Notification For the Third Phase of Lok Sabha Elections Will be issued on 12 April:তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হ’ব ১২ এপ্ৰিলত

গুৱাহাটীৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি নির্বাচন আয়োগৰ, গুৱাহাটীৰ পৰ্যৱেক্ষকৰ দায়িত্ব ভাৰতীয় ৰে'ল সেৱা বিষয়া টি জে ছিংছনক, কোকোৰাঝাৰ,ধুবুৰী আৰু বৰপেটাৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি

eci 1

Notification For the Third Phase of Lok Sabha Elections Will be issued on 12 April:

দেশৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধিসূচনাৰ পাছত তৃতীয় পৰ্যায়ৰ বাবে অধিসূচনা জাৰি হ’ব ১২ এপ্ৰিলত ৷

গুৱাহাটী,কোকোৰাঝাৰ,ধুবুৰী আৰু বৰপেটাৰ বাবে ইতিমধ্যে নিৰ্বাচন আয়োগে নিযুক্তি দিছে চাৰি পৰ্যবেক্ষকক ৷ সেই অনুসৰি গুৱাহাটীৰ পৰ্যৱেক্ষকৰ দায়িত্ব দিয়া হৈছে ভাৰতীয় ৰে’ল সেৱা বিষয়া টি জে ছিংছনক ৷ একেদৰে বৰপেটাৰ পৰ্যবেক্ষকৰ দায়িত্ব ভাৰতীয় ৰে’ল সেৱা বিষয়া কপিল মণ্ডলক ৷ কোকৰাঝাৰৰ পৰ্যৱেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় ৰে’ল সেৱা বিষয়া ভি শ্রীধৰক ৷

আনহাতে ধুবুৰীৰ পৰ্যৱেক্ষক হিচাপে দায়িত্ব দিয়া হৈছে ভাৰতীয় ৰে’ল সেৱাৰ জ্যেষ্ঠ বিষয়া কপিল কুমাৰ সিঙক ৷ তৃতীয় পৰ্যায়ৰ বাবে চাৰি সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৭ মে’ত ৷

আনহাতে ,তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ ১৩ ৰাজ্যৰ ১০৫টা সমষ্টিত ইতিমধ্যে নিৰ্বাচন আয়োগে নিযুক্তি দিছে পর্যৱেক্ষক ৷

Exit mobile version