হাৰ স্বাভাৱিক হাৰতকৈ কে’বাগুণে বৃদ্ধি পাব। আইএমডিৰ তথ্য মতে অসমত এই দুমাহত তাপমাত্রা স্বাভাৱিক হাৰতকৈ ৩৫ৰ পৰা ৪৫ শতাংশ পর্যন্ত বৃদ্ধি পাব।

আইএমডিয়ে এপ্ৰিলৰ পৰা জুনলৈকে সমগ্র দেশকে প্রচণ্ড গৰমে দহিব বুলি সতৰ্ক কৰি দিয়াৰ পাছতে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ লগতে কেন্দ্ৰীয় চৰকাৰেও গ্ৰহণ কৰিছে কেতবোৰ আগতীয়া সতর্কতামূলক ব্যৱস্থা। কেন্দ্রীয় ভূ-বিজ্ঞান দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আইএমডিএৰ সতর্কবাণী প্রসংগত কয় যে পৰৱৰ্তী তিনিমাহ সমগ্র দেশতে প্রচণ্ড গ্রীষ্ম প্রবাহে জনজীৱন স্তব্ধ কৰিব বুলি আইএমডিয়ে দিয়া সতর্কবাণীক লৈ ইতিমধ্যে বিষয়টো গুৰুত্ব সহকাৰে লৈছে।

এই ক্ষেত্ৰত সাঙোৰ খাই থকা সকলো ৰাজ্য চৰকাৰৰ লগতে সংশ্লিষ্ট সকলো পক্ষই ইতিমধ্যে গৰমৰ মোকাবিলা কৰিবলৈ যাৱতীয় প্রস্তুতি আৰম্ভ কৰিছে। যিহেতু ইয়াৰ পূৰ্বেও প্রতি বছৰে গৰমত বহু লোকে প্রাণ হেৰুৱায় সেয়েহে এইবাৰ আগতীয়া সতর্কতামূলক ব্যৱস্থা অধিক সম্প্ৰসাৰিত ৰূপত কৰা হৈছে। শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুর্যোগ ব্যবস্থাপনা বিভাগৰ জৰিয়তে এক পৰিকল্পনা প্রস্তুত কৰি উলিয়াব বুলিও তেওঁ সদৰী কৰে।

কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুবে এই কথাও কয় যে যিহেতু সমগ্র দেশজুৰি নিৰ্বাচনী প্রক্রিয়া অব্যাহত থাকিব সেয়েহে নির্বাচনী সমাৱেশ তথা ভোটকেন্দ্রলৈ ভোট দিবলৈ অহাৰ সময়ত যাতে কোনো লোকে গৰমৰ বাবে শাৰীৰিক বিসংগতিৰ সম্মুখীন হ’বলগীয়া নহয় তাৰ প্ৰতি চৰকাৰে নজৰ দিব। আইএমডিয়ে এই বুলিও সকীয়াই দিছে যে অভাৱনীয় হাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত দেশৰ কে’বাখনো মহানগৰত এইবাৰ পানীৰ সংকট হোৱাটো নিশ্চিত।

বিশেষকৈ বাংগালুৰু আৰু হায়দৰাবাদত পানীৰ সংকটৰ বাবে সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিব লাগিব বুলি সতর্ক কৰি দিয়া হৈছে। ইফালে, গ্রীষ্ম প্রবাহে খেতিপথাৰত কুপ্ৰভাৱ পেলাব বুলিও বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে। কেৱল সেয়াই নহয়, বিদ্যুৎ সংকটৰ বাবেও আগন্তুক দিনকেইটাত দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যই হাবাথুৰি খাব লাগিব বুলিও আইএমডিয়ে সকীয়াই দিছে।

প্রচণ্ড গৰমৰ বাবে এইবাৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশৰূপে অনুষ্ঠিত হ’বলগীয়া জন সমাৱেশসমূহত দলীয় ৰাইজৰ উপস্থিতি সেৰেঙা হোৱাৰ সম্ভাৱনা প্রকট হৈছে। প্রসংগত উল্লেখ্য যে যোৱা বছৰ মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠানত অংশ ল’বলৈ খাৰঘৰ অঞ্চলত সমবেত হোৱা বৃহৎ সংখ্যক লোকৰ মাজত প্ৰচণ্ড গৰমে আতংকৰ সৃষ্টি কৰিছিল।

প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ বাবে প্রায় ৩০ জনকৈ লোকৰ মৃত্যু ঘটিছিল উক্ত সমাবেশত। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হৈ দুই বজাত অন্ত পৰা এই বঁটা প্রদান অনুষ্ঠানটোত সমবেত হৈছিল লক্ষাধিক লোক। সেই সময়ছোৱাত অঞ্চলটোত তাপমাত্ৰাৰ হাৰে স্পৰ্শ কৰিছিল ৩৮ ডিগ্রী চেলচিয়াছলৈ। ফলত হেঁচা-ঠেলাৰ সমান্তৰালকৈ প্ৰচণ্ড গৰমৰ বাবে এই বৃহৎ সংখ্যক লোকৰ মৃত্যু ঘটিছিল।

চলিত নির্বাচনী প্ৰক্ৰিয়াৰ প্ৰচাৰ অব্যাহত থকাৰ সময়ত সমগ্র দেশজুৰি পাৰাস্তম্ভই অভিলেখ সৃষ্টি কৰি ঊর্ধ্বগামী হোৱাৰ ইংগিত স্পষ্ট হোৱাৰ সূত্রে স্বাভাৱিকতে প্ৰকৃতিৰ এই ৰুদ্ৰ ৰূপক লৈ শংকিত হৈ পৰিছে ৰাজনৈতিক দলৰ নেতা, প্রার্থীসকল। প্রচণ্ড ৰ’দ-গমকে ধৰি প্ৰকৃতিৰ বিভীষিকাময় পৰিবেশৰ মাজত নির্বাচনী প্রচাৰ সভা অনুষ্ঠিত কৰিলে সংঘটিত হ’ব পৰা বিপৰ্যয়ৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰত আগতীয়াকৈ সতর্কতা অৱলম্বন কৰিবলৈ ৰাষ্ট্ৰীয় দুর্যোগ ব্যবস্থাপনা প্রাধিকাৰী (এনডিএমএ)ৰ সদস্য সচিব কমল কিশোৰে ইতিমধ্যে নির্বাচন আয়োগলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত স্পষ্টভাৱে কোৱা হৈছে যে প্রচণ্ড গৰমৰ বাবে ৰাজনৈতিক দলসমূহে জধে মধে নির্বাচনী সভা অনুষ্ঠিত কৰিলে সৰ্বসাধাৰণ ৰাইজে নিকাৰ ভুঞ্জিব লাগিব। গতিকে ৰাজনৈতিক দলসমূহক এই ক্ষেত্রত প্রয়োজনীয় নীতি-নির্দেশনা দিবলৈ এনডিএমএই অনুৰোধ জনাইছে। সমান্তৰালকৈ প্ৰাধিকাৰীয়ে প্ৰতিখন ৰাজ্য চৰকাৰলৈও এই ক্ষেত্ৰত সাৱধান বাণী প্ৰেৰণ কৰিছে।

ইফালে, বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রণালয়েও জৰুৰীভাৱে আজি দেশৰ নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰি অনুৰোধ জনাইছে যে ৰাজনৈতিক দলসমূহে অনুষ্ঠিত কৰিবলগীয়া নির্বাচনী সমাৱেশসমূহত প্রয়োজনীয় কেতবোৰ দিশ মানি চলাটো বাধ্যতামূলক কৰা হয়। মুঠতে গ্রীষ্ম প্রৱাহক লৈ থৰকা-ছুটি হেৰুৱাইছে কেন্দ্ৰীয় চৰকাৰকে ধৰি বিভিন্ন চৰকাৰী সংস্থাসমূহে।

প্রকৃতিয়ে পৰৱৰ্তী তিনি মাহত সমগ্র দেশজুৰি এইবাৰ ৰুদ্রমূর্তি ধাৰণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা আইএমডিএয়ে এই বুলিও উল্লেখ কৰিছে যে এই তিনিমাহৰ সময়ছোৱাত সমগ্র দেশতে দিন আৰু ৰাতিৰ উষ্ণতা স্বাভাৱিক হাৰতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই ক্ষেত্রত আন ৰাজ্যৰ তুলনাত সকাহ পাব অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলে। কিয়নো গৰমে দহিলেও অঞ্চলটোত পাতলীয়াকৈ অঞ্চলভেদে বৰষুণ আৰু কম বেগী বতাহে অঞ্চলবাসীক কিছু পৰিমাণে সকাহ দিব।

কিন্তু সামগ্রিকভাবে অসমতো অব্যাহত থাকিব গৰমৰ প্রকোপ। অসমকে ধৰি সমগ্র দেশতে ইতিমধ্যে আৰম্ভ হোৱা গ্রীষ্ম প্ৰৱাহে এইবাৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত ৰাজনৈতিক দলসমূহক অস্বস্তিৰ গৰাহলৈ ঠেলি দিয়াটো নিশ্চিত।

Exit mobile version