Conflict Between Iran and Israel:ইৰান আৰু ইজৰাইলৰ মাজত অব্যাহত সংঘাত

ক্ষেপণাস্ত্র, বায়ুসেনা, নৌবাহিনী, সেনাৰ দিশৰে ইৰান-ইজৰাইলৰ কোন অধিক শক্তিশালী?, সামৰিক দিশৰ পৰা ইৰান বিশ্বৰ ১৪ সংখ্যক শক্তিশালী দেশ, ইজৰাইলৰ স্থান ১৭ সংখ্যক

iran

Conflict Between Iran and Israel:

ইৰান আৰু ইজৰাইলৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে হঠাতে ইজৰাইলত ধাৰাসাৰ ড্র’ন আক্রমণ চলালে ইৰানৰ সেনাবাহিনীয়ে। এই ঘটনাৰ পাছত ইজৰাইলেও অচিৰে প্রতিশোধ লোৱাৰ হুংকাৰ দিলে ইৰানক।
ইৰানে ক্ষেপণাস্ত্র আৰু ড্ৰনৰ মাধ্যমবে ইজৰাইলত আক্রমণ চলাব বুলি যুদ্ধ বিশেষজ্ঞসকলে ধাৰণা কৰিছে। স্থলপথৰে ইৰানে ইজৰাইলত আক্রমণ চলোৱাৰ সম্ভাৱনা সীমিত। ইজৰাইলৰে এইদৰে ইৰানে সংঘাতত লিপ্ত হোৱাৰ সময়তে প্রশ্ন উঠিছে যে ইজৰাইলক প্রত্যাহ্বান জনোৱাৰ ক্ষমতা ইৰানৰ আছে নে? ইৰান আৰু ইজৰাইলৰ কোনখন দেশ সামৰিক দিশৰ পৰা অধিক শক্তিশালী ? এই বিষয়টোৱে যুদ্ধ বিশেষজ্ঞ সকলৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে ।

তথ্য অনুসৰি, ইৰানৰ হাতত এনে ক্ষেপণাস্ত্র আছে যাৰ জৰিয়তে দুহেজাৰ কিলোমিটাৰ দূৰত্বভেদি লক্ষ্যস্থানত আঘাত হানিব পাৰি। ৱৰ্ল্ড ফায়াৰ পাৱাৰৰ তথ্য অনুসৰি ইৰান হৈছে সামৰিক দিশৰ পৰা বিশ্বৰ ১৪ সংখ্যক শক্তিশালী দেশ। আনহাতে, এই তালিকাত ইজৰাইলৰ স্থান হৈছে ১৭ সংখ্যক।

ইৰানৰ ৬,১০,০০০ আৰু ইজৰাইলৰ ১,৭০,০০০ জন সৈনিক আছে। ইৰানতকৈ ইজৰাইল প্ৰতিৰক্ষা বাজেট অধিক শক্তিশালী। একেদবে ইজৰাইলৰ বৈদেশিক মুদ্রাৰ ভাণ্ডাৰো অধিক শক্তিশালী ৷বিমান বাহিনীৰ শক্তিৰ ক্ষেত্রতো ইৰানতকৈ যথেষ্ট আগুৱাই আছে ইজৰাইল। ইৰানৰ ৫৫১ আৰু ইজৰাইলৰ ৬১২ যুঁজাৰু বিমান আছে। তদুপৰি ইজৰাইলৰ হাতত আছে বিশ্বৰ সবাতোকৈ শক্তিশালী এফ১৬ আৰু এফ৩৫ যুঁজাৰু বিমান। অৱশো ইজৰাইলতকৈ ইৰানৰ অধিক সংখ্যক টেংক আছে: ইজৰাইলৰ টেংকৰ সংখ্যা ১৩৭০ আৰু ইৰানৰ হৈছে ১৯৯৬। ইজৰাইলব ৬৫০ আৰু ইৰানৰ ৫৮০ আটিলাৰী ইউনিট আছে। ইৰানৰ ১০১ ৰণতৰী আৰু ইজৰাইলৰ ৬৭ ৰণতৰী আছে। একেদৰে ইৰানৰ ১৩ খন আৰু ইজৰাইলব পাঁচখন ছাবমেৰিন আছে। তথ্য অনুসৰি ইৰানৰ হাতত কোনো পাৰমানৱিক আস্ত্র নাই। কিন্তু ইজৰাইল হৈছে পাৰমাণবিক শক্তিসম্পন্ন দেশ। যুদ্ধ বিশেষজ্ঞৰ মতে, আঠটা সামৰিক দিশৰ দুটা ইৰানতকৈ অধিক শক্তিশালী হৈছে ইজৰাইল। বিশেষকৈ ইজৰাইল পাৰমাণৱিক শক্তিধৰ দেশ হোৱা হেতুকে ইৰানৰে সংঘাতৰ ক্ষেত্রত ই তেল আভিভৰ বাবে এক ইতিবাচক দিশ হ’ব পাৰে।

$ ইৰান-ইজৰাইলৰ সংঘাতত আন্তর্জাতিক বজাৰত বাঢ়িব পাৰে ইন্ধনৰ মূল্য?

যোৱা এক এপ্ৰিলত ইজৰাইলে ছিৰিয়াৰ ইৰানৰ দূতাবাসত আক্রমণ চলাইছিল। এই ঘটনাৰ ১২ দিন পাছত ১৩ এপ্রিলত প্ৰত্যুত্তৰ দিবলৈ ইৰানে ইজৰাইলত প্রায় তিনি শতাধিক ক্ষেপণাস্ত্ৰ আৰু ড্র’নৰে আক্ৰমণ চলাইছিল। ইৰানৰ এই পদক্ষেপৰ পাছত ইজৰাইলে শীঘ্রে প্রতিশোধ লোৱা হ’ব বুলি হুংকাৰ দিছে।

এনে পৰিস্থিতিত মধ্য প্রাচ্যত পুনৰ এখন নতুন যুদ্ধৰ সম্ভাৱনা প্ৰকট হৈছে। মধ্য প্রাচ্যৰ এই সংকটৰ সময়তে আন্তর্জাতিক তৈল বজাৰত খাৰুবা তেলৰ মূল্যবৃদ্ধিৰ সম্ভাৱনা প্রকট হৈছে। সম্প্রতি বিশ্বৰ প্রায় ২০ শতাংশ তেল সৰবৰাহৰ পথত ইৰানে ক্ষেপণাস্ত্র নিয়োগ কৰি ৰাখিছে। ইৰান আৰু ইজৰাইলৰ এই সংঘাতৰ ফলত খাৰুৱা তেলৰ সৰবৰাহ প্ৰভাৱিত হ’লে ভাৰতৰ দৰে দেশত তেলৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা আছে।

Exit mobile version