Latasil Bihu:ঘোষণা হ’ল লতাশিলৰ বিহু সম্ৰাজ্ঞী, বিহু ৰাণী, বিহু কুঁৱৰী
মহানগৰীৰ ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত গুৱাহাটী বিহু সন্মিলনীৰ দ্বাৰা অনুষ্ঠিত লতাশিলৰ বিহু সম্রাজ্ঞী, বিহু ৰাণী, বিহু কুঁৱৰী ঘোষণা হ’ল ৷ সাত গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ অন্তত বিচাৰকে ধেমাজিৰ শিৰোশ্ৰী শইকীয়াৰ শিৰত ২০২৪ৰ বিহু সম্রাজ্ঞীৰ মুকুট তুলি দিয়াৰ বিপৰীতে ডিব্ৰুগড়ৰ ঋতুপর্ণা দাসলৈ বিহু কুঁৱৰীৰ খিতাপ আৰু ধেমাজিৰ পাহাৰী বৰোগোহাঁইলৈ ২০২৪ৰ বিহু ৰাণীৰ খিতাপ প্ৰদান কৰে ৷
আনহাতে শ্রেষ্ঠ ঢুলীয়া চিৰঞ্জিব বর্মন, শ্রেষ্ঠ পেঁপুৱা যদুমণি গগৈক প্ৰদান কৰা হয় ।বিহু সম্রাজ্ঞী খিতাপ অৰ্জন কৰা শিৰোশ্ৰী শইকীয়াই লাভ কৰে নগদ ১ লাখ টকা, চলন্ত মুকুট, দহ গ্রাম সোনৰ মুদ্রা, এটা ৰেফিজেৰেটৰ, এটা ৱাছাং মেচিন, এটা এলইডি টিভি আৰু এটা কর্ম সংস্থাপন।
একেদৰে বিহু কুঁৱৰী ৰিতুপর্ণা দাসে লাভ কৰে ৩১ হাজাৰ টকা, মানপত্ৰৰ লগতে বহু আকর্ষণীয় পুৰস্কাৰ। আনহাতে বিহুৰাণী পাহাৰী বুঢ়াগোঁহায়ে লাভ কৰে ৫১ হাজাৰ টকা, মানপত্র লগতে বহু আকর্ষণীয় পুৰস্কাৰ।






























